বিশ্বৰ ভিতৰতে এতিয়া কৰ’নাৰ হটস্পট হৈ পৰিছে ভাৰত। দেশত দৈনিক কৰ’না সংক্ৰমণৰ ঘটনাৰ ক্ষেত্ৰত বিশ্বৰেকৰ্ডৰ ধাৰা অব্যাহত আছে।
বুধবাৰে বিশ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি প্ৰথমবাৰৰ বাবে প্ৰায় ৩লাখ ১৫হাজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছিল।
মাত্ৰ ২০ দিনৰ ভিতৰতেই দেশত কৰ’না আক্ৰান্ত সংখ্যা ১লাখৰ পৰা বৃদ্ধি পাই প্ৰায় চাৰে তিনি লাখ পালে।
দেওবাৰে পুৱা দাঙি ধৰা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত দেশত ৩লাখ ৪৯হাজাৰ ৬৯১ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। এয়া দৈনিক সংক্ৰমণৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক।
উল্লেখ্য যে ইয়াৰ ভিতৰত সৰ্বাধিক সংক্ৰমণৰ ঘটনা ঘটিছে মহাৰাষ্ট্ৰত। যোৱা ২৪ ঘন্টাত অকল মুম্বাইতে ৬হাজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছে। সেইদৰে দিল্লীতো অৱস্থা শোচনীয়।
দেশত এতিয়া মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১কোটি ৬৯লাখ ৬০হাজাৰ ১৭২জন।
বিগত ২৪ ঘন্টাত দেশত ২হাজাৰ ৭৬৭ জন লোকৰ কৰ’নাত মৃত্যু হৈছে। দেশত এতিয়া মুঠ মৃত্যুৰ সংখ্যা ১লাখ ৯২হাজাৰ ৩১১জনলৈ বৃদ্ধি পাইছে।
ইপিনে, বিগত ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ২লাখ ১৭হাজাৰ ১১৩৮জন লোকে। এয়া দৈনিক আক্ৰান্তৰ সংখ্যাতকৈ বহু কম।
ইপিনে দেশত মুঠ সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা ২৬লাখ ৮২হাজাৰ ৭৫১জনলৈ বৃদ্ধি পালে।
দেশত এতিয়ালৈকে মুঠ ১কোটি ৪০লাখ ৮৫হাজাৰ ১১০জন লোক কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে।
আনহাতে, দেশত এতিয়ালৈ মুঠ ১৪ কোটি ৯ লাখতকৈ অধিক লোকে কৰ’নাৰ ভেকচিন লাভ কৰিছে।
দেশত কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে টীকাকৰণৰ গতি বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। অহা ১ মে’ৰ পৰা ১৮ বছৰৰ উৰ্ধৰ প্ৰত্যেককে কৰ’নাৰ ভেকচিন দিয়া হ’ব।
সেইদৰে টীকাকৰণৰ সমান্তৰালভাৱে ৰোগী চিনাক্ত কৰাৰ বাবে টেষ্টিঙো চলাই থকা হৈছে। কালিৰ দিনটোত দেশত ১৭লাখ ১৯হাজাৰ ৫৮৮টা নমুনা পৰীক্ষা কৰা হৈছে।