ম্যানমাৰৰ সেনাৰ অকথ্য নিৰ্যাতনৰ সন্মুখীন হৈ বাংলাদেশলৈ পলাই যোৱা ৰোহিংগীয়া শৰণাৰ্থীৰ এটা শিবিৰৰ কাষতে থকা এখন বজাৰত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড।
প্ৰাপ্ত খবৰ অনুসৰি এতিয়ালৈকে এই অগ্নিকাণ্ডত তিনি জন ৰোহিংগীয়া লোকৰ মৃত্যু ঘটিছে। বাংলাদেশৰ কুতপালং বজাৰত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা।
উল্লেখ্য উক্ত অঞ্চলত প্ৰায় ১০ হাজাৰ অস্থায়ী ঘৰ সাজি ৰোহিংগীয়া শৰণাৰ্থীসকলে বাস কৰি আছে।
কি কাৰণত ৰোহিংগীয়া শৰণাৰ্থীৰ শিবিৰত জুই লাগিবলৈ পালে সেয়া এতিয়ালৈকে নিশ্চিত ভাবে জানিব পৰা হোৱা নাই।উল্লেখ্য বাংলাদেশত ম্যানমাৰৰ পৰা পলাই অহা কেইবা লাখো ৰোহিংগীয়া মুছলমান লোকে আশ্ৰয় গ্ৰহণ কৰি আছে।
তেওঁলোকক বাংলাদেশৰ চৰকাৰে দেশৰ কেইবাটাও নিৰ্জন দ্বীপলৈ প্ৰেৰণ কৰাৰ কাম আৰম্ভ কৰিছে সেইমৰ্মে অলপতে
চাৰি খন জাহাজেৰে ১ হাজাৰ ৪৬৪ গৰাকী ৰোহিংগীয়া শৰণাৰ্থীক বাংলাদেশৰ চৰকাৰে সাগৰৰ মাজত থকা নিৰ্জন দ্বীপ ভাচানচৰৰ প্ৰেৰণ কৰে।
ইতিমধ্যে ১,৭৭৮ গৰাকী ৰোহিংগীয়া শৰণাৰ্থীক উক্ত দ্বীপটোলৈ প্ৰেৰণ কৰা হৈছিল।
বাংলাদেশ চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে প্ৰায় ৪০ হাজাৰ ৰোহিংগীয়া শৰণাৰ্থীক উক্ত যোগাযোগ বিচ্ছিন্ন দ্বীপটোলৈ প্ৰেৰণ কৰা হ’ব।
মুখপাত্র গৰাকীয়ে প্ৰকাশ কৰা মতে ফেব্ৰুৱাৰী মাহৰ প্ৰথম ভাগতে আৰু পাঁচ হাজাৰ ৰোহিংগীয়া লোকক উক্ত দ্বীপলৈ প্ৰেৰণ কৰা হ’ব।
বাংলাদেশৰ চৰকাৰে দ্বীপটোক মানুহৰ বসবাসৰ উপযোগী কৰি তোলাৰ চেষ্টা চলোৱা বুলি তেওঁ কয়।
উল্লেখ্য ২০১৭ চনত বাংলাদেশৰ কক্স বাজাৰ অঞ্চললৈ প্ৰায় ৪ লাখ ৰোহিংগীয়া শৰণাৰ্থী আহিছিল।
পৰৱৰ্তী সময়ত সেই সংখ্যা প্ৰায় ৮ লাখ হৈছিলগৈ।
ৰোহিংগীয়া শৰণাৰ্থীয়ে বাংলাদেশত ব্যাপক হাৰত চুৰি-ডকাইতি, হত্যা-ধৰ্ষণ আদিত লিপ্ত হৈ পৰাত চিন্তিত হৈ পৰিছে দেশ খনৰ চৰকাৰ।