• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰ ক’ত? গৃহ নিৰ্মাণ সামগ্ৰী, ইন্ধনৰ মূল্যবৃদ্ধিত কোঙা জনতা, সীতাৰমণে কথা নাৰাখিলে নেকি?

দুলাল মিশ্ৰ by দুলাল মিশ্ৰ
February 20, 2021 3:19 pm
a prot
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বনিয়াক সন্তুষ্ট কৰাতে ব্যস্ত থকা বিজেপি চৰকাৰ খনে দেশত মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে কোনো পদক্ষেপেই গ্ৰহণ কৰা  নাই।

ৰাজ্যই ৰাজ্যই কেৱল কিছুসংখ্যক হিতাধিকাৰী সৃষ্টি কৰি সাফল্যৰ বাঃ বাঃ লোৱা বিজেপি চৰকাৰৰ দিনত অভূতপূৰ্ব ভাবে বৃদ্ধি পাইছে ইন্ধন আৰু গৃহ নিৰ্মাণত ব্যৱহৃত সামগ্ৰীৰ দাম।

Apply Now

পুঁজিপতিৰ সুৰক্ষাত ব্যস্ত বিজেপি চৰকাৰে গৃহ নিৰ্মাণৰ সামগ্ৰীৰ দাম বৃদ্ধি কৰা চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সলনি এই বিষয়ত নিজৰ অসহায় অৱস্থাহে প্ৰকট কৰা পৰিলক্ষিত হৈছে।

সৌসিদিনা কেন্দ্ৰীয় পথ পৰিবহন দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে অসহায় ভাবে কৈছিল যে  নিৰ্মাণ কাৰ্যত ব্যৱহৃত সামগ্ৰীৰ উৎপাদকসকলে এতিয়া এক লবীৰ সৃষ্টি কৰিছে আৰু সেই লবীয়েই সামগ্ৰীৰ মূল্য ইচ্ছা মতে বঢ়াই গৈছে।কিছুদিন পূৰ্বে চিমেণ্ট, তীখা আদিৰ মূল্যবৃদ্ধিৰ প্ৰসংগত মন্তব্য কৰি গাডকাৰীয়ে কৈছিল যে চিমেণ্ট, তীখা আদি নিৰ্মাণকাৰী কোম্পানীবোৰে নিজৰ ইচ্ছানুসৰি দাম বৃদ্ধি কৰি গৈছে।

ফলত চৰকাৰৰ বিভিন্ন পৰিকাঠামোজনিত নিৰ্মাণ কাৰ্যতো স্থৱিৰতা আহি পৰিছে।

বিল্ডাৰ্ছ এছোচিয়েছন অৱ ইণ্ডিয়াৰ ৱেষ্টাৰ্ণ মণ্ডলৰ বৈঠকত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অংশগ্ৰহণ কৰি গাডকাৰীয়ে কৈছিল যে চিমেণ্ট, তীখা আদি কোম্পানীবোৰৰ উৎপাদকসকলৰ নিৰ্দিষ্ট গোট আছে আৰু সেই গোটেই নিজৰ খেয়াল-খুছি অনুসৰি এনেবোৰ সামগ্ৰীৰ দাম বৃদ্ধি কৰি গৈছে।

চৰকাৰে অহা ৫ বছৰত প্ৰায় ১১১ লাখ কোটি টকাৰ পৰিকাঠামো সম্পৰ্কীয় নিৰ্মাণকাৰ্যৰ পৰিকল্পনা কৰিছে যদিও চিমেণ্ট, তীখা আদিৰ অত্যধিক মূল্যবৃদ্ধিৰ বাবে চৰকাৰ বিমোৰত পৰিবলগীয়া হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী এগৰাকীয়ে নিৰ্মাণ সামগ্ৰীৰ দাম বৃদ্ধিৰ ক্ষেত্ৰত এনেদৰে অসহায় অৱস্থাৰ কথা প্ৰকাশ কৰাত স্বাভাৱিকতে বিমোৰত পৰিছে সাধাৰণ জনতা।কেন্দ্ৰত শাসনাধিষ্ঠিত চৰকাৰ খনে যদি অন্যায় ভাবে মূল্যবৃদ্ধি কৰাসকলক নাকী লগাব নোৱাৰে তেন্তে কোনে লগাব পাৰিব?নে বৃদ্ধি কৰা দামৰ ভাগ বিজেপিৰ নেতা-মন্ত্ৰীৰ পকেটলৈয়ো যায় বুলি বহুতে প্রশ্ন কৰিছে।

নিৰ্মাণ সামগ্ৰীৰ লগতে দেশত বিগত ১১ দিন ধৰি বাঢ়িছে পেট্ৰ’ল-ডিজেলৰ দাম।লক্ষ্যণীয় কথাটো হ’ল আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধি নোহোৱাৰ পিছতো ভাৰতত তেলৰ দাম পিছে বাঢ়িহে গৈছে।

ইয়াৰ কাৰণ হিচাবে নিৰ্মলা সীতাৰমণে বাজেটতত ৰখা এটা প্ৰস্তাৱকে বহুতে দায়ী কৰিব বিচাৰিছে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে বাজেটত উল্লেখ কৰা মতে কৃষি খণ্ডৰ উন্নয়নৰ বাবে প্ৰতি লিটাৰ পেট্ৰ’লত ৪ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ২,৫০ টকাকৈ  agriculture infrastructure and development cess (AIDC) আৰোপ কৰা হ’ব বুলি ঘোষণা কৰিছিল।তেওঁ অৱশ্যে এই কৰৰ বোজা সাধাৰণ মানুহৰ ওপৰত নপৰে বুলিও কৈছিল।

কিন্তু বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বজাৰত ইন্ধনৰ দাম বৃদ্ধি নোপোৱাৰ পিছতো ভাৰতত বৃদ্ধি পোৱাৰ কথাই সীতাৰমণে পেট্ৰ’ল-ডিজেলত লগোৱা ৪ টকা আৰু ২.৫০ টকাৰ কৃষি কৰে প্ৰভাৱ পেলোৱাতো নিশ্চিত বুলি সৰ্বত্ৰে চৰ্চা হৈছে।

ইয়াৰোপৰি প্ৰতিখন ৰাজ্যই নিজাকৈ ইন্ধনৰ ওপৰত লগোৱা কৰতো আছেই।

সাতে সোতৰই মিলি এতিয়া দেশত প্ৰতিদিনে ইন্ধনৰ দাম বৃদ্ধি পাই গৈ থকা বুলি ভবাৰ নিঃসন্দেহে থল আছে।

ইমানৰ পিছতো অৱশ্যে গা লৰা নাই নেতা-মন্ত্ৰীসকলৰ।নানান টুলুঙা মন্তব্যৰে তেওঁলোকে জনতাৰ সমস্যাসমূহক গৌণ কৰি পেলোৱাৰ প্ৰতিযোগিতাতহে নামি পৰা পৰিলক্ষিত হৈছে।  আজিৰ তাৰিখত দেশবাসীৰ বাবে ইয়াতকৈ দুৰ্ভাগ্যৰ কথা কি হ’ব পাৰে বাৰু?

দুলাল মিশ্ৰ

দুলাল মিশ্ৰ

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd