• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আন্তৰ্জাতিক ফুটবলত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ চামগুৰিৰ গ্ৰাম্যাঞ্চলৰ যুৱক অম্লানজ্যোতিৰ

নিতৌ পুৱা-আবেলি কঠোৰ অনুশীলনত ব্যস্ত কঠালগুৰিৰ অম্লানজ্যোতি জি ম'মিন, উৎফুল্লিত অঞ্চলবাসী

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
February 23, 2021 7:48 am
VideoCapture_20210223-012459

অম্লানজ্যোতি জি ম'মিন। ফটো: নৰ্থইষ্ট নাও।

1.3k
VIEWS
Share on FacebookShare on Twitter

হিমচেঁচা শীতৰ পুৱাতে অম্লানৰ শৰীৰৰ উত্তাপত উদিত সূৰুযৰ কিৰণেও যেন উজাৰিছে ৰাঙলী আভা! কাৰণ অতি একাগ্ৰতাৰে অম্লানে কৰিছে পুৱা-আবেলি কঠোৰ পৰিশ্ৰম!

সমৰ্পণ, একাগ্ৰতা, পৰিশ্ৰম আৰু অধ্যৱসায়ৰে ৰাষ্ট্ৰীয় ক্ৰীড়াত নাম উজলাবলৈ সক্ষম হৈছে অসমৰ গ্ৰাম্যাঞ্চলৰ একাংশ দৰিদ্ৰ পৰিয়ালৰ যুৱকে।

নগাঁও জিলাৰ অম্লানজ্যোতি জি ম’মিনো তেনে এজন যুৱকেই। চামগুৰি থানাৰ অন্তৰ্গত কঠালগুৰি-চাৰমুং গাঁৱৰ এটি আৰ্থিকভাৱে পাছপৰা পৰিয়ালৰ যুৱকজনে বৃহত্তৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে এক সু-খবৰ তথা গৌৰৱৰ বতৰা।

শেহতীয়াকৈ আগন্তুক ৪মাৰ্চৰ পৰা চুবুৰীয়া দেশ নেপালত অনুষ্ঠিত হ’ব লগীয়া ইণ্ডো-নেপাল গেমছ- ২০২১ৰ ফুটবল প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে বাচনি পাইছে অম্লানজ্যোতিয়ে।

VideoCapture_20210223-012436
পৰিয়ালৰ সৈতে অম্লানজ্যোতি। ফটো:নৰ্থইষ্ট নাও।

কঠালগুৰি চাৰিআলিত পিতৃ-মাতৃয়ে দিয়া কেৱল মাত্ৰ এখন চাহৰ দোকানৰ জৰিয়তে চাৰি গৰাকী ভগ্নী সহ কোনোমতে পোহপাল দিয়া পৰিয়ালটোৰ এজন যুৱক হৈও নিজৰ সক্ষমতা আৰু সুনিপুণতাৰ বাবে ফুটবলৰ দৰে খেলত ভাৰতক প্ৰতিনিধিত্ব কৰিবৰ বাবে অম্লানজ্যোতিয়ে বাচনি পোৱাৰ খবৰ লাভ কৰি এতিয়া অত্যন্ত সুখী সমগ্ৰ চামগুৰিবাসী।

পাহাৰীয়া বাটেৰে নামি আহি সমীপৰে লুংচুং স্থিত খেলপথাৰত নিতৌ কাহিলি পুৱা আৰু আবেলি কঠোৰ অনুশীলন কৰি বৰ্তমান নিজকে প্ৰস্তুত কৰি তোলাৰ অপ্ৰাণ চেষ্টা কৰিছে অম্লানজ্যোতিয়ে।

Screenshot_20210223-015300_Drive

পিতৃ-মাতৃৰ বাহিৰেও মূখ্য প্ৰশিক্ষক নগাঁৱৰ গনেশ ডেকা আৰু সৰ্বতোপ্ৰকাৰে সহায়-সহযোগ আগবঢ়াই অহা স্থানীয় প্ৰশিক্ষক মণি কুমাৰ শ্ৰেষ্ঠাক নিজৰ সফলতাৰ বাবে কৰ্তৃত্ব প্ৰদান কৰে অম্লানজ্যোতি জি ম’মিনে।

 

চাপানালা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ সম্প্ৰতি পুৰণিগুদাম ড৹ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত অধ্যয়নৰত উদীয়মান ফুটবল খেলুৱৈ অম্লানে সপ্তম শ্ৰেণীৰ পৰাই ফুটবল খেলৰ প্ৰতি আকৰ্ষিত হৈছিল যদিও পিতৃ-মাতৃৰ চৰম কষ্ট-ত্যাগৰ বিনিময়ত বিগত প্ৰায় তিনি বছৰ ধৰিহে ফুটবলৰ উপযুক্ত প্ৰশিক্ষণ ল’বলৈ সক্ষম হৈছিল বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমক।

কিন্তু ইয়াৰ মাজতো নিজ পিতৃ-মাতৃ আৰু চাৰি ভগ্নীৰ সৈতে অন্তৰঙ্গ সময় অতিবাহিত কৰিবলৈও নাপাহৰে অম্লানজ্যোতিয়ে।

নিজৰ দক্ষতাৰ বাবে গ্ৰাম্যাঞ্চলৰ পৰা গৈও আন্তৰ্জাতিক ক্ৰীড়া ক্ষেত্ৰত অংশ গ্ৰহণ কৰি অসম তথা বৃহত্তৰ অঞ্চলটোৰ গৌৰৱ কঢ়িয়াই আনিবলৈ চেষ্টা চলোৱা অম্লানজ্যোতিক নৰ্থইষ্ট নাওৰ ফালৰ পৰাও অলেখ অভিনন্দন!

Recent News

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd