• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লোকসভাৰ পাছত বিৰোধীৰ প্ৰবল প্ৰতিবাদ সত্বেও ৰাজ্যসভাতো গৃহিত কৰা হ’ল এন.চি.টি. বিল

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2021 8:37 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যসভাত বুধবাৰে বিতৰ্কিত এন.চি.টি. বিধেয়ক গৃহিত কৰা হয়।

বিধেয়কখনৰ সম্পূৰ্ণ নাম- দ্যা গভাৰ্ণমেণ্ট অৱ নেচনেল কেপিটেল টেৰিটৰী অৱ দিল্লী (এমেণ্ডমেণ্ট) বিল ২০২১।

Apply Now

বিধেয়কখন গৃহিত কৰাৰ সময়ত ৰাজ্যসভাত হুলস্থূলীয়া পৰিস্থিতৰ সৃষ্টি হয়।

বিৰোধী দলসমূহে প্ৰতিবাদস্বৰূপে সদন পৰিত্যাগ কৰে।

উল্লেখযোগ্য যে এই এনচিটি বিলখন ২২ মাৰ্চত লোকসভাত গৃহিত হৈ গৈছে।

এই বিধেয়কখনৰ দ্বাৰা দিল্লীৰ নিৰ্বাচিত চৰকাৰতকৈ দিল্লীৰ লিউটেনাণ্ট-গভৰ্ণৰ, চমুকৈ এল-জিক অধিক ক্ষমতা প্ৰদান কৰা হ’ব?

বিধেয়কখন আইনত পৰিণত হোৱাৰ পাছত দিল্লী চৰকাৰে যিকোনো প্ৰশাসনিক ব্যৱস্থা লোৱাৰ পূৰ্বে এল-জিৰ মতামত লোৱাটো বাধ্যতামূলক হ’ব।

ইয়াৰ বিৰোধিতা কৰি দিল্লীৰ কেজৰিৱাল চৰকাৰে কয় যে ইয়াৰ দ্বাৰা জনসাধাৰণে নিৰ্বাচিত কৰা চৰকাৰখনক হেয় প্ৰতিপন্ন কৰা হৈছে।

ৰাজ্যসভাত ৮৩জন সদস্যই বিধেয়কখনৰ সপক্ষত ভোট দিয়াৰ বিপৰীতে ৪৫ জনে বিৰোধিতা কৰে।

বিধেয়কখন গৃহিত কৰাৰ সময়ত বিৰোধী সাংসদসকলৰ প্ৰতিবাদৰ ফলস্বৰূপে সদন কেইবাবাৰো স্থগিত ৰাখিব লগা হয়।

বিৰোধী দলপতি তথা কংগ্ৰেছ সাংসদ মল্লিকাৰ্জুন খৰ্গেই বিধেয়কখনক ‘অসাংবিধানিক’ আখ্যা দিছে।

আম আদমী পাৰ্টিৰ সাংসদ সঞ্জয় সিঙে কয় যে কেন্দ্ৰৰ বিজেপি চৰকাৰে দিল্লী নিৰ্বাচনত দুবাৰকৈ পৰাস্ত হোৱাৰ বাবেই বিধেয়কখন উত্থাপন কৰিছে।

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ দলপতি অৰবিন্দ কেজৰিৱালে বুধবাৰৰ দিনটো ভাৰতীয় গণতন্ত্ৰৰ বাবে দুখৰ দিন হিচাপে অভিহিত কৰিছে।

RS passes GNCTD amendment Bill. Sad day for Indian democracy

We will continue our struggle to restore power back to people.

Whatever be the obstacles, we will continue doing good work. Work will neither stop nor slow down.

— Arvind Kejriwal (@ArvindKejriwal) March 24, 2021

”ৰাজ্য সভাই জিএনচিটিডি এমেণ্ডমেণ্ট বিলখন গৃহিত কৰে। ভাৰতীয় গণতন্ত্ৰৰ বাবে দুখৰ দিন। আমি জনতাৰ হাতলৈ ক্ষমতা ঘূৰাই অনাৰ সংগ্ৰামখন অব্যাহত ৰাখিম।”- কেজৰিৱালে এটা টুইটৰ জৰিয়তে এইদৰে কয়।

তদুপৰি বিধেয়কখনৰ গৃহিত হোৱাৰ পূৰ্বে আম আদমী পাৰ্টিৰ সাংসদ এন ডি গুপ্তাই জনাইছিল যে বিধেয়কখনৰ বিৰুদ্ধে তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব।

উল্লেখযোগ্য যে বৰ্তমানলৈকে দিল্লীৰ আইন-শৃংখলা আৰু আৰক্ষী বিভাগৰ দায়িত্বত আছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, আনহাতে প্ৰশাসনিক বিভাগসমূহ আছে দিল্লী চৰকাৰৰ হাতত।

বিধেয়কখনৰ দ্বাৰা দিল্লীৰ সকলো দায়িত্ব অৰ্পন কৰা হ’ব এল-জিৰ হাতত, যাৰ ফলত দিল্লীৰ মুখ্যমন্ত্ৰীতকৈও এল-জি অধিক ক্ষমতাশালী হ’ব।

বিধেয়কখন আইনত পৰিণত হ’লে দিল্লী চৰকাৰৰ সকলো প্ৰশাসনিক সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ১৪ দিনৰ পূৰ্বে এল-জিক জনাব লাগিব।

তদুপৰি এল-জিয়ে নিজাকৈও পৰিস্থিতি অনুসৰি যিকোনো সিদ্ধান্ত তৎকালিনভাৱে ল’ব পাৰিব।

বিধেয়কখনত উল্লেখ কৰা আছে এল-জিয়ে লোৱা যিকোনো সিদ্ধান্তৰ ওপৰত দিল্লী চৰকাৰে প্ৰশ্ন তুলিব নোৱাৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd