• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিয়ে কি গতি কইলে, কি মতি দিলে অগপক? গেৰুৱা দলে এইবাৰ নি:শেষ কৰিব আঞ্চলিকতাবাদ!

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
March 5, 2021 3:08 pm
BJP-AGP
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্ভাগ্যজনকভাৱে এতিয়া অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত অৱতীৰ্ণ হ’বলগীয়া হৈছে অসমত দুবাৰকৈ শাসন-ক্ষমতা দখল কৰা তথা ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত গঠিত ৰাজ্যখনৰ এসময়ৰ শক্তিশালী আঞ্চলিক জাতীয়তাবাদী দল অসম গণ পৰিষদ।

শেহতীয়া বাতৰি অনুসৰি, বিজেপিয়ে এইবাৰৰ বিধানসভা নিৰ্বাচনত আঞ্চলিক দল অগপত মাত্ৰ ২৬খন আসন এৰি দিব। আনহাতে, বিজেপিয়ে নিজেই ৯২খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব।

Apply Now

চাবলৈ গ’লে বৰ্তমান বিজেপি দলটোৰ চলি থকা চৰকাৰখনৰ আধা অংশ কংগ্ৰেছী মূলৰ ব্যক্তি হোৱাৰ বিপৰীতে বাকী প্ৰায় আধা অংশ আঞ্চলিক দলৰ পৰা প্ৰব্ৰজন কৰি অহা ব্যক্তি।

ৰাষ্ট্ৰীয়তাবাদী বিজেপি দলত জীণ যোৱা এই নেতাসকলে এতিয়া অসমত আঞ্চলিক জাতীয়তাবাদী শক্তিক নি:শেষ কৰাৰ প্ৰধান সেনাপতিৰ ৰূপত অৱতীৰ্ণ হৈছে।

ক্ষমতাৰ ৰাজনীতিত কেবল শ্ল’গান সৰ্বস্বতাৰে তথা প্ৰতিশ্ৰুতিৰ দাঙিব নোৱাৰা বোজাৰে অসমৰ জনসাধাৰণক মোহান্বিত কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পাং পাতিছে বিজেপিৰ এইসকল নেতাই।

পৰিতাপৰ কথাটো হ’ল ২০১৬ত অসম গণ পৰিষদ তথা আন আঞ্চলিক জাতীয়তাবাদী শক্তিক সাৰথি কৰিয়েই জাতি-মাটি-ভেটিৰ শ্ল’গানেৰে অসমীয়া জনসাধাৰণৰ আস্থা অৰ্জন কৰি বিজেপিয়ে অসমত চৰকাৰ কৰিবলৈ সফল হয়।

আঞ্চলিকতাবাদী অগপৰ বোকোচাত উঠিয়েই বিজেপিয়ে অসমৰ ৰাজনীতিত খোপনি পুতি এতিয়া আঞ্চলিক দলটোক নিজৰ বহতীয়া কৰিবলৈ সক্ষম হৈছে।

আনহাতে, অগপৰ বৰ্তমান নেতৃত্ব ইমানেই ৰাষ্ট্ৰীয়তাবাদৰ ওচৰত নতজানু হৈ পৰিছে যে নিজৰ জাতীয় স্বাভিমান ত্যাগ কৰি দিল্লীৰ নেতাৰ শ্ৰুতলিপি লৈয়েই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে।

বিজেপিয়েও ‘এদেও দুদেও লতা নিয়াৰ ছেও’ নীতিৰে অগপৰ পৰা সৰ্বস্ব কাঢ়ি লৈ অসমত ৰাষ্ট্ৰীয়তাবাদৰ ধ্বজা উৰুৱাব বিচাৰিছে। অগপৰ নেতাসকলে এতিয়া নিৰ্বাচন খেলিবলৈকো বিজেপি নেতাৰ আশীৰ্বাদৰ ওপৰতহে নিৰ্ভৰ কৰিবলগীয়া হৈছে।

অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত অৱতীৰ্ণ হৈ ১৯৮৫ চনত জন্মগ্ৰহণ কৰা ৰাজ্যখনৰ শক্তিশালী আঞ্চলিক দলটোৱে এতিয়া নিজৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামতহে অৱতীৰ্ণ হ’বলগীয়া হৈছে।

অসমৰ আঞ্চলিকতাবাদী তথা জাতীয়তাবাদী জনসাধাৰণৰ আস্থা হেৰুৱাৰ পাছত অগপৰ এতিয়া নাজল-নাথল অৱস্থা। ক’বলৈ গ’লে অগপই এতিয়া বিজেপিক এৰিবও নোৱাৰে, নিজাকৈ ৰাইজৰ মাজলৈ যাবও নোৱাৰে।

ইপিনে, অগপৰ বৰ্তমান শীৰ্ষ নেতৃত্ব এতিয়া বিজেপিৰ কবলত এনেদৰে পৰিছে যে তেওঁলোকে নিজৰেই একালৰ সতীৰ্থ তথা জ্যেষ্ঠ নেতাসকলকো পৰিত্যাগ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই।

আনহে নালাগে, বিজেপি নেতাৰ প্ৰৰোচনাতে অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক বঢ়মপুৰত টিকট নিদিয়াৰ দৰে সিদ্ধান্ত ল’বলৈকো কুণ্ঠাবোধ নকৰিলে বৰ্তমান অগপ নেতৃত্বই।

মুঠতে অগপ এতিয়া গেৰুৱা দলটোৰ গ্ৰাসত এনেদৰে সোমাই পৰিছে যে উশাহ ল’বলৈকো যেন দলীয় নেতৃত্বই বিজেপি নেতৃত্বৰ অনুমতি ল’ব লাগিব।

অসমৰ বৃহৎ আঞ্চলিক জাতীয়তাবাদী দলটোৰ এনে দশা দেখি জাতীয় স্বাভিমানৰ আদৰ্শ কঢ়িয়াই ফুৰা অসমীয়া জনসাধাৰণে নিৰাশাত ভূগিবলগীয়া হৈছে।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd