• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুসপ্তাহৰ মূৰত ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেডত নাহৰফুটুকী বাঘ বন্দী বন বিভাগৰ

অভীক চক্ৰৱৰ্তী by অভীক চক্ৰৱৰ্তী
February 17, 2021 3:37 pm
index
207
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে উজনি অসমৰ ডিব্ৰুগড় জিলাৰ লেপেটকটাস্থিত ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড(BCPL)ৰ উৎপাদন বিভাগত মুক্তভাৱে বিচৰণ কৰি ফুৰা এটা প্ৰাপ্ত বয়স্ক নাহৰফুটুকী বাঘ বন্দী কৰা হৈছে।

উল্লেখ্য যে প্ৰতিষ্ঠানটোত নিৰাপত্তাৰ দায়িত্বত থকা কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী(CISF)ৰ কৰ্মৰত জোৱানে কৰ্তব্যৰত অৱস্থাত উদ্যোগ প্ৰতিষ্ঠানটোৰ উৎপাদন বিভাগত দুসপ্তাহৰ পূৰ্বে এটা প্ৰাপ্ত বয়স্ক নাহৰফুটুকী বাঘে মুক্তভাৱে বিচৰণ কৰা প্ৰত্যক্ষ কৰে।

নাহৰফুটুকীটো মুক্তভাৱে ঔদ্যোগিক প্ৰতিষ্ঠানটোৰ উৎপাদন কক্ষত প্ৰত্যক্ষ কৰাৰ লগে লগে বন বিভাগক খবৰ দিয়া হয়।

খবৰ লাভ কৰাৰ পিছতে বনবিভাগৰ এটা দলে গেছ ক্ৰেকাৰলৈ গৈ নাহৰফুটুকী বাঘটো বন্দী কৰিবলৈ দুসপ্তাহৰ পূৰ্বে তিনিটাকৈ পিঞ্জৰা স্থাপন কৰিছিল।

দুসপ্তাহৰ পিছত আজি বুধবাৰে দিনৰ ভাগত তাৰে এটা পিঞ্জৰাত বন্দী হয় মুক্তভাৱে বিচৰণ কৰি থকা নাহৰফুটুকীটো।

বন্দী কৰা নাহৰফুটুকীটো দিহিং পাটকাই বনাঞ্চলত মুকলি কৰি দিয়া হ’ব বুলি বনবিভাগৰ সূত্ৰই জানিবলৈ দিছে।

“বিচিপিএলত কৰ্মৰত চিআইএছএফৰ জোৱানে প্ৰথমে নাহৰফুকুটী বাঘটো প্ৰত্যক্ষ কৰাৰ পিছতে আমি গৈ তাতে তিনিটা পিঞ্জৰা স্থাপন কৰো আৰু দুসপ্তাহৰ পিছত আজি তাৰে এটা পিঞ্জৰাত মুক্তভাৱে বিচৰণ কৰি ফুৰা নাহৰফুটুকীটো বন্দী হয়।” ডিব্ৰুগড় বন বিভাগৰ ৰেঞ্জাৰ পল্লৱ শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়।

Recent News

মই মন্ত্ৰী নহয়! মাণ্ডীৰ দুৰ্যোগ অঞ্চল পৰিদৰ্শন কৰাৰ পিছত কংগনাৰ অদ্ভুত যুক্তি

মই মন্ত্ৰী নহয়! মাণ্ডীৰ দুৰ্যোগ অঞ্চল পৰিদৰ্শন কৰাৰ পিছত কংগনাৰ অদ্ভুত যুক্তি

দুদিনীয়া ভ্ৰমণ সূচীৰে আৰ্জেন্টিনাত উপস্থিত প্ৰধান মন্ত্ৰী মোদী

দুদিনীয়া ভ্ৰমণ সূচীৰে আৰ্জেন্টিনাত উপস্থিত প্ৰধান মন্ত্ৰী মোদী

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

ৰাষ্ট্ৰীয় নিৰাপত্তাত হস্তক্ষেপ নকৰে আদালতে! দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তুৰ্কীৰ এটা কোম্পানীৰ আবেদন

ৰাষ্ট্ৰীয় নিৰাপত্তাত হস্তক্ষেপ নকৰে আদালতে! দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তুৰ্কীৰ এটা কোম্পানীৰ আবেদন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd