• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংখ্যালঘু অধ্যুষিত এলেকাত অভাৱনীয় হাৰত ভোটদানৰ হাৰ বৃদ্ধিয়ে সূচাইছে কি?

সংখ্যালঘু অধ্যুষিত প্ৰায় আটাইবোৰ সমষ্টিত ৮০ শতাংশতকৈ অধিক ভোটদান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 6, 2021 8:48 pm
stlbzkmppy-1582433861
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত ইতিমধ্যে তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অন্ত পৰিছে। কিন্তু বৰ্তমানলৈকে সঠিক ভোটদানৰ হাৰ প্ৰকাশ পোৱা নাই যদিও বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে তৃতীয় পৰ্য্যায়ত অসমত ৮২.৩৩ শতাংশ ভোটগ্ৰহণ হৈছে।

প্ৰথম আৰু দ্বিতীয় পৰ্য্যায়তকৈ তৃতীয় পৰ্য্যায়ত তুলনামূলকভাৱে ভোটদানৰ হাৰ বৃদ্ধি পাইছে।

Apply Now

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ৰাজ্যৰ আজিৰ দিনটোত চাৰিখন ৰাজ্যৰ ভিতৰত অসমতে ভোটদানৰ হাৰ সৰ্বাধিক।

তাৎপয্যপূৰ্ণভাৱে, সংখ্যালঘু অধ্যুষিত এলেকাতহে এই তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত ভোটদানৰ হাৰ সৰ্বাধিক হোৱা দেখিবলৈ পোৱা গৈছে।

জিলা ভিত্তিক চাবলৈ গ’লে দক্ষিণ শালমাৰাত সৰ্বাধিক ৮৯.৪৯ শতাংশ ভোটদান বাতৰি সংগ্ৰহৰ সময়লৈকে হৈছে। তাৰ পাছতে সংখ্যালঘু অধ্যুষিত ধুবুৰীত ৮৯.২০ শতাংশ, বিলাসীপাৰাত ৮৭.০৭ শতাংশ ভোটদানৰ হাৰ। ঠিক সেইদৰে গোৱালপাৰা জিলাতো ৮৬.৬০ শতাংশ, নলবাৰী ৮৫.৬২ শতাংশ,  বিজনী ৮৫.০৫ শতাংশ, চিৰাং ৮৪.৪২ শতাংশ, গোসাইগাওঁ ৮৩.৬০ শতাংশ, বৰপেটা ৮৩.২৩ শতাংশ, বঙাইগাওঁ ৮২.৭০ শতাংশ, বাক্সা ৭৮.২২ শতাংশ, বজালী ৭৭.৫১ শতাংশ, কামৰূপ (গ্ৰাম্য) ৭৯.৯৮ শতাংশ, কামৰূপ মেট্ৰ’ত ৭৪.৪২ শতাংশ ভোটদান হৈছে।

উপৰোক্ত তথ্যলৈ লক্ষ্য কৰিলে দেখা যাব যে নলবাৰীক বাদ কৰি অন্য সংখ্যালঘু অঞ্চলত ভোটদানৰ হাৰ বহু পৰিমাণে বৃদ্ধি পাইছে।

ঠিক সেইদৰে অন্য সমষ্টিৰ তুলনাত তৃতীয় পৰ্য্যায়ত সংখ্যালঘু অধ্যুষিত সমষ্টিত বৃদ্ধি পাইছে ভোটদানৰ হাৰ। সংখ্যালঘু অধ্যুষিত সমষ্টি গৌৰীপুৰত ৯০.২০ শতাংশ, ধুবুৰীত ৮৯.৩০ শতাংশ, দক্ষিণ শালমৰা সমষ্টিত ৮৯.৮২ শতাংশ, বাঘবৰ সমষ্টিত ৮৫.৫০ শতাংশ, বৰপেটা ৭৮.৯০ শতাংশ, ভবানীপুৰ ৭৮.৫০ শতাংশ, দক্ষিণ অভয়াপুৰী ৭৯.৯৩ শতাংশ, উত্তৰ অভয়াপুৰীত ৭৮.৬১ শতাংশ, বিলাসীপাৰা পূৱ ৮৬.১৬ শতাংশ, বিলাসীপাৰা পশ্চিম ৮৮.২১ শতাংশ, চেঙাত ৮৪.৬৬ শতাংশ, গোৱালপাৰা পূৱত ৮৪.৫৬ শতাংশ, গোৱালপাৰা পশ্চিম ৮৮.৭৬ শতাংশ, গোলকগঞ্জ ৮৮.১০ শতাংশ, জলেশ্বৰ ৮৯ শতাংশ, জনিয়াত ৮৭.০৬ শতাংশ, মানকাছাৰ ৮৯.২১ শতাংশ ভোটদান সাব্যস্ত হৈছে।

প্ৰশ্ন হৈছে, সংখ্যালঘু অধ্যুষিত এলেকাত হঠাৎ ভোটদানৰ হাৰে সূচাইছে কি? ইয়াৰ পৰা বহুকেইটা প্ৰশ্নৰ অৱতাৰণা হ’ব। ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত সংখ্যালঘু লোকসকল বেছিকৈ সজাগ হৈ উঠিছে নেকি? নে চৰকাৰৰ পৰিৱৰ্তন বিচাৰিছে সংখ্যালঘু লোকে।

কিয়নো বিৰোধী শিৱিৰত এটা বিষয়ে দীৰ্ঘদিন ধৰি চৰ্চা লাভ কৰি আহিছে যে বিজেপি সংখ্যালঘু মুছলমান বিৰোধী তথা সংখ্যালঘু লোকে বিজেপিক আঁকোৱালি ল’ব বেয়া পায়। সেয়েহে তেওঁলোকে কংগ্ৰেছ-এআইয়ুডিএফ মহাজোঁটক সমৰ্থন জনাবলৈকে দলে-বলে ভোটদানৰ বাবে ওলাই অহা বুলি কংগ্ৰেছৰ এক সুত্ৰই দাবী কৰিছে।

তাৰ বিপৰীতে বিজেপিৰ শীৰ্ষ মহলৰ দাবী কংগ্ৰেছ-এআইয়ুডিএফৰ কবলৰ পৰা সংখ্যালঘু লোকসকলে মুক্তি বিচাৰি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ সিদ্ধান্ত ইতিমধ্যে লৈছে। সেয়েহে তেওঁলোকে দলে-বলে মিত্ৰজোঁটৰ প্ৰাৰ্থীক জিকোৱাৰ বাবে সিদ্ধান্ত লৈছে।

অৱশ্যে, কাৰ ধাৰণা সঁচা হয় সেয়া ২ মে’ৰ ফলাফলতহে গম পোৱা যাব।

তাৰ বিপৰীতে সংখ্যালঘু লোকৰ প্ৰভুক্ত নথকা গুৱাহাটীৰ চাৰিটাকৈ সমষ্টি ক্ৰমে জালুকবাৰী, দিচপুৰ, পূৱ গুৱাহাটী আৰু পশ্চিম গুৱাহাটীত ভোটদানৰ শতাংশ লক্ষ্যণীয়কভাৱে কিছুপৰিমাণে কম হোৱা পৰিলক্ষিত হৈছে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতদিনে প্ৰতিনিধিত্ব কৰি অহা জালুকবাৰী সমষ্টিত ৭৯ শতাংশ ভোটদান হোৱাৰ লগতে দিচপুৰ সমষ্টিত ৭২ শতাংশ, পূৱ গুৱাহাটীত ৬৯ শতাংশ, পশ্চিম গুৱাহাটীত ৭৯ শতাংশ ভোটদানৰ হাৰ।

সংখ্যালঘু লোকতকৈয়ো এই সমষ্টিকেইটাৰ ভোটাৰসকলৰ মাজৰ সজাগতা কিয় হ্ৰাস পাইছে বা তেওঁলোক কংগ্ৰেছ-বিজেপি কোনো এটা দলকে বিশ্বাসত ল’ব নোৱাৰাৰ বাবেই ভোটদানৰ পৰা বিৰত থাকিছে নেকি? এই কথাও নুই কৰিব নোৱাৰি।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd