ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ বৰ্ষীয়ান নেতা ডাঃ ভূমিধৰ বৰ্মনৰ আজি পৰলোকপ্ৰাপ্তি ঘটিছে।
গুৱাহাটীৰ দিছপুৰ হস্পিতালত চিকিৎসাধীন অৱস্থাত দেওবাৰে সন্ধিয়া ৬.২০ মিনিটত ৮৯ বছৰ বয়সত মৃত্যুক আকোৱালি লয় বৰ্ষীয়ান ৰাজনীতিকগৰাকীয়ে।
১৯৩১ চনৰ ১২ অক্টোবৰত নলবাৰীৰ জিলাৰ বেলশৰত জন্ম গ্ৰহণ কৰা বৰ্মনে ১৯৫১ চনত টিহু হাইস্কুলৰ পৰা মেট্ৰিকুলেশ্যন পৰীক্ষাত উত্তীৰ্ণ হয়। উল্লেখ্য যে কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত মেট্ৰিকুলেশ্যনত অৱতীৰ্ণ অন্তিম বেটছৰ পৰীক্ষাৰ্থী আছিল ডাঃ ভূমিধৰ বৰ্মন।
ডাঃ ভূমিধৰ বৰ্মনে পৰৱৰ্তী সময়ত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে।
ইয়াৰ পিছতে সক্ৰিয় ৰাজনীতিত যোগদান কৰি ডাঃ ভূমিধৰ বৰ্মনে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা ১৯৬৭ চনত প্ৰথমবাৰ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।
অসম বিধানসভালৈ মুঠ ৭ বাৰকৈ নিৰ্বাচিত হোৱা ডাঃ ভূমিধৰ বৰ্মনে দুবাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল।
১৯৯৬ চনত তদান্তীন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পিছত ১৯৯৬ চনৰ ২২ এপ্ৰিলৰ পৰা ১৪ মে’লৈ প্ৰথমবাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ডাঃ ভূমিধৰ বৰ্মনে।
আনহাতে তদান্তীন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে চিকিৎসাধীন হৈ থকাৰ সময়ত ২০১০ চনতো অসমৰ ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ডাঃ ভূমিধৰ বৰ্মনে।
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত স্বাস্থ্য, শিক্ষা আৰু ৰাজহ আদিকে ধৰি বিভিন্ন গুৰুতপূৰ্ণ বিভাগৰ কেবিনেট মন্ত্ৰীৰ দায়িত্বত আছিল ডাঃ ভূমিধৰ বৰ্মন।
প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে গৃহ জিলা নলবাৰীত শোকৰ ছাঁ পৰিছে।
ইফালে প্ৰবীণ ৰাজনীতিকগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱোলৰ লগতে লোকসভাৰ বিৰোধী দলৰ উপ দলপতি গৌৰৱ গগৈয়ে শোক প্ৰকাশ কৰিছে।
“প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন ডাঙৰীয়াৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছো। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনালো।” নিজৰ ফেইচবুক পেজত এইদৰে কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
“অসমৰ ৰাজনীতিৰ অন্যতম মহীৰূহ, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসম বিধানসভাৰ ৭ বাৰৰ বিধায়ক ডাঃ ভূমিধৰ বৰ্মন দেৱৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিলো৷ তেখেতৰ মৃত্যু আমাৰ দল, অসমৰ ৰাজনীতি তথা সমাজ জীৱনৰ অপূৰণীয় ক্ষতি৷ তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমাবেদনা জনাইছো৷” নিজা ফেইচবুক পেজত এইদৰে কয় কংগ্ৰেছৰ যুৱ সাংসদ গৌৰৱ গগৈয়ে।