• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উৎকণ্ঠাৰ অন্ত: অসমত ২৭ মাৰ্চ, ১ আৰু ৬ এপ্ৰিলত তিনিটা পৰ্যায়ত বিধানসভাৰ নিৰ্বাচন

নতুন দিল্লীত অসমকে ধৰি ৫ ৰাজ্যৰ বিধানসভাৰ দিন ঘোষণা কৰিলে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2021 5:24 pm
a sunil
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত সকলো উৎকণ্ঠাৰ অন্ত পেলাই আজি কেন্দ্ৰীয় নিৰ্বাচন আয়োগে অসমকে ধৰি পাঁচৰাজ্য ক্ৰমে তামিলনাডু, পুডুচেৰী,কেৰালা, পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে।

নতুন দিল্লীত আজি বিয়লি ৪.৩০ বজাত আয়োজন কৰা সংবাদমেলত কেন্দ্ৰীয় নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাই ঘোষণা কৰে যে ১২৬ জনীয়া অসম বিধানসভাৰ নিৰ্বাচন  তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰা হ’ব।

Apply Now

২৭ মাৰ্চত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।৪৭ টা সমষ্টিত হ’ব প্ৰথম পৰ্যায়ৰ নিবাচন।

১ এপ্ৰিলত  ৩৯ সমষ্টিত দ্বিতীয় আৰু ৬ এপ্ৰিলত ৪০ সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচন:

অধিসূচনা জাৰিৰ তাৰিখ:২ মাৰ্চ

মনোননয় পত্ৰ দাখিলৰ অন্তিম তাৰিখ:৯ মাৰ্চ

মনোননয় পত্ৰ পৰীক্ষাৰ তাৰিখ:১০ মাৰ্চ

মনোননয় পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ:১২ মাৰ্চ

 

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন:

অধিসূচনা জাৰিৰ তাৰিখ:৫ মাৰ্চ

মনোননয় পত্ৰ দাখিলৰ অন্তিম তাৰিখ:১২মাৰ্চ

মনোননয় পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ:১৭ মাৰ্চ

তৃতীয় পৰ্যায়ৰ নিৰ্বাচন:

অধিসূচনা জাৰিৰ তাৰিখ:১২ মাৰ্চ

মনোননয় পত্ৰ দাখিলৰ অন্তিম তাৰিখ:১৯ মাৰ্চ

মনোননয় পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ:২২ মাৰ্চ

নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ২ মে’।

উল্লেখ্য অসমত চলিত বৰ্ষৰ ৩১ মে’ত অন্ত পৰিব বৰ্তমানৰ চৰকাৰ খনৰ কাৰ্যকাল।

সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত অৰোৰাই কয় যে ২০১৬ৰ বিধানসভা নিৰ্বাচনত অসমত ৮৩.৯ শতাংশ ভোটদান হৈছিল।

এইবাৰ ৰাজ্য খনত পূৰ্বতকৈ বেছি ভোটদান হ’ব বুলি তেওঁ আশা ব্যক্ত কৰে।

অসমৰ ৩৩ হাজাৰতকৈ অধিক ভোট কেন্দ্ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

ইতিমধ্যে অসম তথা আন চাৰি খন ৰাজ্যক নিৰ্বাচনৰ বাবে সাজু হ’বলৈ কেন্দ্ৰীয় নিৰ্বাচন আয়োগে নিৰ্দেশ দিয়াৰ লগতে নিৰ্বাচন আয়োগৰ সদস্যই ৰাজ্য কেইখন ভ্ৰমণ কৰি যাৱতীয় প্ৰস্তুতিৰ বুজ লৈ গৈছিল।

সংবাদমেলতে কেন্দ্ৰীয় নিৰ্বাচন আয়ুক্ত গৰাকীয়ে ২৯৪ জনীয়া পশ্চিমবংগ বিধানসভা, ২৩৪ জনীয়া তামিলনাডু বিধানসভা, ১৪০ জনীয়া কেৰালা বিধানসভা আৰু ৩০ জনীয়া কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ বাবেও নিৰ্বাচনৰ দিন ঘোষণা কৰে।

ইতিমধ্যে কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপিৰ সৈতে বংগৰ শাসকীয় দল তৃণমূলৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিততে বংগলৈ নিৰ্বাচন আয়োগে নিৰাপত্তা বাহিনীৰ ১৬০ টা কোম্পানী প্ৰেৰণ কৰিছে।

অসমৰ সাম্প্ৰতিক পৰিস্থিতি বহু পৰিমাণে শান্ত যদিও নিৰ্বাচনৰ পূৰ্বে অসমলৈও নিৰাপত্তা বাহিনীৰ বহু কেইটা কোম্পানী প্ৰেৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

ইপিনে ভি নাৰায়ণস্বামী নেতৃত্বাধীন কংগ্ৰেছ শাসিত পুডুচেৰীৰ চৰকাৰ খন হঠাতে ভাঙি পৰাৰ ফলত তাত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হৈছে।

ক’ৰ’ণাতংকৰ মাজতে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে বিহাৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পিছত আজি একেলগে পাঁচ খন ৰাজ্যৰ বিধান সভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে।

নিৰ্বাচন আয়োগে আজি নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে অসমকে ধৰি সংশ্লিষ্ট আন চাৰি খন ৰাজ্যত বিধি অনুসৰি আজিৰে পৰাই নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ পৰিল।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল নিৰ্বাচন আয়োগে পূৰ্বেই অসমত বিষয়াৰ বদলি আদিৰ ক্ষেত্ৰত কেতবোৰ বিশেষ বিধি-নিষেধ বান্ধি দিছিল।

কেউখন ৰাজ্যতে কোভিড প্ৰ’টোকল মানি ভোটগ্ৰহণ হ’ব বুলি মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে।

তেওঁ কয় যে ভোটাৰৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি অধিক নজৰ ৰখা হ’ব।

নিৰ্বাচনত কৰ্তব্যৰত সকলো কৰ্মচাৰীক কোভিড ভেকচিন প্ৰদান কৰা হ’ব আৰু ৰোড শ্ব’ৰ ক্ষেত্ৰত কোভিড প্ৰ’টোকল মানি চলিব লাগিব বুলি তেওঁ মন্তব্য কৰে।

ভোটকেন্দ্ৰলৈ ভোটাৰসকলে মাস্ক পৰিধান কৰি আহিব লাগিব আৰু ভোটকেন্দ্ৰত হাত ছেনিটাইজ কৰিব লাগিব।

অপৰাধী গোচৰ থকা প্ৰাৰ্থীসকলে বাতৰি কাকত, টেলিভিছনত  বিজ্ঞাপন প্ৰকাশ কৰি তেওঁলোকৰ অপৰাধৰ কথা মানুহক জনাব লাগিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

June 25, 2026 1:05 pm
গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

June 25, 2026 12:53 pm
প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

June 25, 2026 12:37 pm
মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

June 25, 2026 12:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

June 25, 2026 1:05 pm
গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

June 25, 2026 12:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd