২ ফেব্ৰুৱাৰিৰ পৰা ১৪ ফেব্ৰুৱাৰিলৈ গুৱাহাটীত অনুষ্ঠিত সদৌ অসম আন্ত:জিলা মুকলি বেডমিণ্টন প্ৰতিযোগিতাত শিৱসাগৰ দুগৰাকী খেলুৱৈয়ে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে।
১১ বছৰ অনূৰ্ধ ল’ৰাৰ একক আৰু ১৩ বছৰ অনূৰ্ধ যৌথ শাখাত বৰ্ণিল আকাশ চাংমাইয়ে খিতাপ অৰ্জন কৰাৰ বিপৰীতে সৃষ্টিপ্ৰিয়া হাজৰিকাই ১৩ বছৰ অনূৰ্ধ দুয়োটা শাখাতে খিতাপ অৰ্জন কৰিছে।
উল্লেখযোগ্য যে, প্ৰতিযোগিতাখনত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰি অসমৰ ভিতৰতে প্ৰথম দ্বিমুকুটৰ গৰাকী হয় কৃতিমান দুয়োগৰাকী সম্ভাৱনাপূৰ্ণ খেলুৱৈ।
শিৱসাগৰ ছোৱালী কলেজৰ সংস্কৃতি বেডমিন্টন একাডেমিত দুয়োগৰাকী খেলুৱৈয়ে কবীৰ বৰা, ললিত শৰ্মা, মৌচম গগৈ, চানু আৰু পাৰ্থ গগৈৰ তত্বাধাৱনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।
খেলুৱৈ দুগৰাকীৰ এই সফলতাত সুখী পৰিয়ালৰ লগতে সমগ্ৰ শিৱসাগৰবাসী।





