• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লোকসভাত ৰাষ্ট্ৰদ্ৰোহীতাৰ গোচৰক লৈ তীব্ৰ বাকযু্দ্ধত লিপ্ত শাসক-বিৰোধী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2021 8:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মংগলবাৰে লোকসভাত শাসক-বিৰোধীৰ বাকযুদ্ধ তুংগত উঠে।

ৰাষ্ট্ৰদ্ৰোহীতাৰ গোচৰক লৈ এই বাকযুদ্ধ চলে।

Apply Now

বিৰোধী দল কংগ্ৰেছে শাসকীয় পক্ষৰ বিৰুদ্ধে অভিযোগ কৰি কয় যে ৰাষ্ট্ৰদ্ৰোহীতাৰ কঠোৰ আইনখনক বিজেপি চৰকাৰে অপব্যৱহাৰ কৰিছে।

লোকসভাৰ প্ৰশ্নোত্তৰ কালত তেলেংগানাৰ কংগ্ৰেছ সাংসদ আনুমুলা ৰেৱনাথ ৰেড্ডীয়ে যোৱা দহ বছৰত পঞ্জীয়ন হোৱা ৰাষ্ট্ৰদ্ৰোহীতাৰ গোচৰসমূহৰ বিষয়ে প্ৰশ্ন সুধি লোকসভাৰ অধ্যক্ষৰ দৃষ্টিগোচৰ কৰে।

তেওঁৰ এই প্ৰশ্নৰ মূলতে আছিল জলবায়ু কৰ্মী দিশা ৰৱী আৰু ২৬ জানুৱাৰীৰ ট্ৰেক্টৰ ৰেলীত অংশগ্ৰহণ কৰা কৃষক নেতাসকলৰ ওপৰত আৰোপ কৰা ৰাষ্ট্ৰদ্ৰোহীতাৰ গোচৰসমূহ।

কেন্দ্ৰৰ ৰাজ্যিক গৃহ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে এই সম্পৰ্কে এটা লিখিত উত্তৰ সংসদত দাখিল কৰে।

মন্ত্ৰীজনে কয় যে ২০১৪ চনত ৪৭ টা, ২০১৫ চনত ৩০ টা, ২০১৬ চনত ৩৫টা, ২০১৭ চনত ৫১টা, ২০১৮ চনত ৭০টা আৰু ২০১৯ চনত ৯৩টাকৈ ৰাষ্ট্ৰদোহীতাৰ গোচৰ পঞ্জীয়ন কৰা হয়।

তথ্যসমূহ দাখিল কৰি মন্ত্ৰীজনে কয় যে এই গোচৰসমূহৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো হস্তক্ষেপ তথা জড়িত হোৱা নাই।

আনহাতে, কংগ্ৰেছ সাংসদ আনুমুলা মন্ত্ৰীজনৰ এই উত্তৰত সন্তুষ্ট নহ’ল।

তেওঁ কয় যে তেওঁ যোৱা ১০ বছৰৰ তথ্যসমূহ দেখা পাইছে কিন্তু সংসদত মাত্ৰ ২০১৪ চনৰ পৰা ২০১৯ চনৰ তথ্যসমূহহে দাখিল কৰা হৈছে।

”অসম্পূৰ্ণ তথ্যৰে সংসদত বিপথে পৰিচালিত কৰা হৈছে।”- সাংসদজনে কয়।

তেওঁ কয় যে ২০১৪ চনৰ পৰা চৰকাৰৰ নীতিসমূহ যিসকলে সমালোচনা কৰি আহিছে, তেওঁলোকৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহীতাৰ গোচৰ জাপি দিয়া হৈছে।

সাংসদজনৰ এই অভিযোগৰ উত্তৰ হিচাপে কেন্দ্ৰীয় মন্ত্ৰী ৰেড্ডীয়ে কয় যে এই সকলো তথ্য নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৱে দেশৰ সকলো ৰাজ্যৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত উপস্থাপন কৰা হৈছে।

কংগ্ৰেছক সমালোচনা কৰি মন্ত্ৰীজনে কয় যে বিজেপি চৰকাৰ অহাৰ আগলৈকে কংগ্ৰেছে ৰাষ্ট্ৰদোহীতাৰ গোচৰৰ সলনি এনেধৰণৰ গোচৰসমূহ ভাৰতীয় দণ্ডবিধি আইনতে সন্নিৱিষ্ট কৰিছিল, কিন্তু বিজেপি চৰকাৰ অহাৰ পাছত ৰাষ্ট্ৰদ্ৰোহীতাৰ গোচৰসমূহক স্বতন্ত্ৰতা প্ৰদান কৰা হয়।

তদুপৰি সামাজিক মাধ্যমৰ উত্থানৰ ফলত গণতন্ত্ৰৰ ওপৰত বক্তব্যপ্ৰদান কৰাৰ পাছতো বহুতক ৰাষ্ট্ৰদ্ৰোহী গোচৰ তুলনামূলকভাৱে অতি কম বুলি মন্ত্ৰীজনে কয়।

কংগ্ৰেছ সাংসদ মনিষ তেৱাৰীয়েও বিজেপি  চৰকাৰক সমালোচনা কৰে।

তেওঁ কয় যে ভাৰতীয় দণ্ডবিধি আইনৰ ১২৪এ ধাৰাৰ ৰাষ্ট্ৰদ্ৰোহী গোচৰসমূহৰ ক্ষেত্ৰদত কেন্দ্ৰীয় চৰকাৰে অপব্যৱহাৰ কৰিছে।

ইয়াৰ দ্বাৰা বাকস্বাধিনতাক দমন কৰা হৈছে বুলি তেৱাৰীয়ে অভিযোগ কৰে।

ইয়াৰ প্ৰত্যুত্তৰত, কেন্দ্ৰীয় মন্ত্ৰী ৰেড্ডীয়ে কয় যে কংগ্ৰেছে এই ভাষণ দিয়াৰ প্ৰয়োজন নাই।

তেওঁ কয় যে বিৰোধী নেতা জয়প্ৰকাশ নাৰায়ণ আৰু অটল বিহাৰী বাজপেয়ীৰ ওপৰত মেইণ্টেনেন্স অৱ ইণ্টাৰনেল চিকিউৰিটী এক্ট (মিছা) জাপি দি কংগ্ৰেছে ইয়াৰ পূৰ্বেই এই আইনক অপব্যৱহাৰ কৰি থৈছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd