ক’ৰ’নাই এতিয়া ভাৰতে ধৰি বিশ্বৰ বিভিন্ন দেশত মৃত্যুৰ উৎসৱ পাতিছে।
এনে সময়তে এই ঘাতক ভাইৰাছ বিধে বিশ্বৰ সুউচ্চ পৰ্বত শৃংগ হিমালয়ৰ মাউণ্ট এভাৰেষ্টতো খোপনি পোতৰ কথাই এতিয়া চিন্তিত কৰি তুলিছে পৰ্তাৰোহীসকলক।
শেহতীয়াকৈ নৰ’ৱেৰ এগৰাকী পৰ্বতাৰোহীৰ গাত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।
নৰ’ৱেৰ পৰ্বতাৰোহী ইৰলেণ্ড নেছে তেওঁৰ ফেজবুক পেজত এইবুলি ঘোষণা কৰিছে যে তেওঁ কোভিচত আক্ৰান্ত হৈছে।
কোভিডত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱৰ পিছতে হিমালয়ৰ বেছ কেম্পৰ পৰা পৰ্বতাৰোহীগৰাকীক হেলিকপ্তাৰেৰে নেপালৰ কাঠমাণ্ডুলৈ অনা হৈছে আৰু এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
পৰ্বতাৰোহীগৰাকীয়ে তেওঁৰ ফেচবুক পেজত প্ৰকাশ কৰা মতে সম্প্ৰতি তেওঁ সম্পূৰ্ণ সুস্থ অৱস্থাতে আছে আৰু চিকিৎসকে দিয়া সকলো বিধি বিধান মানি চলিছে।
পৰ্বতাৰোহীগৰাকী কোভিডত আক্ৰান্ত হোৱাৰ পিছতে চিন্তিত হৈ পৰিছে নেপালৰ চৰকাৰ। কিয়নো বিগত বৰ্ষতো কোভিডৰ বাবেই নেপালে পৰ্বতাৰোহন বন্ধ ৰাখিবলগীয়া হৈছিল।
ফলত দেশ খনে প্ৰচুৰ আৰ্থিক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছিল।এইবাৰো একে ঘটনাই ঘটিলে দেশ খন আৰু বেছি ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাই অধিক।
নেপাল চৰকাৰৰ এগৰাকী প্ৰতিনিধিয়ে প্ৰকাশ কৰা মতে হিমালয়ত কোনো পৰ্বতাৰোহী কোভিডত আক্ৰান্ত হ’লে সেয়া৩ অতি ভয়ংকৰহৈ পৰে।
কিয়নো কোভিডত আক্ৰান্ত হ’লে দেহত অক্সিজেনৰ মাত্ৰা কমি যায়। হিমালয়ৰ অতি উচ্চ অঞ্চলত অক্সিজেনৰ মাত্ৰা এনেয়ে কম। সেয়া পৰিস্থিতি অধিক জটিল হৈ পৰে।
উল্লেখ্য ক’ৰ’নাতংকৰ বাবেই নেপালে এইবাৰ মাত্ৰ ৩৭৭ গৰাকী দেশী-বিদেশী পৰ্বতৰোহীক পৰ্বতাৰোহনৰ অনুমতি দিছে।