• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ শিথিলতাই পুনৰ কোভিড সংক্ৰমণৰ মূল কাৰণ; চিপিআই (এম)

কোভিড সংক্ৰমণ ৰোধৰ বাবে জৰুৰী পদক্ষেপ গ্ৰহণ কৰক : চিপিআই(এম)

এন ই নাও নিউজ by এন ই নাও নিউজ
April 18, 2021 6:44 pm
COVID19-image-credit-Odishatv-750x375

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতবৰ্ষত কোভিড সংক্ৰমণৰ দ্বিতীয়টো ঢৌৰ ব্যাপকতা আৰু ভয়াৱহৰূপে সকলোৰে মাজত উদ্বিগ্নতাৰ সৃষ্টি কৰিছে। প্ৰথমটো ঢৌ প্ৰশমিত হোৱাৰ পাছত সংক্ৰমণ ৰোধ কৰাৰ বাবে অৱলম্বন কৰিবলগীয়া সাৱধানতাৰ ক্ষেত্ৰত অহা শিথিলতাই বৰ্তমান সংক্ৰমণ দ্ৰুতভাৱে বিয়পোৱাৰ মূল কাৰণ। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতি এইদৰে কয় চিপিআই(এম) দলে।

দলটোৱে বিবৃতিটোত লগতে কয় যে কোভিড-১৯ মোকাবিলাৰ বাবে গঠন কৰা পিএম কেয়াৰচ ফাণ্ডত জমা হোৱা বিপুল পৰিমাণৰ ধন ব্যৱহাৰ কৰি স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি উন্নত আৰু সম্প্ৰসাৰিত কৰাৰ যি সুযোগ পাইছিল তাক কেন্দ্ৰীয় চৰকাৰে ব্যৱহাৰ নকৰিলে। পৰিণতিত হস্পিতালৰ বিচনা, অক্সিজেন যোগান, আই চি ইউ, ভেণ্টিলেটৰ আদিৰ ভয়ানক অভাৱে দেখা দিছে আৰু উপযুক্ত চিকিৎসা নোপোৱাকৈয়ে বহুলোকে কৰুণভাৱে মৃত্যু মুখত পৰাৰ চিত্ৰ প্ৰতিদিনে প্ৰকাশিত হৈছে।

Apply Now

কোভিড সংক্ৰমণ নিয়ন্ত্ৰণহীনভাৱে বৃদ্ধি পোৱাৰ পাছতো কুম্ভমেলাত লাখ লাখ লোকক সমৱেত হ’বলৈ অনুমতি দিয়া, প্ৰধানমন্ত্ৰীয়ে নিজে পশ্চিম বংগৰ বিশাল নিৰ্বাচনী সভাত অংশ লোৱা আদিৰ মাজেৰে বিজেপি চৰকাৰ আৰু দলীয় নেতৃবৃন্দৰ দায়িত্বজ্ঞানহীন আচৰণ প্ৰকট হৈছে বুলিও অভিযোগ কৰিছে দলটোৱে।

অসমতো কোভিড সংক্ৰমণ ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে বুলি কৈ দলটোৱনে সংক্ৰমণ ৰোধৰ বাবে দ্ৰুত আৰু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। “আন ৰাজ্যৰ তুলনাত আমাৰ ৰাজ্যখনত সংক্ৰমণ কম বুলি আত্মসন্তুষ্টি লভাটো পৰিশেষত অত্যন্ত ক্ষতিকাৰক হ’ব পাৰে।ৰাজ্যখনৰ খোদ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে একাধিকবাৰ এনে মন্তব্য কৰিছে। চৰকাৰৰ প্ৰৱক্তাসকলৰ এনে আচৰণে ল’বলগীয়া সাৱধানতাৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত শিথিলতা অনাৰ ব্যাপক আশংকা আছে।” কোভিড সংক্ৰান্তত চৰকাৰৰ দায়িত্বহীনতাৰ বিষয়ে এইদৰে কয় বামপন্থী দলটোৱে।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰিয়ে ৰাজ্যখনত চিকিৎসা সেৱাৰ সুযোগ এতিয়াও যথেষ্ট সীমিত। সেয়ে কোভিদ সংক্ৰমণে ব্যাপকতা লাভ কৰাৰ আগতেই প্ৰয়োজনীয় পদক্ষেপ দ্ৰুততাৰে গ্ৰহণ কৰা উচিত। ৰাজহুৱা স্থানত মাস্ক পৰিধান আৰু শাৰীৰিক দূৰত্ব বৰ্তাই ৰখাটো কঠোৰভাৱে নিশ্চিত কৰা উচিত। ৰাজহুৱা স্থানসমূহ বীজাণুমুক্ত(sanitized) কৰাৰ বাবে চৰকাৰী সংস্থাসমূহে শীঘ্ৰে আৰু নিয়মিতভাৱে অভিযান চলাব লাগে বুলি মন্তব্য কৰিছে দলটোৱে।

সকলো প্ৰাপ্তবয়স্ক লোকক যাতে ভেকচিন দিয়া হয় তাক চৰকাৰে নিশ্চিত কৰিব লাগে বুলি উল্লেখ কৰি দলটোৱে অভিযোগ কৰি কয় যে ইতিমধ্যে প্ৰায় এসপ্তাহ ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত ভেকচিনৰ নাটনি হৈছিল।

ৰাজ্য চৰকাৰৰ অসতৰ্কতাৰ বাবে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ প্ৰতি চৰকাৰ সজাগ থকা উচিত। অসমত হস্পিতালৰ বিচনা, আইচিইউ,ভেণ্টিলেটৰ, অক্সিজেন যোগানৰ ব্যৱস্থা সম্প্ৰসাৰিত কৰাৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন যাতে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰা যায়। হস্পিতালসমূহত পৰ্যাপ্ত সংখ্যক চিকিৎসক, নাৰ্চ, স্বাস্থ্যকৰ্মীৰ ব্যৱস্থা কৰা প্ৰয়োজন। ৰোগীসকললৈ পুষ্টিকৰ খাদ্যৰ যোগানো চৰকাৰে নিশ্চিত কৰা উচিত।দলটোৱে বিবৃতিটোত এইদৰে কয়।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm
২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm
বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

September 23, 2026 5:32 pm
মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm
২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd