• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজিৰে পৰা তামুলপুৰত বড়ো সাহিত্য সভাৰ ৬০ সংখ্যক বাৰ্ষিক অধিৱেশন

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
April 10, 2021 7:16 am
Bodo sahitya sabha

ফটো: নৰ্থইষ্ট নাও।

783
VIEWS
Share on FacebookShare on Twitter

আজিৰে পৰা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰম্ভ হ’ব বড়ো সাহিত্য সভাৰ ৬০ সংখ্যক বাৰ্ষিক অধিৱেশন।

১০ আৰু ১১ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া বড়ো সাহিত্য সভাৰ অধিৱেশনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।

১০ এপ্ৰিলৰ পুৱা ৮-০০ বজাত মুখ্যদ্বাৰ মুকলি কৰিব তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মোছাহাৰীয়ে।

দিনৰ ১-০০ বজাত প্ৰতিনিধিৰ নাম পঞ্জীয়ন কৰা হ’ব। সন্ধিয়া ৫-০০  বজাত সাহিত্য অকাডেমী পুৰস্কাৰ বিজয়ী তথা কোকৰাঝাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক গোবিন্দ বড়োই প্ৰতিনিধি সভা উদ্বোধন কৰিব।

প্ৰতিনিধি সভা সঞ্চালনা কৰিব বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে।

১১ এপ্ৰিলৰ পুৱা ৭:৩০ বজাত পতাকা উত্তোলন কৰিব বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে।

৮-০০ বজাত শ্বহীদ তৰ্পণ ৰ পাছতে  ৮-৩০ বজাত বড়ো সাহিত্য সভাৰ পৰা আঁতৰি যোৱা মনীষী সকললৈ শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব।

সেইদৰে, ৯-০০ বজাত পুৰস্কাৰ প্ৰদান অনুষ্ঠান আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত হ’ব। তামুলপুৰৰ বিশিষ্ট সমাজ কৰ্মী লেহোৰাম বড়োই উদ্বোধন কৰিবলগীয়া সভাখন সঞ্চালনা কৰিব বড়ো সাহিত্য সভাৰ উপ-সভাপতি ৰমেলা ইছলাৰীয়ে।

এই সভাতে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বড়ো মাতৃভাষা বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰা দুজনীকৈ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হব।

সভাত সাহিত্য অকাডেমী বঁটা প্ৰাপক কেইবাগৰাকীও সাহিত্যিকৰ লগতে স্থানীয় সমাজকৰ্মী আৰু সাহিত্যিককো সম্বৰ্ধনা জনোৱা হ’ব।

দুপৰীয়া ১১-৩০ বজাত বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৰ সভাপতিত্বত অনুষ্ঠিত হ’ব মুকলি অধিৱেশন। মুকলি সভা উদ্বোধন কৰিব বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই।

মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিব পদ্মশ্ৰী বঁটা প্ৰাপক ডঃ মঙ্গল সিং হাজোৱাৰীয়ে। বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়া, প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী। নিৰ্দিষ্ট বক্তা হিচাপে কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ফুকন চন্দ্ৰ বড়োই অংশগ্ৰহণ কৰিব।

অভ্যৰ্থনা সমিতিয়ে মুকলি অধিৱেশনত সকলো ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।

Recent News

উচ্চ ৰক্তচাপ থকা লোকসকলে কি কি খাদ্য খাব আৰু কি কি খাদ্য নাখাব?

উচ্চ ৰক্তচাপ থকা লোকসকলে কি কি খাদ্য খাব আৰু কি কি খাদ্য নাখাব?

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd