• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘স্বপং য়ং মানাও পয়’ৰ সফল সামৰণি; শ্বাদুৰ চাৰিওফালে একেলগে নাচিলে হাজাৰ হাজাৰ লোকে

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
February 16, 2021 7:56 am
IMG_20210215_190615

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰ্ঘেৰিটাৰ ইনথেমৰ মুগংপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত  চিংফৌ সকলৰ জাতীয় উৎসৱ স্বপং য়ং মানাও পয়ৰ দেওবাৰে নিশা সফল সামৰণি পৰিছে।

অসম-অৰুণাচল প্ৰদেশৰ চিংফৌ জনগোষ্ঠীৰ লগতে অন্যান্য জাতি-জনগোষ্ঠীৰ সমাগমত মহামিলনৰ ক্ষেত্ৰলৈ পৰিণত হয় মাৰ্ঘেৰিটাৰ ইনথেম।

উল্লেখ্য যে  একেলগে সৰহসংখ্যক লোকৰ অংশগ্ৰহণেৰে ঘণ্টা ঘণ্টা ধৰি কলাত্মক ভাৱে পৰিবেশিত হোৱা এক পৰম্পৰাগত নৃত্যানুষ্ঠানে সকলোকে  দৃষ্টি আকৰ্ষণ কৰি আহিছে।

উত্তৰ পূবৰ  অন্যতম সুসংগঠিত বৰ্ণময় ক্লাছিক নৃত্য প্ৰধান উৎসৱ স্বপং য়ং মানাও পয়ত পৰিলক্ষিত হয় এই দৃষ্টিনন্দন দৃশ্য।

জাতীয় সাজ পাৰ পৰিধানেৰে পূৰ্ব পুৰুষ স্বপং য়ঙক  স্মৰণ কৰে স্বাভিমানী তথা জাতীয় সত্তাৰ প্ৰতি সচেতন  চিংফৌসকলে।

জাতীয় সাজ-পাৰ পৰিধান কৰি এই উৎসৱত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী চিংফৌ ডেকা-গাভৰু গৌৰান্বিত।

বিয়লি জনগোষ্ঠীয় বিশিষ্ট লেখক ৰাজীৱ নিংখীয়ে আঁ‌ত ধৰা মুকলি সভাত মুখ্য অতিথি ৰূপে অসম ট্ৰাইবেল সংঘৰ সভাপতি মিলন সোণোৱালে অংশগ্ৰহণ কৰি  চিংফৌ জনগোষ্ঠীৰ সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত অৱলম্বন কৰা সচেতনতাক প্ৰশংসা কৰে।

তেওঁ জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ বিশ্বজনীন ব্যাপ্তিৰ প্ৰয়োজনীয়তাৰ কথা কয়। দক্ষিণ পূব এচিয়াৰ সৰ্ববৃহৎ জনগোষ্ঠীটো আজি বিভিন্ন অঞ্চলত বসবাস কৰি আহিছে। কৰ’বাত ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিব পাৰিছে কৰবাত পৰা নাই। ইয়াৰ পাছতো নিজৰ লোকসংস্কৃতিৰ ক্ষেত্ৰত জনগোষ্ঠীটোৱে সদাসচেতন হৈ আহিছে বুলি সোণোৱালে কয়।

সভাত  অৰুণাচলৰ বৰডুমছাৰ অতিৰিক্ত উপায়ুক্ত, বিচাৰজা বিচানং চিংফৌ, লুথং ৰজা, নিংৰু ৰজাৰ প্ৰতিনিধি চিংফৌ উন্নয়ন পৰিষদৰ সভাপতি লাগাই জওখং, অংযুন মাইঅ খাচং মাইঅ, গবেষক অসীম কুমাৰ বৰা আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য দাঙি ধৰে।

সভাত ৰাজীৱ নিংখীৰ সম্পাদনাৰে প্ৰকাশিত স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হয়।

স্বকীয় সাজ পাৰ পৰিহিত জনগোষ্ঠীটোৰ আবাল বৃদ্ধ বনিতাই গীতৰ তালে তালে নাচি বাগি সুন্দৰ ফুলনিসদৃশ পৰিবেশৰ সৃষ্টি কৰে।

স্বপং য়ং হ’ল চিংফৌ জনগোষ্ঠীয় লোক সকলৰ আদি পুৰুষ। মানাও মানে হ’ল নৃত্য গীত আৰু পয় মানে হ’ল উৎসৱ। অৰ্থাৎ উপৰিপুৰুষ সকলৰ সন্তুষ্টিৰ অৰ্থে যি নৃত্য গীতৰ অনুষ্ঠান উৎসৱ ৰূপত আয়োজন কৰা হয় সেই উৎসৱৰ নামেই হ’ল স্বপং য়ং মানাও পয়।

দুদিনীয়া  কাৰ্যসুচীৰে অনুষ্ঠিত  এই উৎসৱলৈ অসম অৰুণাচলৰ চিংফৌ তথা সমগোত্ৰীয় জনগোষ্ঠীয় ৰাইজৰ লগতে হিলদল ভাঙি আহে সকলো জাতি-জনগোষ্ঠীয় লোক।

অন্য বৰ্ষসমূহত ম্যানমাৰ,ইণ্ডোনেচিয়া থাইলেণ্ডকে ধৰি কেইবাখনো দেশৰ প্ৰতিনিধি উপস্থিত থাকে যদিও কৰ’না ভাইৰাচৰ বাবেই এইবাৰ অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে।

মানস প্রতীম গগৈ

মানস প্রতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

August 21, 2025 7:25 pm
অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

August 21, 2025 6:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd