• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অসম বচাওঁ আহক’ যাত্ৰাক সমালোচনা কৰা অতুল বৰাক তুলাধুনা কংগ্ৰেছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 21, 2021 7:18 am
Atul Bora
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত কংগ্ৰেছ দলে আৰম্ভ কৰা ‘অসম বচাওঁ আহক’ যাত্ৰাক সমালোচনা কৰা অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাক উভতি ধৰিছে প্ৰদেশ কংগ্ৰেছে।

শনিবাৰে দলটোৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে প্ৰকাশ কৰা এক বিবৃতিৰ যোগেদি অতুল বৰা তথা বিজেপি দলক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে।

বিবৃতিটোত কোৱা হৈছে যে আগন্তুক বিধানসভা নির্বাচনৰ বাবে কংগ্ৰেছ দলৰ নেতৃত্বত ৬ টাকৈ ৰাজনৈতিক দলৰ নেতৃত্বত গঠন হোৱা মহাজোঁট আৰু ইয়াৰ পৰৱর্তী পর্যায়ত কংগ্রেছ দলৰ নেতৃত্বত ৰাজ্যজুৰি আৰম্ভ হোৱা “অসম বচাওঁ আহক” শীর্ষক যাত্রাৰ প্ৰতি অসমবাসী ৰাইজৰ ব্যাপক সঁহাৰি দেখি বিজেপি দলৰ লগতে তেওঁলোকৰ পৰম মিত্র ভুৱা আঞ্চলিকতাবাদী তথা মন্ত্রী অতুল বৰাৰ দৰে নেতাৰ নিজৰ ভৰিৰ তলৰ মাটি হেৰুৱাৰ ভয়ত আবোল-তাবোল বলকিবলৈ আৰম্ভ কৰিছে।

ইয়াৰ জ্বলন্ত প্ৰমাণ হৈছে কংগ্রেছ দলৰ “অসম বচাওঁ আহক ” শীর্ষক যাত্রা সম্পর্কে বিজেপি দল, চৰকাৰ আৰু অতুল বৰাৰ দৰে নেতাই কৰা নানান অপব্যাখ্যা আৰু অপপ্ৰচাৰ। বিবৃতিটোত লগতে এইদৰে কোৱা হয়।

বিজেপি দল বা বৰাৰ দৰে ভুৱা আঞ্চলিকতাবাদী তথা ক্ষমতা সৰ্বস্ব ৰাজনীতিকে যিমানেই অপপ্ৰচাৰ নকৰক কিয় অসমবাসীয়ে ইতিমধ্যে মিত্রজোঁটৰ চৰকাৰৰ সকলো বাকী-ফাকি, প্ৰতাৰণা বুজি উঠিছে।

অসমৰ জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনত বহা মিত্রজোঁটৰ চৰকাৰে যে ওলোটাই সকলো বিক্ৰী কৰিবলৈহে আগভাগ লৈছে সেই কথা অসমবাসীয়ে স্বচক্ষে প্ৰত্যক্ষ কৰিছে। গতিকে এই যাত্রাৰ অপব্যাখ্যা আৰু অপপ্ৰচাৰ কৰি অতুল বৰাৰ দৰে নেতা ৰাইজৰ সন্মুখত প্ৰকৃততে হাঁহিয়াতৰ পাত্ৰহে হৈছে।

বিবৃতিটোত কোৱা হয় যে মিত্রজোঁটৰ চৰকাৰৰ একমাত্র কৰ্মসূচী হৈছে ভুৱা প্ৰতিশ্ৰুতি, বিজ্ঞাপন, হিতাধিকাৰীৰ সৃষ্টি আৰু পৰিকল্পনা হৈছে আধাৰশিলা আৰু ভূমি পূজন।এই চৰকাৰৰ সফলতা হৈছে পৰৰ পিঠাৰে বিহু পতা।

‘’অতুল বৰাই কংগ্রেছ দলৰ ইতিহাস খুচৰাৰ বিপৰীতে নিজৰ দলৰ চুটি ইতিহাসকে  অধ্যয়ন কৰক। অতুল বৰাক প্ৰত্যাহ্বান জনাইছো যে তেওঁ উত্তৰ দিয়ক – কোন দলৰ চৰকাৰ কেন্দ্র আৰু ৰাজ্যত থাকোতে অসমৰ চৌদিশে গুপ্ত হত্যাৰ পাতনি মেলা হৈছিল? কোন দলৰ চৰকাৰৰ দিনত চৰকাৰী কৰ্মচাৰীয়ে মাহৰ মূৰকত দৰমহা নাপাই আত্মহত্যা কৰিবলগীয়া হৈছিল? কাৰ দিনত অসমৰ অৰ্থনৈতিক পৰিকাঠামো ভাঙি বিধ্বস্তপ্ৰায় হৈছিল?’’-বিবৃতিটোৰ জৰিয়তে অতুল বৰালৈ এইদৰে প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছে।

প্ৰদেশ কংগ্ৰেছৰ প্ৰশ্ন, ‘’তেওঁক সুধিব বিচাৰিছো যে যি অসম চুক্তি ৰূপায়ণৰ দাবীত আন্দোলন কৰি কৰি তেওঁলোকে নিজৰ ৰাজনৈতিক কেৰিয়াৰ গঢ়িল সেই অসম চুক্তিৰ অনুসৰি বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ ভিত্তিবৰ্ষৰ আত্মাকে হত্যা কৰা “কা” আইন সমৰ্থন কৰা বিজেপিৰ সৈতে কোনটো নাক আৰু বিবেকেৰে তেওঁ ক্ষমতাৰ জুতি লৈ আছে? কোনে ক্ষমতাৰ স্বাৰ্থত অসমৰ ভাষা-সংস্কৃতি ধ্বংস কৰাত নাগপুৰীয়া হিন্দুত্ববাদীসকলক সহায়ৰ হাত আগবঢ়াই পদলেহনকাৰীলৈ পৰ্যবেক্ষিত হৈছে?’’

বিবৃতিটোত লগতে অতুল বৰাক প্ৰত্যাহ্বান জনাই কংগ্ৰেছে কয়,’’সুবিধাবাদ আৰু নীতি-আদৰ্শহীন ৰাজনীতিৰো এটা সীমা থকা উচিত। গতিকে বৰা ডাঙৰীয়াৰ দৰে এজন নীতি-আদৰ্শহীন, সুবিধাবাদী আৰু ভুৱা আঞ্চলিকতাবাদী নেতাই কংগ্রেছ দলৰ নীতি-আদৰ্শ, কৰ্মসূচী, পৰিকল্পনা আৰু ইতিহাসৰ অপব্যাখ্যা কৰিবলৈ মৰসাহ কৰাৰ পৰিৱর্তে প্ৰথমে নিজৰ গাত চিকুট মাৰি চাওক আৰু “কা” সন্দৰ্ভত নিজৰ স্থিতি ৰাজহুৱাকৈ স্পষ্ট কৰিবলৈ প্ৰদেশ কংগ্ৰেছে প্ৰত্যাহ্বান জনাইছো।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd