• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ৰাষ্ট্ৰৰ নিপীড়ণে প্ৰমাণ কৰে ৰাষ্ট্ৰই ভয় খাইছে’ : শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 2, 2021 4:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰে সোমবাৰে কয় যে তেওঁ কাৰাগাৰৰ পৰা উলাই আহিলেও সংগ্ৰাম এতিয়াও শেষ হোৱা নাই।

‘মজদুৰ অধিকাৰ সংগঠন’ৰ সভাপতি শিৱ কুমাৰ আৰু মোদী চৰকাৰে আটক কৰি ৰখা অন্যান্য ‘ৰাজনৈতিক কাৰাবন্দী’সকলৰ মুক্তিৰ বিষয়টো লৈ ৩৭টা সংগঠনে আয়োজন কৰা এখন সংবাদমেলত নদীপ কৌৰে কয় যে ৰাষ্ট্ৰৰ দমননীতি বাঢ়ি গৈ আছে।

Apply Now

কৌৰৰ লগতে সংবাদমেলখনত শিৱ কুমাৰৰ দেউতাক ৰাজৱীৰ কুমাৰ, সাংবাদিক মনদীপ পুনিয়া আৰু সংবাদমেলখন আয়োজন কৰা কৃষক-শ্ৰমিক সংগঠনসমূহৰ প্ৰতিনিধিসকলেও বক্তব্য ৰাখে।

কৌৰে তেওঁৰ কাৰাবন্দী সময়ছোৱাত সাংবাদিকসকলৰ ভূমিকাক ধন্যবাদ জনাই কয় যে কাৰাগাৰৰ পৰা বাহিৰ হৈ আহিলেও, সংগ্ৰামখন শেষ হোৱা নাই।

‘‘ৰাষ্ট্ৰৰ নিপীড়ণ বাঢ়ি গৈ আছে। মুছলিম, দলিত, আদিবাসী অথবা শিখ- যিসকলে তেওঁলোকৰ অধিকাৰৰ বাবে মাত মাতিছে, তেওঁলোকক কঠোৰ আইনৰ অধীনত কাৰাবন্দী কৰা হৈছে। ইয়াৰ পৰা প্ৰমাণ হয় যে ৰাষ্ট্ৰই ভয় খাইছে।’’ কৌৰে কয়।

তদুপৰি তেওঁ দাবী কৰে যে কাৰাগাৰত কাৰাবন্দী হৈ থকা মহিলা কয়দীসকলৰ স’তে তেওঁ কথা পাতোতে তেওঁলোকে কৌৰক জনাইছিল যে কাৰাগাৰত ধৰ্ষণ আৰু অত্যাচাৰ তেনেই সাধাৰণ কথা।

‘‘আৰক্ষী হৈছে ৰাষ্ট্ৰৰ মাত্ৰ এটা আহিলা। তেওঁলোক যন্ত্ৰ। তেওঁলোকৰ নিজাকৈ মগজু নাই।’’ কৌৰে ক্ষোভেৰে কয়।

উল্লেখযোগ্য যে কৌৰেও আৰক্ষীৰ বিৰুদ্ধে তেওঁক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

আনহাতে কৌৰে স্পষ্ট কৰি দিয়ে যে তেওঁ কোনো ৰাজনৈতিক দলক সমৰ্থন নকৰে।

কৃষক আন্দোলনক বিজেপিয়ে খালিস্তানৰ স’তে একলগ কৰা অভিযোগটোক নাকচ কৰি কৌৰে কয় যে এখন পৃথক ৰাষ্ট্ৰ স্থাপন কৰাতকৈ কৃষকসকলে শোৱাৰ আগত পেট ভৰাই খাবলৈ বিচাৰে।

‘‘আমাক হিন্দু, মুছলিম আৰু শিখৰ মাজত ভাগ ভাগ কৰি চৰকাৰে লাভ উঠাইছে। তেওঁলোকে কয় যে মুছলিমসকলৰ বাবে হিন্দু বিপদত পৰিছে। কিন্তু যেতিয়া আপুনি ভালদৰে চায়, দেখিব যে এজন সাধাৰণ লোকে কিছু খাদ্য আৰু আশ্ৰয়হে বিচাৰে।’’ কৌৰে কয়।

আনহাতে কাৰাবাস খাটি থকা ‘মজদুৰ অধিকাৰ সংগঠন’ৰ সভাপতি শিৱ কুমাৰৰ দেউতাক ৰাজৱীৰ কুমাৰে কয় যে কাৰাবন্দী হোৱাৰ পাছত তেওঁলোকে পুত্ৰৰ কোনো খবৰ লাভ কৰা নাই।

উল্লেখযোগ্য যে কুমাৰক হাৰিয়ানা আৰক্ষীয়ে কুণ্ডলী ইণ্ডাষ্ট্ৰিয়েল এচ’চিয়েচনৰ মালিকক আক্ৰমণ কৰাৰ অভিযোগত ১৬ জানুৱাৰীৰ আটক কৰি ৰাখিছে।

কুমাৰক আৰক্ষীয়ে শাৰিৰীক অত্যাচাৰ চলোৱা বুলিও ৰাজৱীৰে অভিযোগ উত্থাপন কৰে।

আইছা, এআইএছএফ, এছএফআই, ভীম আৰ্মী, কৰ্ণাটক জনশক্তি, মজদুৰ অধিকাৰ সংগঠনকে ধৰি কেইবাটাও সংগঠনে আয়োজন কৰা সংবাদমেলখনত চিপিআই(এমএল)ৰ সুচেতা দে’, ভাৰতীয় কিষাণ একতাৰ যোগিন্দৰ সিং, বহুজন সমাজবাদী মঞ্চৰ সঞ্জীৱ মাথু, দিল্লী বিশ্ববিদ্যালয়ৰ নন্দীতা নাৰায়ণেও বক্তব্য ৰাখে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

July 5, 2026 2:56 pm
পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

July 5, 2026 1:15 pm
আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

July 5, 2026 11:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

July 5, 2026 2:56 pm
পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

July 5, 2026 1:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd