• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঢেকীয়াজুলিত জনজাতীয় মাতৃ-কন্যাক গণধৰ্ষণ কৰি হত্যা : এতিয়াও মুকলি আকাশৰ তলত অভিযুক্ত

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
April 14, 2021 4:16 pm
Gang-rape-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ন্যায় আৰু সাহায্য পোৱাৰতো দূৰৰে কথা, আৰক্ষীৰ সোপাঢিলা স্থিতিৰ বাবে এতিয়াও মুকলি আকাশৰ তলতে টিঘিলঘিলাই আছে এগৰাকী জনজাতীয় মাতৃ আৰু তেওঁৰ ১২ বছৰীয়া কন্যা শিশুৰ গণধৰ্ষণ আৰু নিৰ্মম হত্যাকাণ্ডৰ অভিযুক্তসকল।

স্মৰ্তব্য যে যোৱা ২০ ফেব্ৰুৱাৰিৰ নিশা প্ৰায় ৮.৩০ বজাত শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত চপাই বালিগাঁৱৰ এটা ৰাভা সম্প্ৰদায়ৰ জনজাতীয় পৰিয়ালৰ মাতৃসহ ১২ বছৰীয়া এগৰাকী কন্যা শিশুক দলৱদ্ধ ধৰ্ষণ কৰি হত্যা কৰিছিল অজনজাতীয় এটা দুৰ্বৃত্তৰ দলে।

Apply Now

এই জঘন্য ঘটনাটো সংঘটিত হৈছিল গাঁৱৰ পৰা প্ৰায় ২ কিলোমিটাৰ নিলগত থকা কাদম্বৰী (হালধিবাৰী)স্থিত আক্ৰান্ত পৰিয়ালটোৰ খেতি পথাৰৰ পামৰ সৰু জুপুৰি ঘৰত।

ঘটনাৰ বিৱৰণীৰ মতে ঘটনাৰ দিনা আক্ৰান্ত পৰিয়ালটোৰ খেতি পথাৰৰ উক্ত পামৰ সৰু জুপুৰিটোতে ১২ বছৰ ৩ মহীয়া আৰু ৩ বছৰীয়া কন্যাসহ মাতৃগৰাকী আছিল।

হঠাতে ৰাতি ৮.৩০ মান বজাত অজনজাতীয় এটা দুৰ্বৃত্তৰ দলে অৰ্তকিতে পৰিয়ালটোক আক্ৰমণ কৰি মাতৃগৰাকীক দলৱদ্ধ ধৰ্ষণ কৰি চোকা অস্ত্ৰেৰেৰে আক্ৰমণ কৰে। দলটোৰ আক্ৰমণৰ পৰা নিজক ৰক্ষা কৰিবলৈ আঘাতপ্ৰাপ্ত মাতৃগৰাকীয়ে চিঞৰ বাখৰ কৰি জুপুৰিটোৰ পৰা পলায়ন কৰি এঘৰ চুবুৰীয়াৰ ঘৰত উপস্থিত হৈ দুবৃত্তৰ দলটোৰ আক্ৰমণৰ পৰা তেওঁৰ দুই কন্যাৰ জীৱন ৰক্ষা কৰিবলৈ আহ্বান জনায়।

ইতিমধ্যে দলটোৰ চোকা অস্ত্ৰৰ ঘাপত আঘাতপ্ৰাপ্ত হয় তিনিবছৰীয়া কন্যা শিশুটিও। দলটোৰ চোকা অস্ত্ৰৰৰ আক্ৰমণত ৩ বছৰীয়া শিশু কন্যাটিৰ মুখমণ্ডল আঘাতপ্ৰাপ্ত হয়। স্থানীয় গঞাই পিছত আঘাতপ্ৰাপ্ত তিনিবছৰীয়া কন্যা শিশুটিক পথাৰৰ জুপুৰিটোৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱায়।

স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত ঢেকীয়াজুলিৰ থানাৰ আৰক্ষী দল এটা উপস্থিত হৈ আঘাতপ্ৰাপ্ত মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীৰ ইতিমধ্যে মৃত্যু হোৱা বুলি ঘোষণা কৰে।

আনহাতে দুৰ্বৃত্তৰ দলটোৱে ১২ বছৰীয়া জ্যেষ্ঠ কন্যাগৰাকীক পামৰ জুপুৰিটোৰ পৰা নিশা উঠাই লৈ যায়। দুদিন সন্ধানহীন হৈ থকাৰ পিছত ২২ ফেব্ৰুৱাৰিত আক্ৰমণ স্থলীৰ ২ কিলোমিটাৰ নিলগৰ এটা খেৰৰ মেজিৰ পৰা ১২ বছৰীয়া কন্যা শিশুটিৰ নগ্ন অৱস্থাৰ মৃতদেহটো শৰীৰৰ গোপন অংগ তথা স্থানত কেবাটাও ক্ষত চিহ্নসহ উদ্ধাৰ কৰা হয়।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি ১২ বছৰীয়া কন্যা শিশুটিকো হত্যাৰ কৰাৰ পূৰ্বে দলৱদ্ধ ধৰ্ষণ কৰা হৈছিল।

মহিলাগৰাকীৰ স্বামী তথা মৃত কন্যা শিশুটিৰ পিতৃ মুনা ৰাভাই শোণিতপুৰৰ উপায়ুক্তলৈ লিখা এখন পত্ৰত অভিযোগ কৰি কয় যে ২০ ফেব্ৰুৱাৰিৰ নিশা তেওঁৰ পত্নী আৰু কন্যাক কাদম্ববৰী (হলদিবাৰী)ৰ পথাৰৰ জুপুৰিত থকা অৱস্থাত অজনজাতীয় লোকৰ এটা দুবৃত্তৰ দলে ধৰ্ষণ কৰি আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল।

ৰাভাই উপায়ুক্তলৈ লিখা পত্ৰত লগতে ‘তেওঁৰ পত্নী আৰু কন্যাক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰি হত্যা কৰা হৈছিল আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত তেওঁলোকক দলৱদ্ধভাৱে ধৰ্ষণ কৰা বুলি স্পষ্টভাৱে উল্লেখ আছে’ বুলি উল্লেখ কৰি অভিযুক্তসকলক অনুসূচীত জাতি/জনজাতি(নৃশংসতা প্ৰতিৰোধ) আইনৰ অধীনত শাস্তি দিবলৈ অনুৰোধ জনায়।

জনজাতীয় সামাজিক কৰ্মী তথা আইনী পৰামৰ্শ দাতা ৰাজু দেউৰীয়ে নৰ্থইষ্ট নাওক জনোৱা অনুসৰি ঢেকীয়াজুলি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসূচীত জাতি/জনজাতি (নৃশংসতা প্ৰতিৰোধ) আইন ১৯৮৯ৰ অধীনত গোচৰ ৰুজু কৰিব লাগিছিল যদিও এই অধীনত গোচৰ ৰুজু নকৰি এই ক্ষেত্ৰত আৰক্ষীয়ে অৱহেলা কৰিছে।

“আৰক্ষীয়ে অনুসূচীত জনজাতি (নৃশংসতা প্ৰতিৰোধ) আইন ১৯৮৯ৰ অধীনত গোচৰটো পঞ্জীয়ন কৰিব লাগিছিল, কিন্তু ঢেকিয়াজুলি আৰক্ষী থানাৰ আৰক্ষীয়ে এই আইনৰ অধীনত এই গোচৰটো পঞ্জীয়ন কৰা নাছিল।আৰক্ষীৰ অসজাগতা অথবা অৱহেলা ইয়াৰ কাৰণ হ’ব পাৰে।” দেউৰীয়ে কয়।

উল্লেখ্য যে ঘটনাৰ দুদিনৰ পিছত ঢেকীয়াজুলি থানাৰ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত দাখিল কৰা এজাহাৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৪৪৮/৩০২/৩২৬/৩৩৬(ক)ৰ ধাৰাত গোচৰ ৰুজু কৰিছিল। ইয়াৰ পিছতো এতিয়ালৈকে আৰক্ষীয়ে এজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

“যিহেতু এয়া অজনজাতীয় লোকসকলৰ দ্বাৰা এটা জনজাতীয় পৰিয়ালৰ ওপৰত কৰা আক্ৰমণৰ ঘটনা আছিল সেয়ে অনুসূচীত জাতি/জনজাতি নীতিৰ, ১৯৫৫ৰ বিধিৰ ৭ অনুসৰি উপ আৰক্ষী অধীক্ষক(ডিএছপি)ৰ পদবী বা তাৰ উৰ্ধৰ এজন আৰক্ষী বিষয়াই ঘটনাটো তদন্ত কৰিব লাগে আৰু ঘটনাটো সংঘটিত হোৱাৰ তাৰিখৰ পৰা দুমাহৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিব লাগে।” আৰক্ষীৰ ৰসহ্যজনক ভূমিকাৰ সন্দৰ্ভত মন্তব্য কৰি আইনী পৰামৰ্শদাতা দেউৰীয়ে এইদৰে কয়।

ইফালে ভুক্তভোগী পৰিয়ালটোক দিবলগীয়া ক্ষতিপূৰণো চৰকাৰে আদায় দিয়া নাই বুলি গুৰুতৰ অভিযোগ কৰিছে শ্ৰী দেউৰীয়ে।

উল্লেখ্য যে জনজাতীয় নাবালিকা আৰু প্ৰাপ্ত বয়স্ক মহিলা ধৰ্ষণৰ বলি হ’লে অনুসূচীত জাতি/জনজাতি আইন, ১৯৫৫ৰ বিধি ৪৫ অনুসৰি ৮.২৫ লাখ আৰু ধৰ্ষণৰ লগতে হত্যাৰ বলি হ’লে ভুক্তভোগী পৰিয়ালে ১৬.৫০ লাখ টকাৰ ক্ষতিপূৰণ লাভ কৰে। এই ধনৰ ৭৫ শতাংশ কেন্দ্ৰই আৰু বাকী ২৫ শতাংশ ধন ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগে বহন কৰে।

এই ধনৰ ৫০ শতাংশ ঘটনাৰ সাতদিনৰ ভিতৰত আৰু বাকী ৫০ শতাংশ ধন আৰক্ষীয়ে চাৰ্জশ্বীট দাখিল কৰাৰ পিছত পৰিয়ালটোক মুকলাই দিয়াৰ নিয়ম। কেন্দ্ৰৰ অংশটো ৰাজ্যলৈ প্ৰেৰণ কৰাৰ পিছতো এই ক্ষতিপূৰণ মুকলাই দিয়াৰ ক্ষেত্ৰত অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগে চৰম হেমাহি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শ্ৰী দেউৰীয়ে।

ৰাজু দেউৰীয়ে লগতে অভিযোগ কৰি কয় যে শোণিতপুৰ জিলা প্ৰশাসনে এতিয়াও দুৰ্দশাগ্ৰস্ত পৰিয়ালটোৰ ৩ বছৰীয়া আহত শিশুটিৰ চিকিৎসাৰ বাবে কোনো ব্যৱস্থা লোৱা নাই।

ঘটনাটোৰ সৈতে জড়িত দুৰ্বৃত্তসকলক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ লগতে সমগ্ৰ ঘটনাটো ক্ষীপ্ৰতাৰে তদন্ত কৰি ভুক্তভোগী জনজাতীয় পৰিয়ালটোক ন্যায় প্ৰদান কৰাৰ লগতে ক্ষতিপূৰণ প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাইছে শ্ৰী দেউৰীয়ে।

ইফালে শোণিতপুৰ আৰক্ষী বা জিলা প্ৰশাসনে এই গোচৰটো গুৰুত্বসহকাৰে নোলোৱাৰ অভিযোগ কৰি জনজাতীয় সংগঠনসমূহে আৰক্ষী প্ৰশাসনৰ লগতে শোণিতপুৰ জিলা প্ৰশাসন আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে সোচ্চাৰ হোৱা দেখা গৈছে।

সদৌ ভাৰত জনজাতি ছাত্ৰ সংস্থা, অসম ৰাজ্যিক কমিটিৰ উপ সভাপতি দীপেন দেউৰীয়ে নৰ্থইষ্ট নাওক কয় যে “ঢেকীয়াজুলিৰ চপাই বালিগাঁৱৰ ৰাভা সম্প্ৰদায়ৰ মাতৃ আৰু কন্যাক দলৱদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰা বৰ্বৰ ঘটনাটো ভাৰতীয় দণ্ডবিধি আইনৰ ৪৪৯/৪৫৯ ধাৰা আৰু অনুসূচীত জনজাতি (নৃশংসতা প্ৰতিৰোধ) আইন ১৯৮৯ৰ অধীনত তদন্ত কৰি দোষীক চৰম শাস্তি দিবলৈ শোণিতপুৰ আৰক্ষীৰ ওচৰত দাবী জনাইছো।”

সংগঠনটোৰ অসম ৰাজ্যিক গোটৰ সভাপতি সুনীল টেৰনেও বৰ্বৰ দলৱদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডটো ক্ষীপ্ৰতাৰে তদন্ত কৰি অপৰাধীসকলক তাৎক্ষণিকভাৱে শাস্তি দিবলৈ দাবী জনাইছে।

অসমৰ সমগ্ৰ আৰক্ষী বিভাগ আৰু আৰক্ষী কৰ্মীসকলক অনুসূচীত জাতি/জনজাতি (নৃশংসতা প্ৰতিৰোধ) আইন ১৯৮৯ৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে সজাগতা বৃদ্ধিৰ কৰিবলৈও আহ্বান জনাইছে জনজাতীয় সংগঠনসমূহে।

আনহাতে ঢেকীয়াজুলি অঞ্চলত জনজাতীয় তথা ৰাভা সম্প্ৰদায়ৰ ভোটাৰ সংখ্যা তেনেই নগণ্য আৰু দুৰ্বৃত্তৰ দলটোৰ সম্প্ৰদায়টোৰ নিৰ্ণায়ক তথা যথেষ্ট সংখ্যক ভোটাৰ থকাৰ বাবে স্থানীয় বিধায়কগৰাকীৰ নিৰ্দেশত আৰক্ষীয়ে এই বৰ্বৰ ঘটনাটোৰ তদন্তৰ ক্ষেত্ৰত হেমাহি কৰি অহাৰ গুৰুতৰ অভিযোগ উত্তাপন কৰিছে সংগঠনটোৰ লগতে জনজাতীয় সমাজকৰ্মীগৰাকীয়ে।

তেওঁলোকৰ মতে সন্মুখত বিধানসভা নিৰ্বাচন থকাৰ বাবেই সংখ্যাগুৰু সম্প্ৰদায়টোৰ ভোটাৰৰ ৰোষত পৰাৰ আশংকাত ফেব্ৰুৱাৰি শেষ সপ্তাহ আৰু মাৰ্চ মাহত স্থানীয় বিধায়কগৰাকীৰ হস্তক্ষেপৰ বাবেই সমগ্ৰ ঘটনাটোৰ তদন্তৰ ক্ষেত্ৰত আৰক্ষীয়ে হেমাহি কৰি আহিছে।

প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

June 21, 2026 1:08 pm
মাত্ৰ ১১টা বলতে অৰ্ধশতক! প্ৰতিশোধৰ মেচত বেটিং তাণ্ডৱেৰে বিশ্ব অভিলেখ ‘বিস্ময় বালক’ বৈভৱৰ

মাত্ৰ ১১টা বলতে অৰ্ধশতক! প্ৰতিশোধৰ মেচত বেটিং তাণ্ডৱেৰে বিশ্ব অভিলেখ ‘বিস্ময় বালক’ বৈভৱৰ

June 21, 2026 12:49 pm
‘নেইমাৰে ঘৰৰ পৰাই কাম কৰিছে’, ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ মন্তব্যত বিশ্বজুৰি চৰ্চা

‘নেইমাৰে ঘৰৰ পৰাই কাম কৰিছে’, ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ মন্তব্যত বিশ্বজুৰি চৰ্চা

June 21, 2026 12:36 pm
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক স্বীকৃতি আমেৰিকাৰ এই ৰাজ্যত; বিদেশীসকললৈ যোগাভ্যাসৰ বাৰ্তা

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক স্বীকৃতি আমেৰিকাৰ এই ৰাজ্যত; বিদেশীসকললৈ যোগাভ্যাসৰ বাৰ্তা

June 21, 2026 12:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

June 21, 2026 1:08 pm
মাত্ৰ ১১টা বলতে অৰ্ধশতক! প্ৰতিশোধৰ মেচত বেটিং তাণ্ডৱেৰে বিশ্ব অভিলেখ ‘বিস্ময় বালক’ বৈভৱৰ

মাত্ৰ ১১টা বলতে অৰ্ধশতক! প্ৰতিশোধৰ মেচত বেটিং তাণ্ডৱেৰে বিশ্ব অভিলেখ ‘বিস্ময় বালক’ বৈভৱৰ

June 21, 2026 12:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd