• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ হিংসা : ‘ভাৰতে লাল কিল্লাত ৰাষ্ট্রীয় পতাকাক কৰা অপমান সহ্য নকৰে’; কঠোৰ হ’ব কেন্দ্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 28, 2021 7:41 am
India Republic Day
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৭২ সংখ্যক গণতন্ত্ৰ দিৱসৰ দিনা তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত ৰাজধানী দিল্লীত উলিওৱা কৃষকৰ ট্ৰেক্টৰ সমদলে সৃষ্টি কৰা বিক্ষিপ্ত হিংসাত্মক ঘটনাৰ সন্দৰ্ভত অৱশেষত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বুধবাৰে সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে কয় যে লাল কিল্লাত ৰাষ্ট্ৰীয় পতাকা অপমান কৰা কাৰ্য কোনো কাৰণতে দেশে সহ্য নকৰে।

Apply Now

এই কাৰ্য নিন্দাৰো অযোগ্য বুলি অভিহিত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াত জড়িত থকাসকলৰ বিৰুদ্ধে কেন্দ্ৰই কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব।

“এই কাৰ্যত জড়িত থকা আৰু প্ৰৰোচনা কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লাল কিল্লাত ৰাষ্ট্ৰীয় পতাকা অপমান কৰা কাৰ্যক ভাৰতে সহ্য নকৰে।” কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে কয়।

উল্লেখ্য যে লাল কিল্লাত সংঘটিত হিংসাত্মক ঘটনাৰ মূল মাষ্টাৰমাইণ্ড হিচাপে নাম উচ্চাৰিত হৈছে বিজেপি সাংসদ তথা অভিনেতা ছানী দেওলৰ এসময়ৰ নিৰ্বাচনী মেনেজাৰ অভিনেতা দীপ সিদ্ধুৰ নাম। দীপ সিদ্ধু বিজেপিৰে অতি ঘনিষ্ঠ বুলিও চৰ্চিত হৈছে।

সিদ্ধুৱে কৃষকসকলক লাল কিল্লাত দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ কাষত শিখসকলৰ ধৰ্মীয় পতাকা উত্তোলন কৰিবলৈ প্ৰৰোচিত কৰাৰো অভিযোগ উঠিছে।

ৰাজধানীৰ বিভিন্ন প্ৰান্তত ট্ৰেক্টৰ ৰেলীৰ দ্বাৰা বিক্ষিপ্ত হিংসাত্মক কাৰ্য সংঘটিত হোৱাৰ পিছতে কৃষক সংগঠনসমূহে দীপ সিদ্ধুৰ প্ৰতি ক্ষুদ্ধ হৈ উঠা পৰিলক্ষিত হৈছে।

ইফালে বিজেপিৰ অতি ঘনিষ্ঠ দীপ সিদ্ধুৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে অন্তৰংগ মুহূৰ্তৰ ফ’টো ভাইৰেল হোৱাৰ পিছতে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টিত বিজেপিৰো হাত আছে বুলি একাংশই দাবী কৰিছে।

আনহাতে কেন্দ্ৰীয় মন্ত্ৰী জাভেকাৰে ২৬ জানুৱাৰীৰ ৰাজধানী দিল্লীৰ হিংসাত্মক পৰিস্থিতিৰ বাবে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰি কয় যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কৃষকসকলক এনে পৰিস্থিতি সৃষ্টি কৰিবলৈ নিজৰ টুইটৰ দ্বাৰা প্ৰৰোচিত কৰিছিল।

“ৰাহুল গান্ধীয়ে কেৱল (কৃষকৰ প্ৰতিবাদ) সমৰ্থন কৰাই নহয়, ইয়াক প্ৰৰোচিতও কৰিছিল। যিটো CAAৰ সময়তো কৰা হৈছিল। তেওঁলোকে সমদলৰ কথা কৈছিল আৰু তাৰ পিছ দিনাই পথলৈ মানুহ উলাই আহিছিল। ২৬ জানুৱাৰীতো সেই একেটা ঘটনাই সংঘটিত হৈছে। তেওঁৰ টুইটটোৱে ইয়াৰ প্ৰমাণ।” কেন্দ্ৰীয় মন্ত্ৰী জাভেদকাৰে দাবী কৰি এইদৰে কয়।

ইফালে দিল্লী আৰক্ষীয়ে ট্ৰেক্টৰ ৰেলীত সংঘটিত হিংসাত্মক ঘটনাৰ বিৰুদ্ধে ২৫ খনৰো অধিক এজাহাৰ পঞ্জীয়ন কৰি এই পৰ্যন্ত ১৯ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

June 21, 2026 6:15 pm
মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

June 21, 2026 6:00 pm
গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

June 21, 2026 5:23 pm
তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

June 21, 2026 5:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

June 21, 2026 6:15 pm
মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

June 21, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd