• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চাঞ্চল্য! পাঞ্জাৱৰ এগৰাকী মহিলাক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি ভংগ কৰিছিল ব্ৰিটেইনৰ প্ৰিন্স হেৰীয়ে!

আদালতৰ দ্বাৰস্থ হৈ মহিলাগৰাকীয়ে ক'লে- প্ৰতিশ্ৰুতি ভংগৰ অপৰাধত প্ৰিন্স হেৰীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হওক!

এন ই নাও নিউজ by এন ই নাও নিউজ
April 13, 2021 8:18 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰিটেইনৰ ৰাজকোঁৱৰ প্ৰিন্স হেৰীয়ে বিয়া কৰাৰ প্ৰতিশ্ৰুতি দিছিল পঞ্জাৱৰ এগৰাকী মহিলাক।

কিন্তু প্ৰতিশ্ৰুতিটো পাহৰি ৰাজকোঁৱৰে বিবাহপাশত আৱদ্ধ হয় হলিউড সুন্দৰী মেগান মাৰ্কলেৰ স’তে।

Apply Now

যাৰ ফলত পঞ্জাৱৰ পলৱিন্দৰ সিং নামৰ মহিলাগৰাকীয়ে প্ৰিন্স হেৰীৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ’ব লগা হ’য়।

অৱশ্যে আদালতে মহিলাগৰাকীয়ে ৰাজকুঁৱৰৰ স’তে বিবাহপাশত আৱদ্ধ হোৱাৰ দিবাস্বপ্ন দেখা বুলি মহিলাগৰাকীৰ আবেদনখন খাৰিজ কৰে।

তাৰপাছতে সামাজিক মাধ্যমত আৰম্ভ হৈছে হাস্যৰসৰ।

হয়, এনেধৰণৰ ঘটনাও সংঘটিত হৈছে ভাৰতবৰ্ষত।

পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত মহিলাগৰাকীৰ আবেদনখন খাৰিজ কৰিছে।

ন্যায়াধীশ অৰৱিন্দ সিং সাংৱানে কয় যে সম্ভৱতঃ মহিলাগৰাকীৰ স’তে সামাজিক মাধ্যমত প্ৰিন্স হেৰীৰ ভুৱা নাম-পৰিচয়েৰে কোনোবা অচিনাক্ত লোকে বাৰ্তালাপ কৰিছিল, কিন্তু আদালতে সেই বাৰ্তালাপৰ ওপৰত ভিত্তি কৰি ৰায়দান কৰিব নোৱাৰে।

মহিলাগৰাকীয়ে প্ৰতিশ্ৰুতিভংগৰ অপৰাধত প্ৰিন্স হেৰীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিবলৈ আদালতত আবেদন জনাইছিল।

ন্যায়াধীশগৰাকীয়ে কয় যে এইটোও সম্ভৱ হ’ব পাৰে যে কোনোবা তথাকথিত প্ৰিন্স হেৰীয়ে পঞ্জাৱৰ কোনোবা গাঁৱৰ এটা চাইবাৰ কাফেত বহি এই কাম কৰিব পাৰে।

আদালতে মহিলাগৰাকীক সোধে যে তেওঁ কাহানিবা গ্ৰেট ব্ৰিটেইনলৈ গৈছেনে?

মহিলাগৰাকীয়ে কয় যে নাই যোৱা, কেৱল সামাজিক মাধ্যমযোগে প্ৰিন্স হেৰীৰ স’তে বাৰ্তালাপ কৰিছিল।

আনকি ৰাজকোঁৱৰজনৰ দেউতাক প্ৰিন্স চাৰ্লছকো তেওঁলোকৰ সম্পৰ্কৰ কথা অৱগত কৰি মেচেজ কৰিছিল বুলি তেওঁ জনায়।

”মই লাভ কৰিছো যে এই আবেদনখনত একো নাই, কেৱল এগৰাকী দিবাস্বপ্নত মগ্ন থকা লোকৰ প্ৰিন্স হেৰীক বিয়া কৰোৱাৰ জল্পনা-কল্পনাৰ বাহিৰে।”- ন্যায়াধীশজনে কয়।

আবেদনকাৰী মহিলাগৰাকীয়ে আদালতত এগৰাকী অধিবক্তাৰ সাজত উপস্থিত থাকে।

তেওঁ আদালতত আনকি গ্ৰেট ব্ৰিটেইনৰ আৰক্ষীয়ে প্ৰিন্স হেৰীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈও গোহাৰি জনায়।

আবেদনখনৰ শুনানিৰ অন্তত কোৱা হয় যে আদালতে আবেদনখনৰ ভিত্তিত উল্লেখিত ব্যৱস্থা ল’বলৈ উপযুক্ত প্ৰমাণ লাভ কৰা নাই, কেৱল ভুৱা বাৰ্তালাপক সঁচা বুলি ভবা মহিলাগৰাকীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাক বাদে।

এই আজৱ বাতৰিটো সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ লগে লগে সামাজিক মাধ্যমত হাস্যৰসৰ জোৱাৰ উঠিছে।

”টেইলৰ চুইফট, স্কাৰলেট জহানছন, মাৰ্গট ৰব্বী, ক্ৰিষ্টেন ষ্টিৱাৰ্ট, এম্মা ৰবাৰ্টছ আৰু এম্মা ৱাটছনৰ বিৰুদ্ধে মইও ব্যৱস্থা ল’বলে আবেদন কৰিম, কিয়নো অভিযোগ অনুসৰি তেওঁলোকে মোক ডিজনীলেণ্ডত বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি ভংগ কৰিছিল।”- সামাজিক মাধ্যমত এজন লোকে এইদৰে ব্যংগ কৰি কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd