কোনো প্ৰসংগকলৈ চৰকাৰৰ মতৰ বিৰুদ্ধে যোৱা মানেই ৰাষ্ট্ৰদোহ কৰাটো নুবুজায়।
আজি এই মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে।
কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেছনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লাই কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা বাতিল কৰাৰ বিৰুদ্ধে যি বিবৃতি প্ৰকাশ কৰিছিল সেই বিবৃতিক প্ৰত্যাহ্বান জনাই আদালতত আবেদন জনাইছিল এজন লোকে।
সেই আবেদনৰ শুনানি গ্ৰহণ কৰি আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কিষাণ কৌলে কয় যে কাৰোৱাৰ দৃষ্টিভংগী চৰকাৰৰ সৈতে নিমিলিলেই তাক ৰাষ্ট্ৰদ্ৰোহ বুলি ক’ব পৰা নাযায়।
ন্যায়াধীশগৰাকীয়ে সেয়ে ফাৰুক আব্দুল্লাৰ বিৰুদ্ধে দাখিল কৰা আবেদন খন খাৰিজ কৰে।
উল্লেখ্য ফাৰুক আব্দুল্লাই কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা বিলোপ কৰাৰ বিৰুদ্ধে যুঁজিবলৈ চীন আৰু পাকিস্থানৰ পৰা সহায় লোৱা বুলিও আবেদনকাৰীয়ে আবেদন খনত উল্লেখ কৰিছিল।
আজি আবেদনকাৰী লোকজনে চীন আৰু পাকিস্তানৰ সৈতে আব্দুল্লাৰ সম্পৰ্ক থকাৰ কথা প্ৰমাণ কৰিবলৈ অসমৰ্থ হোৱাত আদালতে ওলোটাই লোক জনক ৫০ হাজাৰ টকাৰ জৰিমনা বিহে।
স্মৰ্তব্য যে ২০১৯ চনৰ ৫ আগষ্টৰ দিনা কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা বিলোপ কৰিছিল।
চৰকাৰৰ এনে পদক্ষেপৰ বিৰুদ্ধে ফাৰুক আব্দুল্লাকে ধৰি উপত্যকাটোৰ বহু নেতা-নেত্ৰীয়ে তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰি আহিছে।
চৰকাৰে প্ৰতিবাদ অধিক বিয়পি পৰাৰ আশংকা কৰিয়েই বহু নেতা-নেত্ৰীক দীৰ্ঘদিন ধৰি গৃহবন্দী কৰিও ৰাখিছিল।
আনকি ফাৰুক আব্দুল্লাকো গৃহবন্দী কৰা হৈছিল।