• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বলিউদৰ দুই বিখ্যাত সংগীত পৰিচালকে কিয় সুনীধি চৌহানক বেগ সামৰি ঘৰলৈ ওভতি যাবলৈ কৈছিল?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2021 5:53 pm
Sunidhi
338
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ জনপ্ৰিয় কণ্ঠশিল্পী সুনীধি চৌহানক বেগ সামৰি ঘৰলৈ ওভতি যাবলৈ পৰামৰ্শ দিছিল বলিউদৰ দুগৰাকীকৈ বিখ্যাত সংগীত পৰিচালকে।

আনকি এজন সংগীত পৰিচালকে তেওঁৰ কণ্ঠক অভিনেত্ৰীৰ ওঁঠত পুৰুষৰ কণ্ঠ দৰে হ’ব বুলিও কটাক্ষ কৰিছিল।

বলিউদ বাব’লত দিয়া এক সাক্ষাৎকাৰত এই বিস্ফোৰক অভিযোগ কৰিছে বলিউদৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।

কেৰিয়াৰ আৰম্ভণি সময়ছোৱাত সুনীধিয়ে তদ্ৰূপ আৰু বহু মন্তব্য শুনিবলৈ পোৱা বুলিও জানিবলৈ দিছে।

অৱশ্যে সুনীধি চৌহানে বলিউদত সফলতা লভি দেশত জনপ্ৰিয়তা লাভ কৰাৰ পিছতে উক্ত সংগীত পৰিচালক দুজনে পূৰ্বতে কৰা তেনে মন্তব্যৰ বাবে অনুশোচনা কৰা বুলিও ব্যক্ত কৰিছে সাক্ষাৎকাৰটোত।

“তুমি বেগ সামৰি সুতৰি ঘৰলৈ গুচি যোৱা, কাৰণ তুমি ‘লাগ যা গ’লে’ৰ দৰে গান নিখুঁট তথা মূল সুৰেৰে গাব নোৱাৰা।” বলিউদৰ অতি বিখ্যাত দুই সংগীত পৰিচালকে তেওঁক এইদৰে কোৱা বুলিও কয় সুনীধিয়ে।

“এই ধৰণৰ কণ্ঠৰেৰে কাম কৰিব নোৱাৰিবা। তোমাৰ কণ্ঠটো শক্তিশালী। ই অভিনেত্ৰীৰ মুখত পুৰুষৰ কণ্ঠৰ দৰে হ’ব। গতিকে তুমি বেগ সামৰি লোৱা। মাত্ৰ এক দুই বছৰহে তুমি ইয়াত টিকিব পাৰিবা, ইয়াৰ পিছত তুমি ঘৰলৈ ওভতি যাব লাগিব।” দুই সংগীত পৰিচালকৰ উক্ত উদ্ধৃতিৰে সুনীধিয়ে সাক্ষাৎকাৰটোত পুনৰ কয়।

উল্লেখ্য যে বলিউদত প্ৰথমাৱস্থাত এনেধৰণৰ আচৰণৰ সন্মুখীন হ’লেও হাৰ নমনা সুনীধি চৌহানে নিজকে বলিউদত প্ৰতিষ্ঠা লাভ কৰি জনপ্ৰিয় হৈ উঠে।

ধুম মচালে, চালিয়া, কেইচি পাহেলি, শীলা কী জাৱানী আদি বহু জনপ্ৰিয় গীত বলিউদক উপহাৰ দিছে সুনীধি চৌহানে।

সুনীধিয়ে বলিউদত প্ৰতিষ্ঠান লাভ কৰাৰ ইয়াৰ পিছতে উক্ত দুই সংগীত পৰিচালকে পূৰ্বতে কৰা তেনে মন্তব্যৰ বাবে ক্ষমা খুজি সুনীধিক সেয়া পাহৰি যাবলৈ অনুৰোধ কৰা বুলিও কয়।

অৱশ্যে বলিউদৰ সেই বিখ্যাত সংগীত পৰিচালকদ্বয়ৰ নাম লোৱাৰ পৰা বিৰত থাকে সুনীধি চৌহানে।

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd