• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰাৰুদ্ধ অখিল গগৈৰ ৰাইজলৈ পুনৰ মুকলি চিঠি; ‘বিজেপিৰ অপপ্ৰচাৰত ভোল নাযাব, ষ্ট্ৰং ৰূমত চকু ৰাখক’

“নাগৰিকসকলেও ইভিএম ৰখা ষ্ট্ৰং ৰূমত চকু ৰাখক। মনত ৰাখিব, আমাৰ প্ৰতিপক্ষ ভয়ানকভাৱে দুষ্ট।” অখিল গগৈ

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
March 28, 2021 8:41 pm
index

কৃষক নেতা অখিল গগৈ (ফাইল ফ'টো)

905
VIEWS
Share on FacebookShare on Twitter

ৰাইজৰ দলৰ সভাপতি কাৰাৰুদ্ধ অখিল গগৈয়ে অসমৰ ৰাইজৰ উদ্দেশ্যি পুনৰ এখন মুকলি চিঠি লিখিছে।

অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত উজনি অসমৰ ৪৭ টা সমষ্টিত ভোটাৰে ব্যাপক হাৰত ভোটদান কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰি কাৰাৰুদ্ধ নেতাগৰাকীয়ে পত্ৰখনত কয় যে অভিলেখসংখ্যক ৭৭.০১ শতাংশ ভোটদানেৰে চৰকাৰ পৰিৱৰ্তনৰেই ইংগিত দিছে।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বিজেপিয়ে পূৰ্বৰ বহু আসন হেৰুওৱাটো নিশ্চিত বুলি দাবী কৰি ৰাইজৰ দলৰ কাৰাৰুদ্ধ সভাপতিগৰাকীয়ে আৰু কয়, এই পৰাজয়ৰ গ্লানিৰ পৰা মুক্তি বিচাৰি নিজ দলৰ কৰ্মী আৰু ৰাইজক বৃহৎ প্ৰৱঞ্চনা কৰিবলৈ ২৮ মাৰ্চৰ বাতৰিৰ কাকতত বৃহৎ বৃহৎ বিজ্ঞাপন প্ৰকাশ কৰিছে বিজেপিয়ে।

ৰাজ্যৰ প্ৰায়বোৰ দৈনিক সংবাদ পত্ৰত এইদৰে প্ৰচাৰ কৰা বিজ্ঞাপনেৰে কেৱল ৰাইজক প্ৰৱঞ্চনাই কৰাই নহয়, ইয়াৰ দ্বাৰা বিজেপি দলে গণতান্ত্ৰিক প্ৰমূল্যকো প্ৰত্যাহ্বান জনাইছে বুলি অভিহিত কৰিছে কাৰাৰুদ্ধ অখিল গগৈয়ে।

বিজেপিৰ এই দুষ্কাৰ্যক গৰিহণা দি ৰাইজক এনে প্ৰচাৰত ভোল নাযাবলৈও অনুৰোধ জনাইছে অখিল গগৈয়ে।

ইফালে বিজেপিৰ এই ভুৱা প্ৰৱঞ্চনামূলক বাতৰি প্ৰচাৰ কৰা বিজ্ঞাপনৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰি সকলো বিৰোধী দলকে নিৰ্বাচন আয়োগৰ ওচৰত আপত্তি জনাবলৈ আহ্বান জনাইছে কাৰাৰুদ্ধ নেতাগৰাকীয়ে।

আনহাতে এইবাৰ নিৰ্বাচনত ঐতিহাসিক ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা কাৰাৰুদ্ধ নেতাগৰাকীয়ে শিৱসাগৰীয়া ৰাইজক কৰ্তৃজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ কয় “প্ৰাৰ্থীৰ(মোৰ) অনুপস্থিতিতো শিৱসাগৰবাসীয়ে যি মহৎ উদ্যোগ গ্ৰহণ কৰিলে, মোক জয়ী কৰাবলৈ স্বপ্ৰণোদিতভাৱে বিৰাট বিশাল কৰ্মযজ্ঞ সাধন কৰিলে, তাৰ বাবে মই চিৰজীৱন সমষ্টিবাসী ৰাইজ আৰু মোৰ শুভাকাংক্ষী সকলোৰে ওচৰত চিৰঋণী হৈ ৰ’লো।”

কাৰাৰুদ্ধ নেতাগৰাকীৰ সপক্ষে ভোটাৰে ভোটপ্ৰদান কৰি ইভিএমৰ চাৰি নম্বৰ বুটামৰ ৰং সলনি কৰাৰ বাবে আনন্দিত হোৱা বুলি পত্ৰখনত উল্লেখ কৰি তেওঁ আৰু কয় “আপোনালোকৰ এই মহান উদ্যোগে মোৰ মুক্তিৰ বাৰ্তাও কঢ়িয়াই আনিছে। বিপুল পৰিমাণৰ ভোটত যে আপোনালোকে মোক জয়ী কৰাইছে, তাত মোৰ কোনো সন্দেহ নাই।”

বিজেপি বিৰোধী চৰকাৰ গঠনৰ বাবে উদ্বাউল হৈ থকা বুলি প্ৰকাশ কৰি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৰাইজৰ দলে কেবাখনো আসন লাভ কৰিব বুলিও দাবী কৰিছে কাৰাৰুদ্ধ অখিল গগৈয়ে।

ইফালে ইভিএম জালিয়াতিৰে যাতে বিজেপিয়ে ফলাফল সলনি কৰি দিব নোৱাৰে আৰু দুষ্কৃতিকাৰীয়ে যাতে ৰাইজৰ দলৰ কৰ্মীৰ কেবা মাহজোৰা শ্ৰম আৰু জনতাৰ সাধনা পণ্ড কৰি দিব নোৱাৰে তাৰ বাবে ৰাইজৰ দলৰ কৰ্মীসকলক সদা সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে তেওঁ। আনকি বাতৰি কাকতৰ প্ৰৱঞ্চনামূলক বিজ্ঞাপনে ইভিএম জালিয়াতিক মান্যতাও দিব পাৰে বুলি উল্লেখ কৰিছে অখিল গগৈয়ে।

“নাগৰিকসকলেও ইভিএম ৰখা ষ্ট্ৰং ৰূমত চকু ৰাখক। মনত ৰাখিব, আমাৰ প্ৰতিপক্ষ ভয়ানকভাৱে দুষ্ট।” পত্ৰখনত এইদৰে উল্লেখ কৰিছে কাৰাৰুদ্ধ নেতাগৰাকীয়ে।

Tags: Assam Election

Recent News

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd