দেশৰ লগতে ৰাজ্যত পুনৰ কোবিড সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে অসম মাধ্যমিক শিক্ষা সংসদ(ছেবা)এ।
শনিবাৰে ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে জিলা বিদ্যালয় পৰিদৰ্শকসকললৈ প্ৰেৰণ কৰা পত্ৰত কোৱা হৈছে যে কোভিড মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি আগন্তুক পৰীক্ষাৰ বাবে আৰু কিছুমান সতৰ্কতামূলক নতুন নিৰ্দেশনা জাৰি কৰা হৈছে।
ছেবাই প্ৰতিটো পৰীক্ষা কেন্দ্ৰকে কোভিড প্ৰটক’লসমূহ কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ জাৰি কৰিছে।
পত্ৰখনত উল্লেখ থকা নিৰ্দেশনা অনুসৰি পৰীক্ষাত পৰীক্ষাৰ্থীসকলে সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক কৰা হৈছে। ছেবাই পৰীক্ষাৰ্থীসকলৰ বাবে যিমান সম্ভৱ সিমান ব্যৱধান ৰক্ষা কৰি আসনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে পৰীক্ষাৰ্থীসকলৰ আসনৰ আৰ্হি ইংৰাজী ‘এক্স’ বৰ্ণটোৰ দৰে হ’ব লাগে বুলি উল্লেখ কৰিছে।
ইফালে ৰাজ্যখনৰ সাম্প্ৰতিক কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিত ছেবা-এ আগন্তুক হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ বাবে কোভিড-১৯ প্ৰভাৱিত প্ৰাৰ্থীসকলৰ আসনৰ বাবে এক পৃথক ব্যৱস্থা কৰাৰ সিদ্ধান্ত লৈছে।
কোভিড প্ৰভাৱিত প্ৰাৰ্থীসকলৰ বাবে বিদ্যালয়সমূহৰ সকলো পৰিদৰ্শকক স্থানীয় প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগৰ সৈতে আগতীয়াকৈ আলোচনা কৰি কেন্দ্ৰৰ চৌহদৰ বাহিৰত আসনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে ছেবা-এ।
আনহাতে অতিৰিক্ত পৰীক্ষাৰ্থীসকলৰ বাবে সংশ্লিষ্ট পৰীক্ষা কেন্দ্ৰটোৰ ১ কিলোমিটাৰ অন্তৰ্গত যিকোনো এখন বিদ্যালয়ত পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব।
যদি সংশ্লিষ্ট পৰীক্ষা কেন্দ্ৰৰ ১ কিলোমিটাৰ ব্যাসাৰ্দ্ধত কোনো বিদ্যালয় নাই তেনে পৰীক্ষা কেন্দ্ৰই উক্ত পৰীক্ষাৰ্থীসকলৰ বাবে বতৰৰ অনুকূল অস্থায়ী কেন্দ্ৰ নিৰ্মাণ কৰিব পাৰিব। ছেবাৰ পত্ৰখনত এইদৰে কোৱা হৈছে।