ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে জোকাৰি যোৱা পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডৰ বিভিন্ন স্থানত আৱদ্ধ লোক সকলক উদ্ধাৰৰ বাবে চলি থকা উদ্ধাৰ অভিযানলৈ সাহায্য আগবঢ়াইছে যুৱ ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পণ্টে।
ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ চেন্নাই টেষ্টৰ সকলো মেচ ফী ঋষভে উদ্ধাৰ অভিযানৰ বাবে আগবঢ়ায়।
পণ্টৰ গৃহ ৰাজ্য উত্তৰাখণ্ডত সংঘটিত হোৱা প্ৰাকৃতিক দুৰ্যোগত তেওঁ যথেষ্ট শোক অনুভৱ কৰিছে বুলি উল্লেখ কৰি উদ্ধাৰ অভিযানত সহায় কৰাৰ বাবে অধিক লোকক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
উত্তৰাখণ্ডৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ শীৰ্ষ বিষয়া ৰিধিম আগৰৱালাই প্ৰকাশ কৰা মতে ৰাজ্য খনৰ চামলি জিলাৰ তপোবন অঞ্চল ৰেনী নামৰ অঞ্চলটোত বৰফৰ এটা বৃহৎ খণ্ড খহি পৰাৰ ফলতে গংগা নৈৰ জলপৃষ্ঠ হঠাতে বাঢ়ি যায়।
হিমবাহ গলি যোৱাৰ ফলতে দাউলি গংগা নদীৰ জলপৃষ্ঠ বাঢ়ি যায় আৰু নৈ খনৰ ভাঙি পৰে।
হঠাতে সৃষ্টি হোৱা বানে বহু ঘৰ-দুৱাৰ উটুৱাই নিয়াৰ বাতৰি পোৱা গৈছে।
এই প্ৰলয়ৰ খবৰ পোৱাৰ পিছতে উদ্ধাৰকাৰীৰ দলে যুদ্ধকালিন তৎপৰতাৰে উদ্ধাৰ অভিযান আৰ্ৰম্ভ কৰিছে।





