দিল্লী আৰু হাৰিয়ানাৰ ‘মষ্ট ৱাণ্টেড’ গেংষ্টাৰ হিমাংশু ভাউক আমেৰিকাৰ তদন্তকাৰী সংস্থা এফ বি আইয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁ কুখ্যাত লৰেন্স বিষ্ণই গেঙৰ প্ৰতিদ্বন্দ্বী হিচাপে পৰিচিত আছিল।
শুকুৰবাৰে আমেৰিকাৰ কেলিফৰ্ণিয়াৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়। জানিব পৰা মতে, ধৃত ব্যক্তিজনৰ বিৰুদ্ধে দিল্লী, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত হত্যা, অপহৰণ আৰু ধন দাবীৰ কেইবাটাও গোচৰ আছে।
হিমাংশু ভাউৰ প্ৰকৃত নাম হিমাংশু ৰিটোলিয়া। তেওঁৰ ঘৰ হাৰিয়ানাৰ ৰোহটকত। ২০২২ চনৰ শেষৰ ফালে ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি পাছপ’ৰ্ট বনাই ভাৰতৰ পৰা পলায়ন কৰে। সূত্ৰৰ মতে হিমাংশু প্ৰথমে ডুবাইলৈ গৈছিল। তাৰ পৰাই তেওঁ পৰ্তুগালত ঘাটি স্থাপন কৰে। অৱশেষত তেওঁ আমেৰিকালৈ ৰাওনা হয়।
একাধিক সংবাদ মাধ্যমে দাবী কৰে যে তেওঁ আগতে সুদূৰ কেলিফৰ্ণিয়াৰ পৰা সমগ্ৰ দিল্লী-এনচিআৰ, হাৰিয়ানা আৰু পঞ্জাৱত অপৰাধৰ চক্ৰ চলাইছিল।
ভাৰতীয় তদন্তকাৰী সংস্থাৰ অনুৰোধত ইণ্টাৰপলে ২০২৩ চনৰ আগষ্ট মাহত হিমাংশুৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ নোটিচ জাৰি কৰিছিল। সেই সময়ত তেওঁৰ বিৰুদ্ধে হত্যা, হত্যাৰ চেষ্টা, ধন দাবী, ভীতি প্ৰদৰ্শনেৰে প্ৰৱঞ্চনাকে ধৰি ১৮টা গোচৰ আছিল। এন আই এ, দিল্লী আৰক্ষী আৰু হাৰিয়ানা আৰক্ষীৰ মষ্ট ৱাণ্টেড তালিকাতো তেওঁৰ নাম আছে।
২০০২ চনত ৰোহটকৰ ৰিটোলি গাঁৱত জন্মগ্ৰহণ কৰা হিমাংশুৱে কম বয়সতে হাৰিয়ানাৰ অপৰাধ জগতত প্ৰৱেশ কৰি কুখ্যাতি অৰ্জিছিল। সেই সময়ছোৱাত তেওঁক এবাৰ গ্ৰেপ্তাৰো কৰা হৈছিল। তেওঁক এটা হোমত ৰখা হৈছিল। কিন্তু তাৰ পৰাই পলাই যায়।
অভিযোগ অনুসৰি কেৱল হাৰিয়ানাতে নহয় সমগ্ৰ পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু দিল্লীতো তেওঁ সন্ত্ৰাসৰ ৰাজত্ব গঢ়ি তুলিছিল। বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি হিমাংশুৰ নীৰজ বাৱানা চক্ৰৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ আছে। অৱশ্যে তেওঁৰ আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বী আছিল লৰেন্স বিষ্ণি আৰু গোল্ডি ব্ৰাৰৰ গেং।
দিল্লী আৰু হাৰিয়ানাত হিমাংশুৰ গেং সদস্যসকলৰ বিৰুদ্ধে একাধিক হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰৰ সন্মুখত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাতো তেওঁ জড়িত আছিল।
দক্ষিণ দিল্লীৰ ফতেহপুৰত জিম প্ৰশিক্ষকক গুলীয়াই হত্যা কৰাৰ আঁৰতো হিমাংশু আছিল বুলি অভিযোগ উঠিছে। ২০২২ চনত হাৰিয়ানাত ২৪ ঘন্টাৰ ভিতৰত একেৰাহে তিনিটা হত্যাকাণ্ড সংঘটিত হৈছিল। ইয়াৰ পিছত আৰক্ষীৰ নজৰলৈ আহে হিমাংশু।




