• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ভেকচিন কিয় লাগে আৰু ই শৰীৰত কেনেকৈ কাম কৰে?

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
April 25, 2021 4:56 pm
932075-924710-917966-covid-19-vaccination-new
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যিকোনো ৰোগৰ প্ৰতিষেধকবিলাকৰ কাম হ’ল ৰোগ সৃষ্টিকাৰী বীজাণুবিধৰ এটা নক্সা বা আৰ্হিৰূপ (blueprint) শৰীৰত ভৰাই দিয়া।

মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাটোৰ বীজাণুৰ বিৰুদ্ধে যুঁজিবলৈ নিজা কৌশল থাকে। যেতিয়া শৰীৰটো এটা বীজাণুৰ সংস্পৰ্শলৈ আহে, তেতিয়া এই প্ৰতিৰোধ কৌশলটোৱে শৰীৰৰ immune system-টোক বীজাণুটোৰ বিৰুদ্ধে সজাগ কৰি দিয়ে বা আহ্বান কৰে।

Apply Now

যদি বীজাণুটো পূৰ্বৰ চিনাকি হয় (অৰ্থাৎ পূৰ্বে ইয়াৰ বিৰুদ্ধে যুঁজাৰ অভিজ্ঞতা থাকে), তেতিয়া প্ৰতিৰোধ কৌশলটোৱে নিজৰ স্মৃতিত সংৰক্ষিত থকা পূৰ্বৰ কৌশলটোৰ জৰিয়তে ইয়াক ধ্বংস কৰে (এই কাৰণেই এবাৰ Covid-19 ভাইৰাছত আক্ৰান্ত হৈ আৰোগ্য হোৱা লোকৰ পুনৰ ইয়াৰ সংস্পৰ্শত আহিলেও অসুবিধাত পৰাৰ সম্ভাৱনা তুলনামূলকভাৱে কম থাকে)।

যিহেতু এটা বীজাণুৰ বিৰুদ্ধে যুঁজ দিবলৈ সেই বীজাণুটো কেনেকুৱা বা তাৰ বৈশিষ্ট্যবোৰ কি কি, সেই বিষয়ে শৰীৰৰ প্ৰতিৰোধ ব্যৱস্থাটোৰ জ্ঞান থাকিব লাগিব, এইখিনিতে ভেকচিনৰ প্ৰয়োজন আহি পৰে। ই আগতীয়াকৈ বীজাণুটোৰ এটা আৰ্হি (blueprint) শৰীৰৰ প্ৰতিৰোধ ব্যৱস্থাটোক যোগান ধৰে।

এটা বীজাণুৰ কেইবাটাও অংশ (subparts) থাকে, যিবোৰ সেই নিৰ্দিষ্ট ৰোগ সৃষ্টিকাৰী বীজাণুটো আৰু ই সৃষ্টি কৰা ৰোগটোৰ বিশেষত্বযুক্ত আৰু মৌলিক। এই মৌলিক বিশেষত্বযুক্ত অংশবোৰক বীজাণুবিধৰ এণ্টিজেন বুলি কোৱা হয় আৰু এইবোৰৰ আধাৰতে আমাৰ শৰীৰটোৱে নিৰ্দিষ্ট বীজাণুটোৰ বিৰুদ্ধে প্ৰতিৰক্ষী বা এণ্টিব’ডি (antibody) গঢ়ি তোলে।

বীজাণুবিধৰ এণ্টিজেনৰ বিৰুদ্ধে সৃষ্টি কৰা এই এণ্টিব’ডিবোৰ আমাৰ immune system-টোৰ গুৰুত্বপূৰ্ণ অংশ হৈ পৰে। এইবোৰক আমাৰ শৰীৰটোৰ প্ৰতিৰক্ষা প্ৰণালীটোৰ সৈনিক বুলি ক’ব পাৰি। এইবোৰৰ প্ৰতিটোক immune system-টোৱে নিৰ্দিষ্ট এটা এণ্টিজেনক চিনাক্ত কৰিবলৈ প্ৰশিক্ষিত কৰে। আমাৰ শৰীৰত এনেকুৱা হাজাৰ হাজাৰ এণ্টিব’ডি থাকে।

কিন্তু যেতিয়া আমাৰ শৰীৰটো এটা বীজাণুৰ প্ৰথমবাৰৰ বাবে সন্মুখীন হয়, তেন্তে immune system-টোক ইয়াৰ প্ৰতিক্ৰিয়া কৰিবলৈ আৰু ইয়াৰ বিৰুদ্ধে এণ্টিব’ডি সৈনিকবোৰ সৃষ্টি কৰিবলৈ কিছু সময়ৰ দৰকাৰ হয়।

এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱালৈকে immune system-টো দুৰ্বল লোক এজন গুৰুতৰ ধৰণে অসুস্থ হৈ পৰিব পাৰে বা তাৰ ফলত মৃত্যু ঘটিব পাৰে।

গতিকে ভেকচিনৰ জৰিয়তে শৰীৰক আগতীয়াকৈ বীজাণুবিধৰ এণ্টিজেন যোগান ধৰা হয়, যাৰ পৰা immune system-টোৱে ইয়াৰ বিৰুদ্ধে এণ্টিব’ডি সৃষ্টি কৰি ৰাখিব পাৰে।

নতুন ভেকচিনবোৰে বীজাণুবিধৰ এণ্টিজেন প্ৰত্যক্ষভাৱে যোগান ধৰাৰ পৰিৱৰ্তে, এই এণ্টিজেনবোৰ সৃষ্টি কৰাৰ এটা আৰ্হিৰূপহে(blueprint) শৰীৰক যোগান ধৰে। Covid-19 vaccine সন্দৰ্ভত বিশ্বস্বাস্থ্য সংস্থাৰ মতটো হ’ল— এণ্টিজেন বা এণ্টিজেনৰ আৰ্হিৰূপ লৈ সৃষ্টি কৰা ক’ভিড ভেকচিনে ব্যক্তিজনৰ শৰীৰত ৰোগবিধ সৃষ্টি নকৰে। কাৰণ ই হ’ল বীজাণুবিধৰ দুৰ্বলীকৃত সংস্কৰণ। কিন্তু ই শৰীৰৰ প্ৰতিৰোধ প্ৰণালীটোক তীব্ৰ প্ৰতিক্ৰিয়া কৰিবলৈ বাধ্য কৰিব পাৰে, কাৰণ ই প্ৰকৃত বীজাণুবিধৰ বিৰুদ্ধে প্ৰথমবাৰ প্ৰতিক্ৰিয়া কৰিছে।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd