• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘শিক্ষিত লোকে ভোট দিয়াৰ বাবেই হাৰিলো’, বাৰাণসীত বিধান পৰিষদৰ নিৰ্বাচনত পৰাজয়ৰ পিছত মন্তব্য যোগীৰ মন্ত্ৰীৰ

বিধান পৰিষদৰ ১১ খন আসনৰ ভিতৰত বিজেপিয়ে ৬ খন আসন লাভ কৰাৰ বিপৰীতে সমাজবাদী পাৰ্টিয়ে ৫ খন আসন লাভ কৰি শাসকীয় শিবিৰক ডাঙৰ প্ৰত্যাহ্বান দিয়ে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 30, 2026 8:54 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশ বিধান পৰিষদৰ নিৰ্বাচনত সমাজবাদী পাৰ্টিৰ হাতত বাৰাণসী আৰু লক্ষ্ণৌৰ আসন পৰাজিত হোৱাৰ পিছত ৰাজ্য চৰকাৰৰ মন্ত্ৰী ওম প্ৰকাশ ৰাজভৰে এক বিতৰ্কিত মন্তব্য কৰে। বাৰাণসী আৰু লক্ষ্ণৌৰ দৰে হেভিওৱেট আসন হেৰুৱাৰ সন্দৰ্ভত মন্ত্ৰী ৰাজভৰে কয়, “ৰাইজে নিজৰ ৰায় দিছে। অৱশ্যে এয়া শিক্ষিত ভোটাৰৰ ৰায়, সাধাৰণ জনতাৰ ৰায় নহয়। আমি এই ৰায়ক আদৰণি জনাইছো। কিন্তু মনত ৰাখিব, বিধানসভা নিৰ্বাচনৰ সময়ত এই শিক্ষিত ভোটাৰসকলে আৰু বুথলৈ নাযাব, তেতিয়া কেৱল সাধাৰণ ভোটাৰকহে বুথত দেখা যাব।”

বিধান পৰিষদৰ ১১ খন আসনৰ ভিতৰত বিজেপিয়ে ৬ খন আসন লাভ কৰাৰ বিপৰীতে সমাজবাদী পাৰ্টিয়ে ৫ খন আসন লাভ কৰি শাসকীয় শিবিৰক ডাঙৰ প্ৰত্যাহ্বান দিয়ে। বিশেষকৈ বাৰাণসী আসনত সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী আশুতোষ সিনহাই বিজেপিৰ জ্যেষ্ঠ নেতা কেদাৰ নাথ সিঙক ৫৫,০৪৬ ভোটত পৰাস্ত কৰে।

আনহাতে, লক্ষ্ণৌৰ আসনত বিজেপিৰ অবনীশ কুমাৰ সিঙক পৰাস্ত কৰি বৃহৎ জয় সাৱ্যস্ত কৰে এছ পি প্ৰাৰ্থী কান্তি সিঙে। বাৰাণসী বিজেপিৰ প্ৰাৰ্থী কেদাৰ নাথ সিঙে ইতিমধ্যে ছ’চিয়েল মিডিয়াত নিজৰ পৰাজয় স্বীকাৰ কৰি ভোটাৰ আৰু দলীয় কৰ্মীক ধন্যবাদ জ্ঞাপন কৰিছে।

Apply Now

উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই আশা কৰা ধৰণে সফলতা লাভ নকৰাৰ পিছত দলটোৰ কাম-কাজৰ ওপৰত আত্মসমীক্ষাৰ ইংগিত দিছে। লক্ষ্ণৌত সাংবাদিকক সম্বোধন কৰি তেওঁ কয়, “আমি আৰু আসন আশা কৰিছিলো, কিন্তু সেয়া সম্ভৱ নহ’ল। সমাজবাদী পাৰ্টিয়ে য’ত জয়ী হ’ব লাগিছিল তেনে কিছুমান আসনত জয়ী হৈছিল। আমি নিশ্চিতভাৱে এই ফলাফলৰ পিছত আত্মনিৰীক্ষণ কৰিম আৰু পৰৱৰ্তী বিধানসভা নিৰ্বাচনত দলৰ জয় নিশ্চিত কৰাৰ বাবে কাম কৰিম।”

উল্লেখ্য যে ২৩ অক্টোবৰত এই ১১খন আসনৰ ওপৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।গণনা হোৱাৰ পিছত দেখা গ’ল আগ্ৰা আৰু মীৰাট গ্ৰেজুৱেট আৰু বৰেলী-মোৰাদাবাদ, লক্ষ্ণৌ,মীৰাট আৰু গোৰখপুৰ-ফৈজাবাদ শিক্ষকৰ আসনত বিজেপিয়ে জয়লাভ কৰে। আনহাতে, বাৰাণসী আৰু লক্ষ্ণৌ স্নাতক আসনৰ লগতে এলাহাবাদ-ঝান্সী স্নাতক আৰু বাৰাণসী আৰু আগ্ৰা-আলিগড় শিক্ষক আসনত সমাজবাদী পাৰ্টিয়ে আসনৰ সংখ্যা ৫ লৈ বৃদ্ধি কৰে।

ৰাজনৈতিক পৰ্যবেক্ষকৰ মতে, বিধান পৰিষদৰ এই ফলাফলে ২০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু সমাজবাদী পাৰ্টিৰ মাজত প্ৰতিপত্তিৰ যুঁজত এছপিক ডাঙৰ শক্তি দিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘শিক্ষিত লোকে ভোট দিয়াৰ বাবেই হাৰিলো’, বাৰাণসীত বিধান পৰিষদৰ নিৰ্বাচনত পৰাজয়ৰ পিছত মন্তব্য যোগীৰ মন্ত্ৰীৰ

‘শিক্ষিত লোকে ভোট দিয়াৰ বাবেই হাৰিলো’, বাৰাণসীত বিধান পৰিষদৰ নিৰ্বাচনত পৰাজয়ৰ পিছত মন্তব্য যোগীৰ মন্ত্ৰীৰ

October 30, 2026 8:54 am
আলিংগনৰ এই খেলা! কেৱল সাৱটি ধৰিলেই দূৰ হৈ যাব বহু ৰোগ! প্ৰখৰ হ’ব স্মৃতিশক্তি

আলিংগনৰ এই খেলা! কেৱল সাৱটি ধৰিলেই দূৰ হৈ যাব বহু ৰোগ! প্ৰখৰ হ’ব স্মৃতিশক্তি

October 30, 2026 7:45 am
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

October 29, 2026 8:30 pm
মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

October 29, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘শিক্ষিত লোকে ভোট দিয়াৰ বাবেই হাৰিলো’, বাৰাণসীত বিধান পৰিষদৰ নিৰ্বাচনত পৰাজয়ৰ পিছত মন্তব্য যোগীৰ মন্ত্ৰীৰ

‘শিক্ষিত লোকে ভোট দিয়াৰ বাবেই হাৰিলো’, বাৰাণসীত বিধান পৰিষদৰ নিৰ্বাচনত পৰাজয়ৰ পিছত মন্তব্য যোগীৰ মন্ত্ৰীৰ

October 30, 2026 8:54 am
আলিংগনৰ এই খেলা! কেৱল সাৱটি ধৰিলেই দূৰ হৈ যাব বহু ৰোগ! প্ৰখৰ হ’ব স্মৃতিশক্তি

আলিংগনৰ এই খেলা! কেৱল সাৱটি ধৰিলেই দূৰ হৈ যাব বহু ৰোগ! প্ৰখৰ হ’ব স্মৃতিশক্তি

October 30, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd