• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তীৰ্থ ভুমিত পৰিণত কুমাৰীকাটা মিঠাৰাম দাস সমন্বয় ক্ষেত্ৰ; কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ সামৰণি

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
April 21, 2021 7:27 am
IMG_20210420_153103

ফটো: নৰ্থইষ্ট নাও।

350
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দৰঙাজুলি আঞ্চলিক শৰণীয়া-কছাৰী ছাত্ৰ সন্থাৰ সহযোগত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটা মিঠাৰাম দাস সমন্বয় ক্ষেত্ৰত সোমবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা  শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয়  বাঁহ গোঁসাই  উৎসৱৰ মঙলবাৰে সফল সামৰণি পৰে।

মঙলবাৰে পুৱাৰে পৰা নামনি অসমৰ জিলা কেইখনৰ পৰা শৰণীয়া-কছাৰী জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত সাজ পৰিধান কৰি একোডাল বাঁহ গোঁসাই  লৈ ঢোল ,তাল,শংখ, দবা আদিৰ শব্দৰে মুখৰিত কৰি কেন্দ্ৰীয় বাঁহ গোসাইস্থলীত উপস্থিত হয়।

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটাৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱস্থলী মিঠাৰাম দাস সমন্বয় ক্ষেত্ৰ এক  তীৰ্থ ক্ষেত্ৰলৈ পৰিনত হয়।

বিভিন্ন প্ৰান্তৰ পৰা শতাধিক বাঁহ গোঁসাই সজাই-পৰাই  এক মাঙ্গলিক পৰিৱেশেৰে  উৎসৱস্থলীত নিৰ্মাণ কৰা গোঁসাই ঘৰত স্থাপন কৰে। ইয়াৰ আগতে  বাঁহ গোঁসাই লৈ উৎসৱস্থলীত উপস্থিত হোৱা দল সমূহে নিজৰ নিজৰ দলৰ বাঁহ গোঁসাই লৈ কুমাৰীকাটা চহৰৰ মাজেৰে পাঁচ কিলোমিটাৰ জোৰা পথ সমদল কৰি পানবাৰী-বাটাবাৰী হৈ পুনৰ উৎসৱস্থলীত উপস্থিত হয়।

সম্পূৰ্ন কোভিড প্ৰট’কল মানি শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোঁসাই  উৎসৱ পালন  কৰা হয় ।

বিভিন্ন স্থানৰ পৰা লৈ অহা বাঁহ গোঁসাই স্থাপনৰ পিচতে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি শৰণীয়াই আঁত ধৰা মুকলি সভাখন উদ্বোধন কৰে শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ হিতেশ ডেকাই ।

মুকলি সভাখন উদ্বোধন কৰি দিয়া ভাষণত ডেকাই কয় যে কভিড পৰিস্থিতি মোকাবিলা কৰাৰ কাৰনে সকলোৱে সজাগ হোৱা উচিত। বাঁহ গোঁসাই শান্তিৰ প্ৰতীক। সমাজৰ পৰা অপায় অমঙ্গল ৰোধ কৰি সামজত স্থিৰতা অনাৰ বাবে শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকে বাঁহ গোঁসাই  উৎসৱ পালন কৰি আহিছে।

সভাত অংশ গ্ৰহণ কৰি  সাংসদ নৱ কুমাৰ শৰনীয়াই বক্তব্য ৰাখি কয় যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লগ কৰি জনজাতীয় মৰ্যাদা প্ৰদানৰ কথা কোৱা হৈছিল।  সঠিক সময়ত সঠিক সিদ্ধান্ত লব নোৱাৰিলে সমস্যাবোৰ  সমস্যা হৈয়ে থাকে। বিধানসভা নিৰ্বাচনত ফলাফল ভাল হ’লে জনগোষ্ঠীটোৰ হকে মাত মাতি যাম বুলিও তেওঁ মন্তব্য কৰে ।

শৰণীয়া-কছাৰী সাহিত্য সভাই জাতিটোৰ ভাষা, সাহিত্য,সংস্কৃতিৰ উত্তৰণৰ বাবে কৰা কাম চিৰদিন উজলি থাকিব।

সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰি  শৰনীয়া কছাৰী সাহিত্য সভাৰ সভাপতি সোনবৰ বৰুৱাই কয় যে বাঁহ গোঁসাই উৎসৱ শৰণীয়া কছাৰী সকলে ইতিপুৰ্বৰে পৰা পালন কৰি  আহিছে। প্ৰতি ব’হাগ মাহৰ ছয় তাৰিখে শৰণীয়া কছাৰী সকলে বাঁহ গোঁসাই উৎসৱ পালন কৰি আহিছে।

তেওঁ কয় যে বাঁহক পৱিত্ৰ জ্ঞান কৰা হয় আৰু বাঁহক প্ৰতীকী হিচাপে লৈ এই বাঁহ গোঁসাই উৎসৱ পালন কৰা হয়।

তেওঁ লগতে কয় যে শৰণীয়া কছাৰী জনগোষ্ঠী কৃষ্টি সংস্কৃতিত আগবঢ়া। শৰণীয়া কছাৰীৰ লোক সকল লাজকুৰীয়া স্বভাৱৰ। কোনোবাই ষড়যন্ত্ৰ কৰিলেও এটা জাতিৰ কেতিয়াও বিলুপ্তি নঘটে।

সভাত আন এগৰাকী বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনে অংশ গ্ৰহণ কৰি  কয় যে আজিৰ পৰা দহ বছৰ আগতে শৰণীয়া-কছাৰী জনগোষ্ঠীটোৰ নিজা পৰিচয় নাছিল। শৰণীয়া  কছাৰী জনগোষ্ঠীৰ সাহিত্যিক মেদিনী চৌধুৰীয়েও শৰণীয়া জনগোষ্ঠীৰ লোক বুলি পৰিচয় দিয়া নাছিল। ১৮৯০ চনৰ পৰা শৰণীয়া কছাৰী জনগোষ্ঠীৰ বিষয়ে মই  লিখি  আহিছো।

তেওঁ কয় যে অৰ্থনৈতিক, খাদ্যভ্যাস, সাংস্কৃতিক আদিৰ পৰিৱৰ্তনে জাতিৰ উন্নয়ন সাধন কৰে। বড়ো ৰাজনৈতিক নেতা জনকলাল বসুমতাৰীক সমালোচনা কৰি  ইছমাইল  হুছেইনে কয় যে জনকলাল নামৰ এগৰাকী আমোলাই শৰণীয়া কছাৰী জনগোষ্ঠীটোৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামি পৰিছে। জনকলালে বড়ো জনগোষ্ঠীৰ ইতিহাসে নাজানে। গতিকে তেওঁ কেনেকৈ আন জনগোষ্ঠীৰ ইতিহাসৰ কথা জানিব।

শৰণীয়া কছাৰী জনগোষ্ঠীৰ বিষয়ে গ্ৰন্থ লিখি জনগোষ্ঠীটোৰ পৰিচয় সমাজত দাঙি ধৰাৰ প্ৰয়াস কৰিছো বুলি উল্লেখ কৰি সাহিত্যিক গৰাকীয়ে কয় যে  শৰণীয়া কছাৰী জনগোষ্ঠীৰ এখন সভাত সাত গৰাকী সাহিত্যিকক নিমন্ত্ৰন জনাই আপ্যায়ন কৰাৰ পিচতো কিন্তু সেইসকল সাহিত্যিকে শৰণীয়া  কছাৰী জনগোষ্ঠীটোৰ বিষয়ে এটা শব্দও নিলিখিলে।

শৰণীয়া কছাৰী সকলৰ মাজত শিৱ পুজা, বাথৌ পুজা আদিও কৰাৰ নিয়ম আছে।  শৰণীয়া কছাৰী সকল ৰাজনৈতিকভাৱে বঞ্চিত হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে বিটিচিত পৰিষদীয় চৰকাৰখনত শৰণীয়া কছাৰী জনগোষ্ঠীৰ এজনো সদস্য নাই।  এজনো এমএলএ নাই। নাটকীয়ভাৱে শৰণীয়া কছাৰী জনগোষ্ঠীৰ এজন সাংসদ  নৱ কুমাৰ শৰণীয়াক পালে যদিও জনগোষ্ঠীটোৰ একো কাম কৰিব নোৱাৰিলে।  দিল্লীত থাকিয়েই নৱ কুমাৰ শৰণীয়াই শৰণীয়া কছাৰী জনগোষ্ঠীটোৰ জনজাতীয় মৰ্যাদাৰ স্বীকৃতি আদায় কৰিব লাগিছিল।

সাহিত্যিক গৰাকীয়ে লগতে কয় যে বৃত্তৰ মাজত থাকি কিছু কথা কোৱাত বাধা আহি পাৰে। বাঁহ গোঁসাই উৎসৱ শৰনীয়া কছাৰী জনগোষ্ঠীৰ জাতীয় ঐতিহ্য। অৰ্থনৈতিক আৰু শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িলে জনগোষ্ঠীৰ উন্নয়ন সম্ভৱ হৈ  পৰিব।

তেওঁ নিজৰ ভাষণত পুনৰ কয় যে শৰণীয়া কছাৰী ছাত্ৰ সন্থা থকালৈকে জাতিটোৰ সংকটৰ সৃষ্টি নহয়। সংগঠনটো যাতে কোনো ৰাজনৈতিক দলৰ হাতত  বিক্ৰী নহয় তাৰ বাবে সজাগ হবলৈও সাহিত্যিক গৰাকীয়ে আহ্বান জনায়।

সভাত সদৌ বাথৌ মহাসভাৰ সভাপতি ডাঃ লীলাধৰ ব্ৰহ্মই কয় যে  নিজৰ কৃষ্টি সংস্কৃতি আগবাঢ়ি গ’লে জাতি আগবাঢ়ি যাব । শঙ্কৰী যুগৰ কথা কোনেও নকয় বুলি উল্লেখ কৰি কয় যে সেই যুগৰ সংস্কৃতিক অনুসৰণ কৰিলে সংস্কৃতিৰ উত্তৰণ হব।

সদৌ অসম শৰণীয়া-কছাৰী ছাত্ৰ সন্থাৰ সভাপতি প্ৰবীন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত সভাত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খাণ্ডা , নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন  বড়ো, কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি চেমচাং তেৰাং, ডিমাচা ছাত্ৰ সন্থাৰ সভাপতি নবীন জহৰীৰ উপৰি বহু কেইগৰাকী বক্তাই ভাষণ প্ৰদান কৰে।

Recent News

ইংলিচ চেনেলৰ পৰা এভাৰেষ্টলৈ : ৮ মাহত ১৩,০০০ কিঃমিঃ পথ অতিক্ৰম মেৰিন কামাণ্ডাৰৰ

ইংলিচ চেনেলৰ পৰা এভাৰেষ্টলৈ : ৮ মাহত ১৩,০০০ কিঃমিঃ পথ অতিক্ৰম মেৰিন কামাণ্ডাৰৰ

১০ মিনিটৰ বাবে আসনত নাছিল কোনো পাইলট, মাজ আকাশত সংকটত ২০০ যাত্ৰী, শেষত কি হ’ল?

১০ মিনিটৰ বাবে আসনত নাছিল কোনো পাইলট, মাজ আকাশত সংকটত ২০০ যাত্ৰী, শেষত কি হ’ল?

পাকিস্তানৰ প্ৰতিৰক্ষা বাজেটৰ ওপৰত সন্দেহ! আইএমএফৰ কঠোৰ চৰ্ত আৰোপ

পাকিস্তানৰ প্ৰতিৰক্ষা বাজেটৰ ওপৰত সন্দেহ! আইএমএফৰ কঠোৰ চৰ্ত আৰোপ

NIAৰ জালত মণিপুৰৰ হিংসাত্মক কাণ্ডৰ সৈতে জড়িত নিষিদ্ধ সংগঠনৰ সদস্য

NIAৰ জালত মণিপুৰৰ হিংসাত্মক কাণ্ডৰ সৈতে জড়িত নিষিদ্ধ সংগঠনৰ সদস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd