• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিয় বিৰোধী ৰাজনৈতিক দলকহে অধিক পৰামৰ্শ দিবলৈ উঠি-পৰি লাগিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

বিজেপিক পৰাজিত কৰিবলৈ নেকি হিমন্ত বিশ্বৰ বিৰোধী ৰাজনৈতিক দলক টিপ্পনী?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 30, 2021 6:17 pm
0b3d4b66-4e9d-4dc4-a050-ce90bd302a40
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিৰোধী ৰাজনৈতিক দল বিশেষকৈ কংগ্ৰেছ, AIUDF, অসম জাতীয় পৰিষদ, আঞ্চলিক গণ মৰ্চা, ৰাইজৰ দললৈহে বেছিকৈ পৰামৰ্শ দিবলৈ আৰম্ভ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বাতৰিটোৰ আৰম্ভণিতে উল্লেখ কৰো যে ২০১৩-১৪ চনৰ পৰা কংগ্ৰেছৰ বিৰোধিতা আওপকীয়াকৈ হ’লেও কৰিবলৈ আৰম্ভ কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতে ২০১৫ চনৰ শেষৰ ফালে বিজেপিত যোগদান কৰি ২০১৬ ত শাসনৰ গাদী দখল কৰি দ্বিতীয় পৰ্যায়ৰ হ’লেও সকলো ক্ষেত্ৰতে সৰ্বে-সৰ্বা হৈ পৰিছিল মন্ত্ৰীগৰাকী।

Apply Now

ভিন্ন সময়ত ভিন্ন মত দি অহা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে কৰি অহা মন্তব্যৰ বিভিন্ন সময়ত মতবিৰোধ দেখিবলৈ পোৱা যায়।

ঠিক সেইদৰে ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে এতিয়া আওপকীয়াকৈ হ’লেও বিৰোধী ৰাজনৈতিক দলকহে যেন পৰামৰ্শৰে একপ্ৰকাৰ সমৰ্থন জনোৱা দেখিবলৈ পোৱা গৈছে।

ইপিনে, কৃষক নেতা অখিল গগৈ, অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ যদি একত্ৰিত হয় তেন্তে বিজেপিৰ বিৰুদ্ধে এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলি ছ’চিয়েল মেডিয়া নাইবা সচেতন মহলত বিষয়টো চৰ্চিত হৈছে। ঠিক সেইদৰে কংগ্ৰেছৰ মহলতো বিষয়টো চৰ্চিত হৈছে তথা তেওঁলোকেও বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত আঞ্চলিক ৰাজনৈতিক শক্তিৰ সৈতে একত্ৰিত হোৱাটো মনে-প্ৰাণে বিচাৰে।

ছ’চিয়েল মেডিয়াত হোৱা আলোচনা তথা কংগ্ৰেছৰ শিবিৰত হোৱা এই চৰ্চাকে যেন আওপকীয়াকৈ হ’লেও সমৰ্থন জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁৱো তিনিওগৰাকী গগৈলৈ আহ্বান জনাই আজি সংবাদ মাধ্যমৰ আগত কয় ‘গৌৰৱ গগৈলৈ আহ্বান অখিল গগৈ, লুৰীণজ্যোতি গগৈৰ সৈতে একত্ৰিত হওঁক। বাকী গগৈসকল আমাৰ লগত আছেই।‘

ইপিনে, কংগ্ৰেছৰ লগত একত্ৰিত নোহোৱাৰ বাবে প্ৰদ্যুৎ বৰদলৈয়ে অজাপ, ৰাইজৰ দলক বিজেপিৰ বি-টিম হিচাপে ৰাইজে গণ্য কৰিব বুলি মন্তব্য কৰিছিল।

প্ৰদ্যুৎ বৰদলৈৰ সেই মন্তব্যকো যেন একপ্ৰকাৰ সমৰ্থন জনালে প্ৰতাপী মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় ‘তেওঁলোক তিনিও যদি একেলগ নহয় তেতিয়াহ’লে বিজেপিৰ বি-টীম, টি টীম এইবোৰ বেছিকৈ ক’ব। সেয়েহে মই তেওঁলোকক অনুৰোধ কৰিম অখিল গগৈ, গৌৰৱ গগৈ, লুৰীণ গগৈ, অজিত ভুঞা, কংগ্ৰেছ আৰু AIUDF একেলগ হ’ব লাগে।‘

ইপিনে, বিৰোধী শিৱিৰত ভোট বিভাজন হ’লে বিজেপিৰহে লাভ হ’ব বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।

আনহাতে, ‘পৰামৰ্শ দিব নাপাই যদিও’ হিমন্তই পুনৰ বাৰ কয় ‘অজিত ভুঞাৰ ভাষাৰেই কওঁ সকলো একেলগ হওঁক। ইয়াতকৈ ভাল পৰামৰ্শ মোৰ পৰা তেওঁলোকে আশা কৰিব নোৱাৰে।‘

তদুপৰি, হাগ্ৰামা মহিলাৰীকো তেওঁ এই গোটসমূহৰ সৈতে একেলগ হ’বলৈ আহ্বান জনায়।

ইপিনে, আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভুঞাৰ সৈতে কথা তথা মত মিলে বুলি সদৰী কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় ‘গোটেই বিৰোধী ৰাজনৈতিক দল বিলাক একত্ৰিত হ’ব লাগে বুলি তেওঁৰ দৰে ময়ো বিচাৰো। এখন মঞ্চত আহি বিজেপিৰ লগত ৰাজনৈতিকভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব লাগে।

তাৎপযপূৰ্ণভাৱে, সংখ্যালঘু মুছলমানৰ সমৰ্থনৰে ২০২১ত বিজয় যাত্ৰা সম্ভৱ কৰি তুলিবলৈ উঠি পৰি লগা বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ ‘সবকা সাথ সবকা বিকাশ’ বক্তব্যৰো যেন বিৰোধী হিচাপে পৰিচয় দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আমি বাতৰিটোত এইবাবেই এই কথা উল্লেখ কৰিছো যে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বিভিন্ন সময়ত কৈ আহিছিল ‘মুছলমান মানেই কংগ্ৰেছ বা AIUDF  নহয়। আমি সকলোৰে লগত সকলোৰে উন্নয়ন বা বিকাশ হোৱাটো বিচাৰো। বিবেকবান মুছলমান লোকে উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিব।‘

কিন্তু বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ মতৰ বিৰুদ্ধে গৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ‘মিঞা মুছলমানে বিজেপিক ভোট কেতিয়াও নিদিয়ে। ২০১৪ চনৰ লোকসভা নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে আমাক ভোট দিয়া নাই। মিঞা মুছলমানে কংগ্ৰেছ-AIUDF ৰ মিত্ৰজোঁটক ভোট দিব।‘

ইপিনে, মিঞা-মুছলমানে কিয় বিজেপিক ভোট নিদিয়ে তাৰো বাখ্যা আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় ‘তেওঁলোক বিজেপিৰ ওপৰত বিশ্বাস নহয়। তেওঁলোকৰ নিজা এজেণ্ডা আছে। আমিতো শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম বনাব নিদিওঁ বা মিঞা কবিতা লিখিব নিদিওঁ। গতিকে তেওঁলোকে বিজেপিক কিয় ভোট দিব?’

আনহাতে, মিঞা মুছলমান অধ্যুষিত অঞ্চলত বিজেপিয়ে ‘জয়ী নহ’ব’ৰ বাবেহে প্ৰাৰ্থী থিয় কৰাব বুলি হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি লগতে কয় ‘মিঞা সভ্যতাৰ লগত নথকা এচাম লোকৰ ভোট দিয়াৰ তৃপ্তিৰ বাবেহে প্ৰাৰ্থী থাকিব।‘

বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ মন্তব্য বা বিজেপিৰ মিছনৰ বিৰুদ্ধে কিয় মন্ত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য কৰা আৰম্ভ কৰিছে সেয়া বৰ্তমানো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd