• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰাৰুদ্ধ অখিল গগৈৰ ৰাইজলৈ পুনৰ মুকলি চিঠি; ‘বিজেপিৰ অপপ্ৰচাৰত ভোল নাযাব, ষ্ট্ৰং ৰূমত চকু ৰাখক’

“নাগৰিকসকলেও ইভিএম ৰখা ষ্ট্ৰং ৰূমত চকু ৰাখক। মনত ৰাখিব, আমাৰ প্ৰতিপক্ষ ভয়ানকভাৱে দুষ্ট।” অখিল গগৈ

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
March 28, 2021 8:41 pm
index

কৃষক নেতা অখিল গগৈ (ফাইল ফ'টো)

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাইজৰ দলৰ সভাপতি কাৰাৰুদ্ধ অখিল গগৈয়ে অসমৰ ৰাইজৰ উদ্দেশ্যি পুনৰ এখন মুকলি চিঠি লিখিছে।

অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত উজনি অসমৰ ৪৭ টা সমষ্টিত ভোটাৰে ব্যাপক হাৰত ভোটদান কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰি কাৰাৰুদ্ধ নেতাগৰাকীয়ে পত্ৰখনত কয় যে অভিলেখসংখ্যক ৭৭.০১ শতাংশ ভোটদানেৰে চৰকাৰ পৰিৱৰ্তনৰেই ইংগিত দিছে।

Apply Now

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বিজেপিয়ে পূৰ্বৰ বহু আসন হেৰুওৱাটো নিশ্চিত বুলি দাবী কৰি ৰাইজৰ দলৰ কাৰাৰুদ্ধ সভাপতিগৰাকীয়ে আৰু কয়, এই পৰাজয়ৰ গ্লানিৰ পৰা মুক্তি বিচাৰি নিজ দলৰ কৰ্মী আৰু ৰাইজক বৃহৎ প্ৰৱঞ্চনা কৰিবলৈ ২৮ মাৰ্চৰ বাতৰিৰ কাকতত বৃহৎ বৃহৎ বিজ্ঞাপন প্ৰকাশ কৰিছে বিজেপিয়ে।

ৰাজ্যৰ প্ৰায়বোৰ দৈনিক সংবাদ পত্ৰত এইদৰে প্ৰচাৰ কৰা বিজ্ঞাপনেৰে কেৱল ৰাইজক প্ৰৱঞ্চনাই কৰাই নহয়, ইয়াৰ দ্বাৰা বিজেপি দলে গণতান্ত্ৰিক প্ৰমূল্যকো প্ৰত্যাহ্বান জনাইছে বুলি অভিহিত কৰিছে কাৰাৰুদ্ধ অখিল গগৈয়ে।

বিজেপিৰ এই দুষ্কাৰ্যক গৰিহণা দি ৰাইজক এনে প্ৰচাৰত ভোল নাযাবলৈও অনুৰোধ জনাইছে অখিল গগৈয়ে।

ইফালে বিজেপিৰ এই ভুৱা প্ৰৱঞ্চনামূলক বাতৰি প্ৰচাৰ কৰা বিজ্ঞাপনৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰি সকলো বিৰোধী দলকে নিৰ্বাচন আয়োগৰ ওচৰত আপত্তি জনাবলৈ আহ্বান জনাইছে কাৰাৰুদ্ধ নেতাগৰাকীয়ে।

আনহাতে এইবাৰ নিৰ্বাচনত ঐতিহাসিক ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা কাৰাৰুদ্ধ নেতাগৰাকীয়ে শিৱসাগৰীয়া ৰাইজক কৰ্তৃজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ কয় “প্ৰাৰ্থীৰ(মোৰ) অনুপস্থিতিতো শিৱসাগৰবাসীয়ে যি মহৎ উদ্যোগ গ্ৰহণ কৰিলে, মোক জয়ী কৰাবলৈ স্বপ্ৰণোদিতভাৱে বিৰাট বিশাল কৰ্মযজ্ঞ সাধন কৰিলে, তাৰ বাবে মই চিৰজীৱন সমষ্টিবাসী ৰাইজ আৰু মোৰ শুভাকাংক্ষী সকলোৰে ওচৰত চিৰঋণী হৈ ৰ’লো।”

কাৰাৰুদ্ধ নেতাগৰাকীৰ সপক্ষে ভোটাৰে ভোটপ্ৰদান কৰি ইভিএমৰ চাৰি নম্বৰ বুটামৰ ৰং সলনি কৰাৰ বাবে আনন্দিত হোৱা বুলি পত্ৰখনত উল্লেখ কৰি তেওঁ আৰু কয় “আপোনালোকৰ এই মহান উদ্যোগে মোৰ মুক্তিৰ বাৰ্তাও কঢ়িয়াই আনিছে। বিপুল পৰিমাণৰ ভোটত যে আপোনালোকে মোক জয়ী কৰাইছে, তাত মোৰ কোনো সন্দেহ নাই।”

বিজেপি বিৰোধী চৰকাৰ গঠনৰ বাবে উদ্বাউল হৈ থকা বুলি প্ৰকাশ কৰি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৰাইজৰ দলে কেবাখনো আসন লাভ কৰিব বুলিও দাবী কৰিছে কাৰাৰুদ্ধ অখিল গগৈয়ে।

ইফালে ইভিএম জালিয়াতিৰে যাতে বিজেপিয়ে ফলাফল সলনি কৰি দিব নোৱাৰে আৰু দুষ্কৃতিকাৰীয়ে যাতে ৰাইজৰ দলৰ কৰ্মীৰ কেবা মাহজোৰা শ্ৰম আৰু জনতাৰ সাধনা পণ্ড কৰি দিব নোৱাৰে তাৰ বাবে ৰাইজৰ দলৰ কৰ্মীসকলক সদা সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে তেওঁ। আনকি বাতৰি কাকতৰ প্ৰৱঞ্চনামূলক বিজ্ঞাপনে ইভিএম জালিয়াতিক মান্যতাও দিব পাৰে বুলি উল্লেখ কৰিছে অখিল গগৈয়ে।

“নাগৰিকসকলেও ইভিএম ৰখা ষ্ট্ৰং ৰূমত চকু ৰাখক। মনত ৰাখিব, আমাৰ প্ৰতিপক্ষ ভয়ানকভাৱে দুষ্ট।” পত্ৰখনত এইদৰে উল্লেখ কৰিছে কাৰাৰুদ্ধ নেতাগৰাকীয়ে।

Tags: Assam Election
প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd