• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘নিজৰ মুনাফাৰ বাবে হিন্দু-মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিছে বিজেপিয়ে’ : এবিএমছুৰ নেতা টাইচন

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
February 4, 2021 11:39 am
ABMSU
202
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ তামুলপুৰৰ চিকনিবাৰীত ১ ফেব্ৰুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তামুলপুৰ জিলা এবিএমছু আৰু দ্বাৰকুছি আঞ্চলিক এবিএমছুৰ ষষ্ঠ দ্বিবাৰ্ষিক অধিবেশন অনুষ্ঠিত হৈ যায়।

এই উপলক্ষে বুধবাৰে পুৱাৰ ভাগত উলিওৱা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। আবেলি দুই বজাত অনুষ্ঠিত হয় মুকলি অধিবেশন। তামুলপুৰ জিলা এবিএমছুৰ সভাপতি হালিম খানৰ পৌৰাহিত্যত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্রহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা সাংবাদিক দীপক শৰ্মাই।

দীপক শৰ্মাই সংখ্যালঘু সমাজখনক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত এবিএমছুক গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ আহ্বান জনায়। সভাত আছুকে ধৰি কেইবাটাও ছাত্র সংগঠনৰ নেতা উপস্থিত থাকে।

সভাৰ অন্তত এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক টাইচন হুছেইনে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সংবাদ মাধ্যমক সম্বোধন কৰি টাইচন হুছেইনে কয় তামুলপুৰ জিলা আৰু দ্বাৰকুছি আঞ্চলিক এবিএমছুৰ ষষ্ঠ দ্বি বাৰ্ষিক অধিবেশনত হেজাৰ হেজাৰ মানুহৰ সমাগম হৈছে। এই অঞ্চলৰ বিভিন্ন জাতীয় জীৱনৰ সমস্যাক অধিবেশনত লৈ আলোচনা কৰা হৈছে।

আগন্তুক দিনত সমগ্ৰ অসমৰ জাতীয় জীৱনৰ যি সমস্যা, জাতিৰ যি সমস্যা, এই জটিল সন্ধিক্ষণত শংকৰ আজানৰ বাণী বিলাই একেলগে ঐকবদ্ধভাৱে যাতে আগুৱাই যাব পাৰি সেই বিষয়েও আলোচনা কৰা হৈছে বুলি কয় নেতাগৰাকীয়ে।

এবিএমছুয়ে পৰবৰ্তী সময়ত ছদ্মবেশী বিজেপি শক্তিৰ বিৰুদ্ধে ধৰাবাহিক ভাৱে ৰাইজক সজাগ আৰু সচেতন কৰি গণতান্ত্ৰিক সংগ্ৰাম চলাই যাব।

বিজেপিয়ে অসমীয়া জাতিক থানবান কৰি নিজৰ মুনাফা আদায় কৰাৰ বাবে হিন্দু-মুছলমানৰ মাজত সংঘাত লগাব বিচাৰে বুলি অভিযোগ কৰে ছাত্ৰ নেতাগৰাকীয়ে।

ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰাৰ কাৰণে বিজেপিয়ে যি ষড়যন্ত্ৰ ৰচিছে, ইয়াৰ বিৰুদ্ধে এবিএমছুয়ে তীব্ৰ গণতান্ত্ৰিক আন্দোলন চলাই নিব বুলিও ঘোষণা কৰে হুছেইনে।

বিটিচি অঞ্চলত সকলোৰে ভূমি অধিকাৰ নিশ্চিত কৰাৰ আহ্বান জনাইছে ছাত্ৰ নেতাগৰাকীয়ে প্ৰমোদ বড়োৱে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈও আহ্বান জনায়।

বিটিচি প্ৰধান প্ৰমোদ বড়োক আহ্বান জনাই কয় ইউপিপিএলৰ কেন্দ্ৰীয় পৰ্যায়ৰ কেইগৰাকীমান বিষয়-ববীয়াই এবিএমছুক বিভাজন কৰাৰ যি ষড়যন্ত্ৰ কৰিছে সেইসকল নেতাক প্ৰমোদ বড়োৱে নাকী লগাব পৰা নাই কিয় বুলিও প্ৰশ্ন কৰে প্ৰমোদ বড়োক।

Recent News

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd