• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

by
February 28, 2021 8:10 pm
324
VIEWS
Share on FacebookShare on Twitter

কাৰাগাৰৰ পৰা উলাই অহাৰ পাছতে পুনৰ সোচ্চাৰ হৈ উঠিছে শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ।

১২ জানুৱাৰীত দিল্লীৰ সিংঘু বৰ্ডাৰত প্ৰতিবাদৰ নেতৃত্ব দিয়াৰ বাবে গ্ৰেপ্তাৰ হোৱা দলিত নেতাগৰাকীয়ে শুকুৰবাৰে জামিনত মুক্তি লাভ কৰিছিল।

৪৬ দিন কাৰাগাৰত কটোৱাৰ অভজ্ঞতা বৰ্ণনা কৰি তেওঁ আৰক্ষীয়ে অত্যাচাৰ চলোৱাৰ উপৰিও কৌৰৰ জাত-পাতক লৈ বৰ্ণবৈষম্যমূলক আচৰণ প্ৰদৰ্শন কৰা বুলিও অভিহিত কৰিছে।

‘দ্যা প্ৰিণ্ট’ৰ স’তে হোৱা এক বাৰ্তালাপত কৌৰে কয় যে তেওঁৰ লগতে আন কেইবাগৰাকী মহিলাক প্ৰতিবাদস্থলীত আৰক্ষীয়ে মাৰ ধৰ কৰি পৰিস্থিতি হিংসাত্মক কৰি তুলিছিল।

তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছতো থানা আৰু জেলত আৰক্ষীয়ে শাৰিৰীক অত্যাচাৰ কৰা বুলি তেওঁ কয়।

আনকি শৰীৰৰ গোপন স্থানতো আৰক্ষীয়ে অত্যাচাৰ কৰা বুলি অভিযোগ কৰি তেওঁ কয় যে মেডিকেল ৰিপ’ৰ্টত এইসমূহ সুন্দৰভাৱে প্ৰকাশ পাইছে।

উল্লেখযোগ্য যে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত দাখিল কৰা মেডিকেল ৰিপ’ৰ্টত কোৱা হৈছে যে কৌৰৰ শৰীৰৰ বিভিন্ন অংশত আঘাটৰ চিন স্পষ্টভাৱে পোৱা গৈছে।

উক্ত মেডিকেল ৰিপ’ৰ্টটো কৌৰ গ্ৰেপ্তাৰ হোৱা ১২ দিনৰ পাছত অৰ্থাৎ ২৫ জানুৱাৰী তাৰিখে সনেপট অসামৰিক চিকিৎসালয়ত কৰা চিকিৎসা পৰীক্ষাৰ অন্তত প্ৰকাশ কৰা হৈছিল।

আনহাতে, শাৰিৰীক অত্যাচাৰৰ উপৰিও থানাত কৌৰে দলিতসকলৰ প্ৰতি অসন্মানজনক ব্যৱহাৰৰো সম্মুখীন হৈছিল বুলি অভিযোগ কৰে।

কৌৰে কয় যে কুণ্দলী ষ্টেচন আৰক্ষীৰ এজন বিষয়াই কৌৰক ধমকি দিছিল এইদৰে- ‘‘দলিতসকলে সমাজত সিমান ওপৰলে যাব নোৱাৰে যে তেওঁলোক জনতাৰ কণ্ঠ হৈ পৰিব পাৰে! সকলোৰে হৈ কথা ক’বলৈ তোক কোনে অধিকাৰ দিলে?’’

আনহাতে, কৌৰৰ এই সকলো অভিযোগ সংশ্লিষ্ট আৰক্ষী বিষয়াসকলে অস্বীকাৰ কৰি কৈছে যে এইসমূহ ‘‘ভুৱা অভিযোগ’’।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd