• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰতিশোধ সম্পূৰ্ণ! ভাৰতৰ স্পীন আক্ৰমণত ধৰাশায়ী ৰুট বাহিনী

শৃংখলাত ভাৰতৰ সমতা স্থাপন, অক্ষৰ পেটেলৰ পাঁচ উইকেট দখল

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2021 2:02 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহৎ বিজয়! চেন্নাইৰ এম.এ. চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত ইংলেণ্ডৰ বিৰুদ্ধ চলিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচত ভাৰতে ৩১৭ ৰাণৰ বিশাল বিজয়ৰ সোৱাদ লাভ কৰিছে।

৪২৯ ৰাণৰ লক্ষ্যৰে তৃতীয় দিনাৰ খেলৰ শেষলৈকে ৩টা উইকেট হেৰুৱাই সংগ্ৰহ কৰা ৫৭ ৰাণৰ পৰা ইনিংছ আৰম্ভ কৰি ইংলেণ্ড ১৬৪ ৰাণতে অল আউট হয়।

Apply Now

ইনিংছ আৰম্ভ কৰি ডান লৰেন্সে খুব সোনকালেই ৫৩ বলত ২৬ ৰাণ কৰি বিদায় লোৱাৰ পাছতে ইংলেণ্ডৰ বেটিং ক্ৰম তাচপাতৰ ঘৰৰ দৰে সৰি পৰিব ধৰে।

ক্ষুৰধাৰ বলিঙেৰে অক্ষৰ পেটেলে পাঁচটাকৈ মূল্যৱান উইকেট লাভ কৰাৰ বিপৰীতে ইংলেণ্ডৰ বাবে প্ৰথম ইনিংছত দুঃস্বপ্ন হৈ পৰা অশ্বিনে লাভ কৰে তিনিটাকৈ উইকেট।

তেওঁলোকক সহযোগিতা প্ৰদান কৰে কুলদীপ যাদৱে, তেওঁৰ ভাগত পৰে দুটাকৈ উইকেট।

ইংলেণ্ডৰ বাবে ভৰসাস্বৰূপ লৰেন্স (২৬), বেন ষ্ট’কছ (৮), অলী প’প (১২), বেন ফ’কছ (২) চূড়ান্তভাৱে ব্যৰ্থ হয়।

অধিনায়ক জ’ ৰুটে কিছু ধৈৰ্যশীলতাৰ পৰিচয় দিছিল যদিও যোগ্য সহযোগিতাৰ অভাৱত ৯২ বলত ৩৩ ৰাণ কৰি অক্ষৰ পেটেলৰ বলত পেভিলিঅ’নমুখী হয়।

শেষৰ ফালে ময়িন আলীয়ে ইনিংছটোৰ সৰ্বোচ্চ স্ক’ৰ হিচাপে মাত্ৰ ১৮ বলত ৪৩ ৰাণ কৰি কিছু আমোদ প্ৰদান কৰে।

মেচখনৰ  প্ৰথম দিনা ভাৰতে টচত জিকি প্ৰথম ইনিংছত ৩২৯ ৰাণ সংগ্ৰহ কৰি আটাইকেইটা উইকেট হেৰুৱায়।

ভাৰতৰ প্ৰথম ইনিংছত সৰ্বাধিক ৰোহিত শৰ্মাই ১৬১ৰাণ সংগ্ৰহ কৰে। অজিংকা ৰাহানেই ৬৭ৰাণ কৰাৰ উপৰি ঋষভ পন্টে ৫৮ৰাণ কৰি অপৰাজিত হৈ থাকে।

দ্বিতীয় দিনা ভাৰতৰ ৩২৯ ৰাণৰ প্ৰত্যুত্তৰত বেটি কৰিবলৈ নামি ইংলেণ্ডে ৰবীচন্দ্ৰন অশ্বিন আৰু অক্ষৰ পেটেলৰ ক্ষুৰধাৰ বলিঙত তিষ্ঠিব নোৱাৰি ৫৯.৫ অভাৰত মাত্ৰ ১৩৪ ৰাণতে আটাইকেইটা উইকেট হেৰুৱায়।

ভাৰতে দ্বিতীয় ইনিংছত ২৮৬ ৰাণত অল আউট হয়। চেন্নাইৰ ঘৰুৱা খেলুৱৈ ৰবীচন্দ্ৰন অশ্বিনে ১০৬ ৰাণৰ এটা অতি মূল্যৱান শতকীয় ইনিংছ খেলে।

প্ৰথম টেষ্টত পৰাজিত হোৱাৰ পাছত এই বিজয়েৰে ভাৰতে চাৰিখনীয়া শৃংখলাটোত ১-১ সমতা স্থাপন কৰিছে।

উল্লেখযোগ্য যে এই বিজয়ৰ দ্বাৰা ভাৰতে ইতিমধ্যে আইচিচি টেষ্ট ৰেংকিঙত দ্বিতীয় স্থানলৈ উন্নীত হোৱাৰ বিপৰীতে ইংলেণ্ড অৱনমতি হ’ল চতুৰ্থ স্থানলৈ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd