কৰ’না ৰোগীৰ চিকিৎসাৰ বাবে নতুন অস্ত্ৰ আহিল ভাৰতৰ হাতত। শুকুৰবাৰে ডিজিচিআইৰ যোগে ভাৰতত ব্যৱহাৰৰ অনুমতি লাভ কৰাৰ সেউজ সংকেত লাভ কৰে Zydus Cadila কোম্পানীৰ দৰৱ Virafin য়ে।
কৰ’না আক্ৰান্ত ৰোগীৰ ভিতৰত মধ্যমীয়া পৰ্যায়ৰ আক্ৰান্তৰ ক্ষেত্ৰত এই দৰৱ প্ৰয়োগ কৰিব পৰা যাৱ।
কৰ’না আক্ৰান্ত ৰোগীক Virafinৰ এটা ড’জ প্ৰয়োগ কৰিব লাগে।
কোম্পানীটোৱে দাবী কৰা মতে এই দৰৱে ৰোগীসকলক দ্ৰুতভাৱে আৰোগ্য লাভ কৰাত সহায় কৰে। পৰিস্থিতিৰ অৱনতি ৰোধ কৰাত ই কাৰ্যকৰী।
ক্লিনিকেল ট্ৰায়েলত দেখা গৈছে যে এই দৰৱ প্ৰয়োগৰ ৭দিনৰ ভিতৰতেই ৯১.১৫শতাংশ লোকৰ আৰ টি-পিচিআৰ টেষ্টত নিগেটিভ আহিছে। তদুপৰি, এই দৰৱৰ এটা ড’জেই যথেষ্ট।
আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল এই দৰৱ প্ৰয়োগৰ পাছত অক্সিজেন দিয়াৰ প্ৰয়োজনীয়তা হ্ৰাস পায়। সেইদৰে, কৰ’না ৰোগীয়ে শ্বাসকষ্টৰ সমস্যাৰ পৰা ক্ষিপ্ৰতাৰে সকাহ পাব।
কেডিলা হেলথকেয়াৰৰ পৰিচালন সঞ্চালক ড০ ছাৰভিল পেটেলে কয়,’’ সঠিক সময়ত এই দৰৱৰ প্ৰয়োগৰ জৰিয়তে দ্ৰুত আক্ৰান্তৰ সংখ্যা হ্ৰাস কৰিব পৰা যাৱ। বৰ্তমান সময়ত ৰোগীসকলৰ বাবে এইটো অত্যন্ত জৰুৰী। কৰ’নাৰ বিৰুদ্ধে যুঁজ দিয়াত ই বিশেষভাৱে সহায় কৰিব।‘’