• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিহৰণকাৰী! এখন চিকিৎসালয় জুইত জ্বলি উঠাৰ পাছতো কৰ্তব্য কৰি গ’ল চিকিৎসকসকলে, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2021 3:43 pm
268
VIEWS
Share on FacebookShare on Twitter

চিকিৎসালয়ত জুই লগাৰ পাছতো নিজৰ কৰ্তব্যৰ সফল সমাপন কৰি বাতৰিৰ শিৰোনামালৈ আহিছে ৰাছিয়াৰ কেইজনমান চিকিৎসক আৰু নাৰ্ছ।

বাতৰি অনুযায়ী ৰাছিয়াৰ ব্লাগ’ৱেশ্বচ্ছেনস্ক নামৰ ঠাইখনৰ চিকিৎসালয়খনত জুই লাগে।

জুই লগাৰ সময়ত চিকিৎসালয়খনৰ অস্ত্ৰোপচাৰ কক্ষত চিকিৎসকসকলে এটা হাৰ্ট চাৰ্জাৰী চলাই আছিল।

কিন্তু জুইৰ শিখাই চিকিৎসালয়খন ছানি ধৰাৰ পাছতো চিকিৎসক আৰু নাৰ্ছসকল নিজৰ কৰ্তব্য আধাতে এৰি নিদি পূৰ্ণগতিত অস্ত্ৰোপচাৰটো চলাই থাকিল।

সামাজিক মাধ্যমত ঘটনাটোৰ ভিডিঅ’টো বৰ্তমান ভাইৰেল হৈ পৰিছে।

বহুতো লোকে চিকিৎসকলে নিজৰ জীৱনৰ ভয়কো নেওচি নিষ্ঠা আৰু কৰ্তব্যপৰায়ণতাত ৰত থকাৰ বাবে বাবে ভূয়সী প্ৰশংসা কৰিছে।

ৰাছিয়াৰ চৰকাৰী মন্ত্ৰালয়ৰ মতে, চিকিৎসালয়খনৰ জুই নুমুৱাবৰ বাবে ৫৯জন অগ্নিনিৰ্বাপক কৰ্মী নিয়োগ কৰিব লগা হৈছিল।

অৱশ্যে অগ্নিকাণ্ডটোত কোনো লোক হতা-হত হোৱা নাই।

বৈদ্যুতিক বিজুতিৰ বাবে সংঘটিত অগ্নিকাণ্ডটো নিৰ্বাপন কৰিবলৈ কেইবাঘণ্টা লাগে।

অগ্নিকাণ্ডৰ ফলত চিকিৎসালয়খনৰ পৰা ১২০ জন লোকক স্থানান্তৰ কৰা হয়, ইয়াৰে ৬৭জন ৰোগী।

অগ্নিকাণ্ডটো সংঘটিত হওঁতে যিজন ৰোগীৰ চাৰ্জাৰী চলি আছিল হৃদৰোগত আক্ৰান্ত আছিল।

চিকিৎসালয়ৰ প্ৰথম মহলাৰ অস্ত্ৰোপচাৰ কক্ষত ৮জন চিকিৎসকে তেওঁৰ চাৰ্জাৰী সম্পাদন কৰি আছিল।

কিন্তু সেইসময়তে জুইয়ে চাৰিওফালে ছানি ধৰাৰ পাছতো চিকিৎসকসকলে নিজৰ কৰ্তব্যত গাফিলতী নকৰিলে।

চিকিৎসকলক নেতৃত্ব দিয়া ভালেণ্টিন ফিলাটভে কয় যে সেইসময়ত ক’লৈকো যাব পৰা হোৱা নাছিল কাৰণ ৰোগীজনক বচাব লাগে।

অস্ত্ৰোপচাৰ কক্ষৰ ভিতৰত জুই নালাগিবলৈ চিকিৎসালয় কৰ্তৃপক্ষই যথোপযুক্ত ব্যৱস্থা লয়।

চিকিৎসকসকলে প্ৰকাশ কৰামতে, তেওঁলোকে কৰ্তব্যৰ মাজতে ভাবিছিল যে প্ৰায় এশ বছৰ পুৰণি চিকিৎসালয়খনৰ বিল্ডিংৰ মুধচখনে জুইক প্ৰতিহত কৰিব পাৰিবনে!

যি কি নহওক, জুই লাগি থকা অৱস্থাতে তেওঁলোকে সফলভাৱে চাৰ্জাৰীটো সম্পাদন কৰে আৰু ৰোগীজনক এখন স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

চিকিৎসালয়খন ৰাছিয়াৰ আমুৰ নামৰ ৰাজ্যখনত অৱস্থিত।

সংবাদমাধ্যমত প্ৰকাশ পোৱামতে, ৰাজ্যখনৰ গভৰ্ণৰ ভাছিলী অৰ্লভে চিকিৎসককেইজনলৈ পুৰস্কাৰ প্ৰদানৰ ঘোষণা কৰিছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd