• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছটা বলত ছটা চিক্সাৰ! যুৱৰাজ সিঙৰ অভিলেখ ভংগ কৰিলে কিয়েৰণ পোলাৰ্ডে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2021 4:18 pm
ছটা বলত ছটা চিক্সাৰ! যুৱৰাজ সিঙৰ অভিলেখ ভংগ কৰিলে কিয়েৰণ পোলাৰ্ডে
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা অভাৰৰ আটাইকেওটা বলতে চিক্সাৰ কোবাই জিলিকি উঠিল ৱেষ্ট ইণ্ডিজৰ কিয়েৰণ পোলাৰ্ড।

বুধবাৰে এণ্টিগুৱা এণ্ড বাৰবাডোৱাৰ ষ্টেনফ’ৰ্ড ক্ৰিকেট গ্ৰাউণ্ডত শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ শৃংখলাৰ প্ৰথমখথন মেচত ৱেষ্ট ইণ্ডিজৰ অধিনায়কজনে এই প্ৰদৰ্শনেৰে ভাৰতৰ যুৱৰাজ সিঙৰ অভিলেখ স্পৰ্শ কৰিবলৈ কৰিবলৈ সক্ষম হয়।

পোলাৰ্ডৰ এই প্ৰদৰ্শনৰ দ্বাৰাই দলটোৱে চাৰি উইকেটত জয়ৰ মুখ দেখে।

এইক্ষেত্ৰত পোলাৰ্ডে বাচি লয় শ্ৰীলংকান অফ-স্পীনাৰ আকিলা ধনঞ্জয়ক।

উল্লেখযোগ্য যে ধনঞ্জয়ে পোলাৰ্ড উইকেটলৈ অহাৰ পূৰ্বৰ অভাৰটোত হেট্ৰিক অৰ্জন কৰি ৱেষ্ট ইণ্ডিজৰ বেটিংক্ৰমত ত্ৰাসৰ সৃষ্টি কৰিছিল।

ল’ স্কৰিং মেচখনত প্ৰথম বেট ধৰি শ্ৰীলংকাৰ ১৩১ ৰাণৰ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে সুন্দৰ আৰম্ভণি ঘটালেও ধনঞ্জয়ৰ বলত তৃতীয় অভাৰত ৫২ ৰাণতে তিনিটাকৈ উইকেট হেৰুৱায়।

তাৰ পাছতে কোলাৰ্ডৰ পৰাক্ৰমে ছয় অভাৰতে ১০০ ৰাণৰ সীমা অতিক্ৰম কৰে।

পোলাৰ্ডে ১১ টা বলতে ৩৮ ৰাণৰ বৰঙণি আগবঢ়ায় আৰু ৱেষ্ট ইণ্ডিজ চাৰি উইকেটত জয়ী হয়।

উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত ইয়াৰ পূৰ্বে যুৱৰাজ সিঙে ছটা বলত ছটা চিক্সাৰ কোবাবলৈ সক্ষম হৈছিল।

২০০৭ চনৰ টি-২০ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ষ্টুৱাৰ্ট ব্ৰ’ডৰ বলত তেওঁ এই অভিলেখৰ গৰাকী হৈছিল।

তাৰ পূৰ্বে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত দক্ষিণ আফ্ৰিকাৰ হাৰ্চেল গিবচে ছটা বলত ছটা চিক্সাৰ কোবাইছিল।

টুইটাৰযোগে যুৱৰাজ সিং আৰু হাৰ্চেল গিবচে কিয়েৰণ পোলাৰ্ডক অভিনন্দন জনাইছে।

March a popular month for hitting 6x6s
16/3/2007 and 3/3/2021 congrats @KieronPollard55 👊

— Herschelle Gibbs (@hershybru) March 4, 2021

হাৰ্চেল গিবচে টুইটটোত নিজৰ অভিলেখটোৰ কথা সোঁৱৰণ কৰি কয় যে মাৰ্চ মাহটো চিক্সাৰ মৰাৰ বাবে এটা জনপ্ৰিয় মাহ!

উল্লেখযোগ্য যে ২০০৭ চনৰ মাৰ্চ মাহতে এদিনীয়া বিশ্বকাপৰ লীগ মেচত নেদাৰলেণ্ডৰ বিৰুদ্ধে ছটা বলত ছটা চিক্সাৰ কোবাইছিল।

টুইটযোগে যুৱৰাজ সিঙে ‘ছয় বলত ছয় চিক্সাৰৰ ক্লাব’লৈ পোলাৰ্ডক আদৰণি জনাইছে।

Welcome to the club @KieronPollard55 #sixsixes you beauty !!!⭐️ 🌟 ⭐️🌟⭐️🌟

— Yuvraj Singh (@YUVSTRONG12) March 4, 2021

তদুপৰি আইপিএল মুম্বাই ইণ্ডিয়ানচেও পোলাৰ্ডৰ এই প্ৰদৰ্শনত অভিভূত হৈছে।

Use a GIF to salute the LLORD 😍#OneFamily #MumbaiIndians #WIvSL @windiescricket @KieronPollard55

pic.twitter.com/6fnxlDIO0D

— Mumbai Indians (@mipaltan) March 4, 2021

উল্লেখযোগ্য যে কিয়েৰণ পোলাৰ্ড মুম্বাই ইণ্ডিয়ানছৰ নিয়মীয়া সদস্য।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বয়স বাঢ়িছে, কিন্তু পৰিপক্ক হৈছেনে? কিদৰে জানিব এই কথা…

বয়স বাঢ়িছে, কিন্তু পৰিপক্ক হৈছেনে? কিদৰে জানিব এই কথা…

August 21, 2025 6:30 am
ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

August 20, 2025 9:00 pm
জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

August 20, 2025 7:29 pm
অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

August 20, 2025 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বয়স বাঢ়িছে, কিন্তু পৰিপক্ক হৈছেনে? কিদৰে জানিব এই কথা…

বয়স বাঢ়িছে, কিন্তু পৰিপক্ক হৈছেনে? কিদৰে জানিব এই কথা…

August 21, 2025 6:30 am
ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

August 20, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd