গ্ৰাম্যাঞ্চল লোকসকলৰ মাজত স্বাস্থ্য সজাগতা বৃদ্ধি কৰা আৰু আৰ্থিক অভাৱত চিকিৎসাৰ পৰা বিৰত থকা লোকসকলৰ বাবে আগবাঢ়ি আহিছে সেনাৰ ৰেড হৰ্ন ডিভিজন। সেনাৰ এই ডিভিজনটোৱে ওদালগুৰি জিলাৰ ভিতৰুৱা গাঁও ইক্ৰাবাৰীত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰিছে এক স্বাস্থ্য শিবিৰৰ।
এই শিবিৰটোত ৰেড হৰ্ন ডিভিজনৰ চাৰিজন সেনা, আঠগৰাকী চিকিৎসক, নাৰ্ছৰ লগতে বহুটো চিকিৎসা কৰ্মীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি আৰএনটিচিপি, আৰবিএছকে আৰু মেলেৰিয়া চিনাক্তকৰণ আৰু চিকিৎসাৰো একোটাকৈ দলে এই শিবিৰত অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।
স্বাস্থ্য শিবিৰৰ প্রথম দিনাৰ প্ৰথম কাৰ্যসূচী হিচাপে উক্ত অঞ্চলৰ প্ৰায় ১৮৫০জন লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে ঔষধ পাতি প্ৰদান কৰা হয়। ঔষধ যোগান ধৰাৰ উপৰি গোলান্দিস্থিত সেনা শিবিৰৰ তৰফৰ পৰা বিশেষভাৱে সক্ষম লোকসকলৰ বাবে হুইল চেয়াৰ, শ্ৰৱন যন্ত্ৰ আৰু পেং বিতৰণ কৰা হয়।
উক্ত স্বাস্থ্য শিবিকৰটোৰ সৈতে সংগতি ৰাখি ইক্ৰাবাৰীৰ গাওঁ সভাই আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন কাৰ্যসূচী ৰূপায়ন হোৱাৰ লগতে অঞ্চলবাসীক বিশেষভাৱে আকৰ্ষিত কৰে সেনাৰ বেণ্ড দলটোৱে।
আনহাতে স্থানীয় যুৱক সকল সেনাত ভৰ্তি হোৱাৰ বাবে আকৰ্ষিত কৰাৰ উদ্দেশ্যে ‘জইন ইণ্ডিয়ান আৰ্মী’ শীৰ্ষক এক অনুষ্ঠানৰো আয়োজন কৰিছিল। এই অনুষ্ঠানত সেনাৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলে স্থানীয় যুৱকসকলৰ লগত মত বিনিময় কৰাৰ লগতে ভাৰতীয় সেনাত ভৰ্তী হ’বলৈ অনুপ্ৰাণিত কৰা দেখা যায়।