• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাক্সা জিলাৰ নাগ্ৰীজুলিত সৌৰশক্তি চালিত সমূহীয়া বৈদ্যুতিক বেৰৰ শুভ উদ্বোধন আৰু হস্তান্তৰ অনুষ্ঠান

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
February 6, 2021 7:18 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে বাক্সা জিলাৰ নাগ্ৰীজুলি অঞ্চলত হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে ভাৰত-ভূটান সীমান্তৰ পূব গয়বাৰীৰ পৰা নাগ্ৰীজুলিৰ পিপলনীলৈকে ১৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৈদ্যুতিক বেৰৰ শুভাৰম্ভ কৰা হয়।

এই উপলক্ষে নাগ্ৰীজুলি আৰক্ষী চকী চৌহদত বৃহস্পতিবাৰে দিনত এখন সভা অনুষ্ঠিত হয়। অৰণ্যকৰ কৰ্মকৰ্তা জয়ন্ত পাঠকে আঁত ধৰা সভাত তামূলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰী, বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী।সদস্য ৰঞ্জিত বসুমতাৰী, বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ন দাস, বাক্সা জিলা বন সংমণ্ডল বিষয়া দিপুল বৰ্মন, অৰণ্যকৰ সঞ্চালক ডঃ বিভৱ তালুকদাৰ আৰু বিষয়-ববীয়া উপস্থিত থাকে।

Apply Now

সভাত উপস্থিত থাকি আৰণ্যকৰ সঞ্চালক ডঃ বিভৱ তালুকদাৰে ভাষণ ৰাখি কয় – বিগত ৩২ বছৰে বন্যপ্ৰাণী আৰু বন সুৰক্ষাৰ বাবে অৰণ্যকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাম কৰি আহিছে। হাতী-মানুহৰ সংঘাত ৰোধৰ উপৰিও ভবিষ্যতে যাতে অঞ্চলটোত পানীৰ সমস্যা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অৰণ্যকে কাম কৰি আহিছে।

সভাত উপস্থিত থাকি তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰীয়ে কয় – হাতী-মানুহৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বিগত ২০১২ চনৰ পৰা চেষ্টা চলাই অহা হৈছিল। পৰৱৰ্তী সময়ত অৰণ্যকৰ সৌজন্যত নাগ্ৰীজুলিত সৌৰশক্তি চালিত বৈদ্যুতিক বেৰ (ই- ফেনছিং) স্থাপন হোৱাৰ পিছত এই সমস্যা যথেষ্ট পৰিমাণে হ্ৰাস পাব।

বিগত বহু বছৰে নাগ্ৰীজুলি অঞ্চলত হাতীৰ গচকত বহু লোকে প্ৰাণ হেৰুৱাব লগা হৈছে আৰু বহু হাতীৰো মৃত্যু হৈছে বুলিও মোছাহাৰীয়ে লগতে কয়।

“আমি হাতী মানুহৰ মাজত সু-সম্পৰ্ক গঢ়ি তুলিব পৰা নাছিলো । কিন্ত বহু প্ৰচেস্তাৰ পিছত এইবাৰ অৰণ্যকৰ সহযোগত হাতী মানুহৰ সংঘাত বহু পৰিমানে হলেওঁ ৰোধ কৰিব পৰা যাব,” মোছাহাৰীয়ে পুনৰ কয়।

সভাত উপস্থিত থকি বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে কয় – হাতী-মানুহৰ সংঘাতৰ বিষয়ে আমি যদি পৰ্যালোচনা কৰি চাওঁ তেন্তে আমি অনুধাৱন কৰিব পাৰিম যে এয়া মানুহৰে দ্বাৰা সৃষ্টি কৰা এটা সমস্যা। মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত ৰোধ কৰাৰ লগতে মানুহ-মানুহৰ মাজতো সংঘাত দূৰ কৰাতো হব বিটিআৰ চৰকাৰৰ আন এক গুৰুত্বপূৰ্ণ বিষয়। হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ ক্ষেত্ৰত ৰাইজৰো কৰণীয় আছে বুলিও কাৰ্যবাহী সদস্য গৰাকীয়ে মন্তব্য কৰে।

সভাত উপস্থিত থাকি বিটিচিৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ন দাসে কেইবাটাও গুৰুত্বপূৰ্ণ উপদেশ প্ৰদান কৰে। কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ন দাসে বনাঞ্চলৰ কাষত বসবাস কৰা লোক সকলক হাতীৰ প্ৰিয় খাদ্যৰ খেতি নকৰি অন্য বিকল্প খেতি কৰিবলৈ আহ্বান জনায় আৰু বৈদ্যুতিক বেৰৰ ব্যাৱস্থা বহল ভিত্তিত লৱলৈ বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীক আহ্বান।

সভাত বাক্সা জিলা বন সংমণ্ডল বিষয়া দিপুল বৰ্মন, সহকাৰী বন সংমণ্ডল বিষয়া আব্বাছ আলী দেৱান , তামুলপুৰ বানাঞ্চলিক কাৰ্য্যালয়ৰ উপ বন সংপালক ফুকন ডেকা, বন বিষয়া বিমল হাসদা সহ কেইবাগৰাকী বিষয়া-কৰ্মচাৰী, অৰণ্যকৰ বিষয়-ববীয়া, নাগ্ৰীজুলি আৰক্ষী চকীৰ আৰক্ষী বিষয়া কৈলাশ মালাকাৰ সহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

আজিৰ এই সভাত পূব গুৱাবাৰীৰ পৰা পিপলেনীলৈকে পাঁচখন।সমিতিৰ হাতত ই-ফেনছিং চোৱা-চিতা আৰু সংৰক্ষণৰ দায়িত্ব আনুষ্ঠানিকভাৱে অৰ্পণ কৰে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd