নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গঠন হোৱা ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ কৰিছে।
আজি ডঃ গোঁহায়ে আয়োজন কৰা এখন সংবাদমেলত ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।
কালি কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈয়ে এআইইউডিএফ থাকিলে কংগ্ৰেছ মহাজোঁটৰ সৈতে মিত্ৰ সম্ভৱ নহয় বুলি এখন পত্ৰ যোগে ব্যক্ত কৰাৰ পিছতে আজি দলটোৰ উপদেষ্টা হীৰেন গোঁহাইয়ে পদত্যাগ কৰে।
অখিল গগৈৰ মতৰ সৈতে তেওঁৰ মতৰ অমিল হোৱা বাবেই ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ কৰা বুলি ডঃ হীৰেন গোঁহাইয়ে প্ৰকাশ কৰে।
তদুপৰি অখিল গগৈয়ে বিজেপিৰ বিৰুদ্ধে প্ৰতিটো সমষ্টিত বিৰোধীৰ এজনকৈ প্ৰাৰ্থী দিয়াৰ বিষয়তহে জোৰ দিছিল।এই কথাৰো গোঁহাইয়ে বিৰোধিতা কৰে।
উল্লেখ্য কালি কংগ্ৰেছ মহাজোঁটৰ পৰা এ আই ইউ ডি এফক আঁতৰালে ৰাইজৰ দলে মহাজোঁটক সমৰ্থন আগবঢ়াব বুলি কাৰাগাৰৰ পৰা প্ৰেৰণ কৰা এক চিঠিত উল্লেখ কৰিছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।
কালি গুৱাহাটীস্থ ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলটোৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই অখিল গগৈয়ে প্ৰেৰণ কৰা এখন চিঠি পাঠ কৰি এই কথা জনাইছিল।
বিজেপি আৰু এ আই ইউ ডি এফ একেই সাম্প্ৰদায়িক বুলি উল্লেখ কৰি গগৈয়ে চিঠিত লিখিছিল, ‘কোনো সাম্প্ৰদায়িক শক্তিৰ সৈতে মিত্ৰতা নকৰে ৰাইজৰ দলে। মিত্ৰতা কেৱল অসম জাতীয় পৰিষদৰ লগতহে আমাৰ অক্ষুন্ন থাকিব’।
ইপিনে, উক্ত সংবাদমেলতে এ আই ইউ ডি এফ আৰু বিজেপিৰ মাজত গোপন মিত্ৰতা আছে বুলিও দাবী কৰিছিল ভাস্ক’ ডি শইকীয়াই।
পত্ৰখনত অখিল গগৈয়ে লগতে্ কৈছিল ‘ কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাক লৈ সন্তুষ্ট নহয় তথা এয়া ঐতিহাসিক ভুল সিদ্ধান্ত ‘।
তদুপৰি অখিল গগৈয়ে গণবিৰোধী বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে বিৰোধী দলবোৰৰ এজন উমৈহতীয়া প্ৰাৰ্থী থিয় কৰোৱাৰ পোষকতা কৰি পত্ৰ খনত কৈছিল ‘বিৰোধী দলসমূহৰ সাম্প্ৰতিক ৰাজনৈতিক কৌশল মুঠেও বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাৰ বাবে যথোপযুক্ত নহয়।
বিৰোধী দল মানে মই কংগ্ৰেছ, চিপিআই, চিপিআই(এম), অসম জাতীয় পৰিষদ, আঞ্চলিক গণ মৰ্চা আৰু ৰাইজৰ দলক বুজাইছো। এআইয়ুডিএফৰ উপস্থিতিয়ে বিজেপিক শক্তিশালী কৰে আৰু বিজেপিৰ উপস্থিতিয়ে এআইয়ুডিএফক শক্তিশালী কৰে।‘