• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱত সম্পূর্ণ বাণীৱদ্ধ ৰূপত মহাপুৰুষ মাধৱদেৱৰ ‘নামঘোষা’ উন্মোচন

মুৰুলী বৰুৱা by মুৰুলী বৰুৱা
April 25, 2021 9:00 pm
Nagaon11
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাপুৰুষৰ শ্ৰীমন্ত মাধৱদেৱৰ অমূল্য সৃষ্টি ‘নামঘোষা’ৰ সম্পূর্ণ বাণীৱদ্ধ ৰূপ দেওবাৰে নগাঁও চহৰৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় চৌহদত উন্মোচন কৰা হয়।

ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ উপাধ্যক্ষা তথা সংগীত শিল্পী সংগীতা বৰুৱা বৰাই কন্ঠ দান কৰা নামঘোষাৰ সম্পূর্ণ এহেজাৰ এটা ঘোষাৰ বাণীৱদ্ধ ৰূপ উন্মোচন কৰে শংকৰী সাহিত্য-সংস্কৃতিৰ গৱেষক বৰ্ষীয়ান সাহিত্যিক তিলকচন্দ্ৰ মজুমদাৰে।

Apply Now

হেজাৰী ঘোষা নামে খ্যাত ‘নামঘোষা’ৰ বাণীৱদ্ধ ৰূপ উন্মোচন কৰি বৰ্ষীয়ান সাহিত্যিক তিলকচন্দ্ৰ মজুমদাৰে ‘নামঘোষা’ক বাণীৱদ্ধ ৰূপত সজাই তোলা সংগীত বৰুৱা বৰাৰ লগতে প্ৰযোজক ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাৰ প্ৰচেষ্টাৰ শলাগ লৈ  কয় যে এই কাৰ্যৰ দ্বাৰা আজি অসমীয়া বৈষ্ণৱ সাহিত্য- সংস্কৃতিৰ উন্নয়ণ আৰু প্ৰগতিৰ এক নতুন দিশ উন্মোচিত হ’ল। ভক্তি মাৰ্গৰ দিশত সমগ্ৰ বিশ্বৰ শ্রেষ্ঠ পুথিসমূহৰ অন্যতম মহাপুৰুষ মাধৱদেৱৰ ‘নামঘোষা’ শাস্ত্ৰখন সত্ৰ, নামঘৰৰ পৰা আৰম্ভ কৰি সাধাৰণ শ্ৰেণী মানুহৰ মনৰ মাজতো সোমাই পৰিছে। সেয়ে বিশ্বৰ ভিতৰতে এনে এখন শ্ৰেষ্ঠ শাস্ত্ৰক বাণীৱদ্ধ ৰূপ দিয়াটো ঐতিহ্যপূর্ণ কথা।

আনহাতে এচাম সুবিধাবাদী লোকৰ নীতিয়ে অসমৰ সাহিত্য-সংস্কৃতি বিপদাপন্ন কৰি তোলা বুলি উল্লেখ কৰি মজুমদাৰে কয় যে এক অপশক্তিয়ে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ নীতি আৰ্দশৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। এনে অপশক্তিক আমি সকলোৱে মিলি প্ৰতিহত কৰিব লাগিব। গুৰু দুজনাৰ আদৰ্শৰে আমি আগবাঢ়ি যাব লাগিব। জাতীয় সাহিত্য-সংস্কৃতিৰ প্ৰতি আমি সচেতন হব লাগিব।

ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাই আঁত ধৰা অনুষ্ঠানত ‘নামঘোষা’ৰ বাণীৱদ্ধ ৰূপত কন্ঠদান কৰা সংগীতা বৰুৱা বৰাই মহাপুৰুষ মাধৱদেৱৰ কৃতি আৰু সৃষ্টিৰাজিক যুগোপযোগী মাধ্যমেৰে বৰ্তমান আৰু ভৱিষ্যৎ প্ৰজন্মৰ দৃষ্টিগোচৰ কৰোৱাটোকে উদ্দেশ্য বুলি মন্তব্য কৰে।

‘নামঘোষা’ৰ ক্ষেত্ৰত গুৰুজনাই কোনো নির্দিষ্ট সুৰ আৰোপিত কৰি থৈ নোযোৱাৰ বাবে লোক সুৰৰ আধাৰত কন্ঠ নিগৰাই বুলি জানিবলৈ দি শিল্পী গৰাকীয়ে কয়, “এই ক্ষেত্রত মোৰ কণ্ঠ  উদ্দেশ্য নহয়। মথো গুৰুজনাৰ অমৰ সৃষ্টিক যুৱ প্ৰজন্মক পৰিচয় কৰাই দিয়াটোহে মোৰ লক্ষ্য।”

উল্লেখ্য যে ‘নামঘোষা’ক সম্পূর্ণ বাণীৱদ্ধ ৰূপত কন্ঠদান কৰা সংগীতা বৰুৱা বৰা প্ৰথম গৰাকী মহিলা বুলি  নামঘোষা’ৰ বাণীৱদ্ধ ৰূপটিৰ পৰিচালক প্ৰদীপ বৰাই জানিবলৈ দিয়ে।

দিলীপ বৰাই প্ৰযোজনা কৰা নামঘোষাৰ বাণীৱদ্ধ ৰূপৰ সংগীত ব্যৱস্থাপনা কৰিছে শিল্পী প্ৰাঞ্জল বৰাই। কোভিড প্ৰট’কল মানি অনুষ্ঠিত অনাড়ম্বৰ অনুষ্ঠানত নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা, সম্পাদক চন্দন জ্যোতি বৰা, সাংবাদিক জিতেন বৰকটকী, পলাশ প্ৰতিম হাজৰিকা, অখিল দাস, ভাস্কৰজ্যোতি শইকীয়া, সমাজসেৱী উপমা মজুমদাৰ, ঘন শইকীয়া উপস্থিত থাকে।

উল্লেখ্য, ‘নামঘোষা’ৰ বাণীৱদ্ধ ৰূপটি ৱেবচাইট :  www.sangeetabaruahbora.com ত উপলব্ধ হ’ব বুলি প্ৰযোজক দিলীপ বৰাই জানিবলৈ দিয়ে।

মুৰুলী বৰুৱা

মুৰুলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd