• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি মিত্ৰজোঁটত অসন্তুষ্টি: অতুল বৰা মুৰ্দাবাদ, RSS মুৰ্দাবাদ ধ্বনিত কঁপিল বিশ্বনাথ

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
March 6, 2021 6:55 pm
bhaba
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতুল বৰা মুৰ্দাবাদ, RSS মুৰ্দাবাদ ধ্বনিত কঁপিল বিশ্বনাথ।প্ৰাৰ্থিত্বকেন্দ্ৰীক সংঘাতে  আজি বিশ্বনাথত তীব্ৰতৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হয়।অগপৰ বিশ্বনাথ সমষ্টিৰ টিকট বঞ্চিত প্ৰাক্তন বিধায়ক প্ৰবীন হাজৰিকাৰ সমৰ্থকসকলে আজি কঁপাই তোলে বিশ্বনাথ চহৰ।

‘৭৬ নং বিশ্বনাথ বিধান সভা সমষ্টিটো RSS ৰ চাপ মৰা সমষ্টি ।গতিকে RSS ৰ আসনত অকল RSS য়ে ভোট দিয়ক’। এই মন্তব্য অগপৰ বিশ্বনাথ সমষ্টিৰ টিকট বঞ্চিত প্ৰাক্তন বিধায়ক প্ৰবীন হাজৰিকাৰ।

Apply Now

আজি বিশ্বনাথ জিলাৰ অগপ কাৰ্যালয়ত অনুষ্ঠিত এক দলীয় সভাত অগপৰ প্ৰাক্তন বিধায়ক প্ৰবীণ হাজৰিকাই অভিযোগ কৰে যে একমাত্ৰ RSS ৰ বাবেই দলীয় প্ৰাৰ্থিত্ব পোৱাৰ পৰা বঞ্চিত হল অগপ।

নতুন দিল্লীত ৰাষ্ট্ৰীয় নেতৃত্বৰ লগত হোৱা আলোচনাত বি এল সন্তুোষ নামৰ RSS ৰ নেতা জনে বিশ্বনাথ সমষ্টিৰ আসন খন RSS ৰ আসন বুলি দাবী কৰি এই আসন কোনো কাৰণতে অগপক এৰি দিয়া নহব বুলি কৈ বিশ্বনাথ সমষ্টিৰ আসনখন বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে।

সেই কথা আজি অগপৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে ৰাজহুৱা ভাবে ঘোষণা কৰে আৰু গৰজি উঠি হাজৰিকাই কয় যে যদি বিশ্বনাথৰ এই আসনখন RSS ৰে আসন হয়, তেনেহলে RSS ৰ আসনত কেৱল RSS ৰ লোকেই ভোট দিয়ক।

প্ৰাক্তন বিধায়ক গৰাকীয়ে এই কথা উল্লেখ কৰাৰ লগে লগে অগপৰ কাৰ্যালয়ৰ চৌদিশে RSS মুৰ্দাবাদ ধ্বনি শুনা গল।

আনহাতে অগপ কৰ্মী সকলে অতুল বৰা মুৰ্দাবাদ ধ্বনিও দিয়ে।

সকলো দলীয় নেতা কৰ্মীয়ে প্ৰাক্তন অগপ বিধায়ক হাজৰিকাক বিশ্বনাথ বিধান সভাৰ পৰা নিৰ্দলীয় ভাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈও দাবী জনায় আৰু প্ৰাক্তন বিধায়ক গৰাকীও এই দাবীক সন্মান জনাই মাত্ৰ আজিৰ দিনটোৰ সময় বিচাৰিলে এই প্ৰস্তাব চিন্তা কৰাৰ বাবে।

এই সভাতে প্ৰাক্তন বিধায়ক হাজৰিকাই কয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথৰ আসনখন অগপৰ হৈ প্ৰবীণ হাজৰিকাক এৰি দিয়াৰ বাবে কেন্দ্ৰীয় নেতৃবৰ্গক কৈছিল যদিও RSS নেতা বি এল সন্তোষে বিশ্বনাথৰ আসন খন RSS ৰ বুলি দাবী কৰে আৰু বি এল সন্তোষৰ কথা পেলাব নোৱাৰি অৱশেষত বিজেপিৰ প্ৰমোদ বৰঠাকুৰক বিশ্বনাথত টিকট প্ৰদান কৰে।

উল্লেখ্য যে ২০১৬ চনৰ পুৰ্বে বিশ্বনাথ সমষ্টিৰ বিধায়ক হিচাপে অগপৰ বিধায়ক প্ৰবীন হাজৰিকাই মিত্ৰ জোঁটৰ খাতিৰত ২০১৬ চনত বিশ্বনাথ বিধান সভা সমষ্টি বিজেপিক এৰি দিছিল ।

সেই সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অগপৰ প্ৰবীণ হাজৰিকাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে ২০২‍১ চনৰ বিধান সভা নিৰ্বাচনত বিশ্বনাথৰ আসনখন পুনৰ অগপক ওভতাই দিয়া হব বুলি।কিন্তু কাৰ্যক্ষেত্ৰত সেইয়া নহল।যাৰ বাবে এতিয়া বিশ্বনাথ অগপত মিত্ৰজোঁটৰ বিৰুদ্ধে বিদ্ৰোহৰ উকমুকনি আৰম্ভ হৈছে।

ইফালে যদিহে প্ৰবীণ হাজৰিকাই নিৰ্দলীয় ৰূপে প্ৰাৰ্থিত্ব আগবঢ়াই তেন্তে বিশ্বনাথৰ ৰাজনৈতিক সমীকৰণ সলনি হোৱাৰ সম্ভাৱনা আছে।

কাজী জেইদুল ইছলাম

কাজী জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd