• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৯ লাখ বিবাহিত মহিলালৈ বহাগ বিহুৰ আগে আগে মাকৰ ঘৰলৈ যোৱাৰ বাবে সোণালী সুযোগ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 23, 2018 8:42 pm
Prateek-Hajela-570x320

প্ৰতীক হাজেলাৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহাগ বিহুৰ পূৰ্বে বৰদৈচিলা মাকৰ ঘৰলৈ যোৱাৰ দৰে অসমৰ লাখ লাখ বিবাহিত মহিলায়ো এইবাৰ বহাগ বিহুৰ পূৰ্বে মাকৰ ঘৰলৈ যোৱাটো এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে। এয়া হ’বলৈ গৈছে চলিত এন আৰ চি প্ৰক্ৰিয়াৰ বাবে।

আজি নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাই জনাইছে যে অহা ২ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব বিবাহিত মহিলাসকলৰ পঞ্চায়তৰ নথি-পত্ৰৰ পৰীক্ষণৰ কাম। তেওঁ জনোৱা মতে, যিসকল মহিলাই উত্তৰাধিকাৰ যোগসূত্ৰ হিচাপে পঞ্চায়তৰ নথি জমা দিছিল সেইসকল মহিলাৰ নথি-পত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ’ব।

Apply Now

গতিকে তেওঁলোকে নিজৰ নথি পৰীক্ষণ পৰীক্ষাৰ সন্মুখীন হ’বলৈ সংশ্লিষ্ট গাওঁ পঞ্চায়ত, অৰ্থাৎ মাতৃগৃহলৈ যাব লগীয়া হ’ব। নক’লেও হ’ব যে বহাগ বিহুৰ সময়তে বহুতো মহিলাৰ বাবে মাকৰ ঘৰলৈ যোৱাৰ এয়া এক প্ৰকাৰৰ সোণালী সুযোগৰ দৰে হৈছে।

এই সন্দৰ্ভত প্ৰতীক হাজেলাই কয়, ‘উচ্চতম ন্যায়ালৰ নিৰ্দেশ মৰ্মে দ্ৰুত গতিত আগ বাঢ়িছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নথি-পত্ৰ পৰীক্ষণৰ কাম। যিসকল বিবাহিত মহিলাই পঞ্চায়তৰ নথি-পত্ৰ দিছিল, সেইসকলৰ নথি-পত্ৰ পৰীক্ষণৰ কাম আমি ২এপ্ৰিলৰ পৰা আৰম্ভ কৰিম। ইতিমধ্যে জনসাধাৰণৰ মাজত এই কথাৰ প্ৰচাৰ চলোৱাটো আমি আৰম্ভ কৰিছো।’

তদুপৰি বিবাহিত ২৯ লাখ মহিলাৰ পঞ্চায়তৰ নথি পৰীক্ষণৰ কাম তেওঁলোকৰ পিতৃগৃহত আৰম্ভ হ’ব লগতে পঞ্চায়তৰ সচিব আৰু লাট মণ্ডলৰ উপস্থিতিত এই পৰীক্ষণৰ কাম আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে।

আনহাতে, প্ৰতীক হাজেলাই বংশবৃক্ষৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয়, ’২০ ফেব্ৰুৱাৰিত উচ্চতম ন্যায়ালৰ সন্মুখত যি শুনানি হৈছিল তাত আমি প্ৰতিৱেদন দাখিল কৰিছিলো যে ১ কোটি জনসাধাৰণৰ নথি-পত্ৰ পৰীক্ষা কৰিবলৈ বাকী আছে। তাৰ ভিতৰত সৰহসংখ্যক লোক আছে যাৰ বংশবৃক্ষ পৰীক্ষণৰ কাম বাকী আছে। লগতে যিসকলে পঞ্চায়তৰ নথি-পত্ৰ দিছে সেইসকলৰ নথি নিৰীক্ষণৰ কামো বাকী আছে। এইসকলৰ ভিতৰত এনে কিছুসংখ্যক লোক আছে, যাৰ নথি-পত্ৰৰ ৰিজাল্ট  সংশ্লিষ্ট নথিবোৰ জাৰি কৰা কৰ্তৃপক্ষৰ ফালৰ পৰা এতিয়াও আমি পোৱা নাই। ইতিমধ্যে বংশবৃক্ষ পৰীক্ষণৰ কাম বহুখিনি আগ বাঢ়ি গ’ল। এই বংশবৃক্ষ প্ৰক্ৰিয়াত শুনানি ল’ব লগীয়া প্ৰায় ৪৮ লাখ লোক আছে। তাৰে ৯ লাখ মানুহৰ আমি নথি-পত্ৰ পৰীক্ষণৰ বাবে ব্যৱস্থা লৈছিলো। তাৰ ভিতৰত ৩ লাখ ৫০ হাজাৰৰ পৰীক্ষণ ইতিমধ্যে সম্পূৰ্ণ হ’ল। ৯ লাখৰ ভিতৰত প্ৰায় ৫ লাখ ৫০ হাজাৰ শুনানি এতিয়াও বাকী আছে। এই বাকী থকা লোকসকলৰ পৰীক্ষণৰ কাম আমি নিৰ্ধাৰিত ৩১ মেৰ ভিতৰত সম্পূৰ্ণ কৰিম।‘

উল্লেখযোগ্য যে অহা ২৭ মাৰ্চত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ সন্দৰ্ভত নৰ্থ-ইষ্ট নাওক কয় যে অহা ২৭ মাৰ্চত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ সময়ত তেওঁ তাত উপস্থিত থাকিব। ইয়াৰোপৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ক্ষেত্ৰত যিমানখিনি কাম ইতিমধ্যে আগ বাঢ়িছে তাৰ খতিয়ান উচ্চতম ন্যায়ালয়ৰ সন্মুখত দাখিল কৰিব বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ পাছত উচ্চতম ন্যায়ালয়ে যি নিৰ্দেশনা প্ৰদান কৰিব সেইমতে কাম আগ বাঢ়ি যাব বুলি কয়।

ইয়াৰোপৰি বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ নথি-পত্ৰৰ বিষয়ে তেওঁ আমাক কয়, ‘বহিঃৰাজ্যৰ পৰা যিসকলে নথি-পত্ৰ আনিছিল সেয়া পৰীক্ষণৰ ফলাফলটো কি হ’ব সেইটো নিশ্চয়কৈ লক্ষণীয় হ’ব। এই ক্ষেত্ৰত ৫ লাখ ৫০ হাজাৰ নথি আছে, যিসমূহ আমি বেলেগ ৰাজ্যলৈ পঠাইছিলো। কিন্তু তাৰ পৰা বৰ্তমানলৈকে আমি মাত্ৰ ১ লাখ ৬৫ হাজাৰ নথিহে ঘূৰাই পাইছো। বাকী নথিসমূহৰ পৰীক্ষণৰ ফলাফল বৰ্তমানো ৰৈ গৈছে। যদি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সেই ৰাজ্যসমূহৰ পৰা নথিসমূহ আমাৰ হাতত আহি নপৰেহি তেন্তে আমি অনুসন্ধানমূলক প্ৰক্ৰিয়াৰ জৰিয়তে সেই লোকসকলকল এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে যোগ্য হয় নে নহয় সেইটো পৰীক্ষা কৰিম।‘

আনহাতে, পঞ্চায়ত নিৰ্বাচনে এন আৰ চি পৰীক্ষণ প্ৰক্ৰিয়াত কিবা বাধা আৰোপ কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় ’২০ ফেব্ৰুৱাৰিৰ উচ্চতম ন্যায়ালয়ৰ শুনানিত উল্লেখ থকা অনুসৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম-কাজত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলক বেলেগ কোনো কাম-কাজত নিয়োজিত কৰা নহয়। সেয়েহে পঞ্চায়ত নিৰ্বাচনে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰক্ৰিয়াটোত বাধা দিব বুলি মই নাভাবো।‘

ৰাষ্ট্ৰীয় সমন্বয়কগৰাকীয়ে লগতে কয়, ‘জনসাধাৰণৰ দুই ধৰণৰ অভিযোগ আছিল যে তেওঁলোকৰ নামটো ভুলকৈ আহিছে, দ্বিতীয়তে কিছু সংখ্যকৰ নামটো ৩১ ডিচেম্বৰৰ মাজনিশা প্ৰকাশ পোৱা খচৰাত অন্তৰ্ভুক্ত হোৱা নাছিল।‘

এই সন্দৰ্ভত তেওঁ তালিকাত প্ৰকাশ নোপোৱা লোকসকলক ভীতিগ্ৰস্ত নহ’বলৈ আহ্বান জনাই কয়, ‘একেটা পৰিয়ালৰ দুই-এজন সদস্যৰ নাম এন আৰ চিৰ প্ৰথম খচৰাখনত প্ৰকাশ পোৱা নাই। যদিও পৰিয়াল হিচাপত আমি এন আৰ চিৰ প-পত্ৰখন লৈছিলো তথাপি প্ৰত্যেকগৰাকীৰে নথিও বেলেগ বেলেগ আছে। তথাপি তেওঁলোকে এই ক্ষেত্ৰত শংকা কৰাৰ প্ৰয়োজন নাই। একেটা পৰিয়ালৰে যিসকল লোকৰ নাম প্ৰথম খচৰাত প্ৰকাশ নাপালে তেওঁলোকে দ্বিতীয় খচৰালৈ অপেক্ষা কৰিব লাগিব।‘

৩১ ডিচেম্বৰৰ মাজনিশা প্ৰকাশ পোৱা খচৰাত নাম ভুলকৈ অহা সন্দৰ্ভত হাজেলাই কয়, ‘যিহেতু বৰ্তমান এন আৰ চিৰ সৈতে জৰিত লোকসকল বংশবৃক্ষ পৰীক্ষণৰ কামত ব্যস্ত হৈ আছে, গতিকে আমি কিছুদিন পিছত অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে নামসমূহ শুদ্ধৰণি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd