• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সীমান্ত অঞ্চলৰ লগতে জটিল ভোটগ্ৰহণ কেন্দ্ৰসমূহত নিয়োগ কৰা হ’ব অৰ্ধ সামৰিক বাহিনী

ভোটগ্ৰহণ প্ৰক্ৰিয়াত নিয়োজিত অসামৰিক আৰু আৰক্ষী বিষয়াসকলৰ যুটীয়া বৈঠক সম্পন্ন

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
March 24, 2021 10:04 am
IMG-20210323-WA0031

ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ ৯৫ নং গোলাঘাট আৰু ৯৬ নং খুমটাই সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়াত নিয়োজিত অসামৰিক আৰু আৰক্ষী বিষয়াসকলৰ মঙলবাৰে এখন যুটীয়া বৈঠক অনুষ্ঠিত হয়।

গোলাঘাটৰ সতী সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে ভোটগ্ৰহণত নিয়োজিত আৰক্ষী আৰু অসামৰিক বিষয়াসকলক সহযোগিতাৰে কাম কৰিবলৈ আহ্বান জনায়।

Apply Now

আৰক্ষী আৰু অসামৰিক খণ্ডৰ চেক্টৰ আৰু জ’নেল বিষয়াসকলৰ মাজত সু-সমন্বয় ৰক্ষা কৰিব পাৰিলেহে সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন হ’ব বুলি তেওঁ মত প্ৰকাশ কৰে।

তেওঁ কয় যে নাগালেণ্ডৰ সৈতে থকা সীমান্ত অঞ্চলৰ লগতে জটিল ভোটগ্ৰহণ কেন্দ্ৰসমূহত অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰা হ’ব। প্ৰতিটো ভোটগ্ৰহন কেন্দ্ৰত নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰা হ’ব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে।

সিঙে লগতে যিকোনো আইন শৃংখলাজনিত পৰিস্থিতিত আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ ০৩৭৭৪-২৮৫০৩৩ আৰু ৬০২৬৯-০০৫৩৩ ত যোগাযোগ কৰিবলৈ আহ্বান জনায়।

অনুষ্ঠানত অংশ লৈ জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে বিষয়াসকলক নিজৰ ভোটগ্ৰহণ কেন্দ্ৰ আৰু তাত নিয়োজিত অন্য বিষয়া-কৰ্মচাৰীসকলৰ বিষয়ে জানিবলৈ আৰু বিতং তথ্যৰ বাবে “প’ল সম্পৰ্ক” নামৰ মোবাইল এপ ব্যৱহাৰ কৰিবৰ বাবে আহ্বান জনায়।

ভোটগ্ৰহণ কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যাতে কোনো ধৰণৰ অপ্ৰয়োজনীয় ভিৰ নহয়, সেইয়া সুনিশ্চিত কৰিবলৈ তেওঁ বিষয়াসকলৰ প্ৰতি পৰামৰ্শ আগবঢ়ায়।

সমগ্ৰ প্ৰক্ৰিয়াটোত কোভিড-১৯ৰ নীতি-নিৰ্দেশনাসমূহ যাতে পালন কৰা হয়, তাৰ বাবেও সজাগ হ’বলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে।

অনুষ্ঠানটোৰ আঁত ধৰে অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাই। সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অভিজিৎ বৰুৱা আৰু বিভিন্ন বাহিনীৰ কমাণ্ডাৰসকলৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ভালেমান বিষয়া উপস্থিত আছিল।

মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd