এক গোপন তথ্যৰ আধাৰত ব্ৰহ্মপুত্ৰৰ কাৰেং চাপৰিত বৃহস্পতিবাৰৰ নিশা বোকাখাত আৰক্ষীয়ে এক অভিযান চলাই পাঁচজন গঁড় চিকাৰীক আটক কৰে৷
অভিযানকালত চোৰাংচিকাৰী দলটোয়ে গোপন স্থানত লুকুৱাই থোৱা এটা একে৫৬ আৰু এটা .৩১৫ ৰাইফলৰ লগতে ১৮ জাঁই ৩৹৩ৰাইফলৰ, ১০জাঁই.৩১৫ৰাইফলৰ আৰু ৮জাঁই একে৫৬ৰ সজীৱ গুলীৰ লগতে এটা.৩১৫ ৰাইফলৰ এটা খালী গুলীও উদ্ধাৰ কৰে বোকাখাত আৰক্ষীৰ অভিযানকাৰী দলে৷
বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱাই জনোৱা তথ্য মতে চোৰাংচিকাৰীৰ দলটোয়ে কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনা কৰাৰ এক গোপন তথ্যৰ আৰক্ষীয়ে লাভ কৰিছিল ৷
এই তথ্যৰ আধাৰতে অভিযান চলাই বোকাখাত আৰক্ষীয়ে যোৰহাট পুলিবৰ থানাৰ অধীনৰ কাৰেং চাপৰিৰ পৰা পাঁচজন চোৰাংচিকাৰীক আটক কৰিবলৈ সক্ষম হয়৷
আটক কৰা চোৰাংচিকাৰী কেইজন হ’ল বোকাখাত চহলা চাপৰিৰ হীৰালালচৌধুৰী, গহপুৰৰ দ্বীপেনপেগু, গোপেশ্বৰ পেগু ওৰফে ভাইটি, ৰঞ্জিত কুটুম আৰু যোৰহাট পুলিবৰৰ অচিন্ত মৰাং৷
চোৰাংচিকাৰীৰ এই দলটো কাজিৰঙাৰ গঁড় হত্যাৰ একাধিক ঘটনাৰ সৈতেও জড়িত বিষয়া গৰাকীয়ে জনায় ৷
ঘটনাৰসন্দৰ্ভত অধিক তথ্যৰ বাবে বোকাখাতৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ ফলত অচিৰেই আৰু অধিক চোৰাংচিকাৰী কৰায়ত্ব হোৱাৰ সম্ভাৱনা আছে৷