• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’ণাতংকৰ বাবেই বৃহৎ সিদ্ধান্ত: দশম শ্ৰেণীৰ পৰীক্ষা বাতিল, দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 14, 2021 3:24 pm
Exams_
894
VIEWS
Share on FacebookShare on Twitter

দেশত এতিয়া ক’ৰ’ণাৰ মহা সংহাৰ চলিছে। দেশৰ ১১ খন ৰাজ্যত ক’ৰ’ণাই নিতৌ হাজাৰ হাজাৰ লোকক আক্ৰান্ত কৰিছে।

এনে সময়তে মে’ মাহত অনুষ্ঠিত হ’বলগীয়া CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আজি দুটা বৃহৎ সিদ্ধান্ত  গ্ৰহণ কৰে।

সেই মৰ্মে CBSE ৰ দশম শ্ৰেণীৰ পৰীক্ষা ক’ৰ’ণাতংকৰ বাবে বাতিল কৰা হৈছে আৰু দ্বাদশ শ্ৰেণাৰ পৰীক্ষা অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত বিশেষ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি CBSE য়ে প্ৰস্তুত কৰা অৱজেক্টটিভ ক্ৰাইটেৰিয়াৰ ওপৰত ভিত্তি কৰি দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হ’ব।

যিসকল শিক্ষাৰ্থীয়ে সেই ফলাফলত সন্তুষ্ট নহ’ব তেওঁলোকে পৰৱৰ্তী সময়ত অনুষ্ঠিত কৰা বিশেষ পৰীক্ষাত বহিব পাৰিব।

একেদৰে দেশৰ ক’ৰ’ণা পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সময় পুনৰ নিৰ্দ্ধাৰণ কৰা হ’ব আৰু আপাততঃ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

উল্লেখ্য অহা ৪ মে’ৰ পৰা CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল।

ক’ৰ’ণাৰ সংহাৰৰ মাজতে পৰীক্ষা অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰি দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে চলিত বৰ্ষৰ মে’ মাহত অনুষ্ঠিত হ’বলগীয়া দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিবলৈ দাবী জনাই এখন পত্ৰত স্বাক্ষৰ কৰিছিল।

এই সকল ছাত্ৰ-ছাত্ৰীয়ে হয় দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিব লাগে অথবা অনলাইনৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত কৰিব লাগে বুলি দাবী জনাইছিল।

শেহতীয়াকৈ টুইটাৰত “cancelboardexams2021” হেছটেগ ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা বাতিলৰ বাবে জনমত গঠন কৰাৰ চেষ্টা চলাইছিল।

এনে জাগৰণৰ প্ৰতি দেশৰ কেইবা লাখ ছাত্ৰ-ছাত্ৰীয়ে সঁহাৰি জনোৱা পৰিলক্ষিত হৈছিল।

আনকি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও ক’ৰ’ণাতংকৰ সময়ত পৰীক্ষা অনুষ্ঠিত কৰাটো ছাত্ৰ-ছাত্ৰীৰ জীৱনকলৈ হেতালি খেলাৰ লেখিয়া কথা হ’ব বুলি মন্তব্য কৰি পৰীক্ষা বাতিল কৰাৰ আহ্বান জনাইছিল।

Recent News

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd