• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিডৰ বিৰুদ্ধে আমি সকলোৱে একলগে যুঁজ দিয়াৰ প্ৰয়োজন: ছোনিয়া গান্ধী

কৰ’নাৰ দ্বিতীয়টো ঢৌৰ প্ৰতি সঁহাৰি দিয়াৰ ক্ষেত্ৰত মোদী চৰকাৰে জনসাধাৰণৰ প্ৰতি তীব্ৰ উদাসীনতা প্ৰদৰ্শন কৰি এক বিভীষিকাৰ সৃষ্টি কৰিছে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 27, 2021 10:27 am
SONIA-INTERVIEW

ফটো সৌজন্য: ইণ্ডিয়ান এক্সপ্ৰেছ।

185
VIEWS
Share on FacebookShare on Twitter

ভাৰতত বৰ্তমান যিটো ঘটিছে সেয়া অত্যন্ত ভয়াৱহ আৰু মই সকলোৰে কুশল কামনা কৰিছো আৰু কোভিডৰ সৈতে যুঁজ দিয়াৰ ক্ষেত্ৰত সকলোকে সাৱধানতা, প্ৰতিৰোধ আৰু চিকিৎসাৰ প্ৰয়োজনীয়তা মনত ৰাখিবৈ আহ্বান জনাইছো।

ৰাষ্ট্ৰীয় সংবাদ পত্ৰ ইণ্ডিয়ান এক্সপ্ৰেছক দিয়া এক সাক্ষাৎকাৰত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে এইদৰে কয়।

কোভিডত আক্ৰান্ত ৰাহুল গান্ধীৰ স্বাস্থ্য বৰ্তমান উন্নত হোৱা বুলি জানিবলৈ দি ছোনিয়া গান্ধীয়ে লগতে কয় যে কোভিড হৈছে এক আগতীয়াকৈ ক’ব নোৱাৰা ৰোগ আৰু আমি কিছুদিনলৈ ইয়াৰ বাবে লক্ষ্য কৰিব লাগিব তথা অপেক্ষা কৰিব লাগিব।

য০ মনমোহন সিঙৰ স্বাস্থ্যক লৈ চিন্তা ব্যক্ত কৰি ছোনিয়া গান্ধীয়ে কয় যে কোভিডত আক্ৰান্ত হৈ বহু চিনাকি–আত্মীয় তথা দেশৰ নাগৰিক এই মহামাৰী কালত এক অভাৱনীয় সংকটৰ সন্মুখীন হৈছে।

তেওঁ কয় যে এয়া হৈছে শেহতীয়াকৈ আমি দেখা আটাইতকৈ গুৰুতৰ ৰাজহুৱা স্বাস্থ্য সংকট। এই সময়ত প্ৰথমতেই আমি স্বচ্ছতা তথা দায়বদ্ধতাৰে জনসাধাৰণৰ সৈতে ঐক্যবদ্ধ হৈ এই মুহূৰ্তত মানুহৰ জীৱন বচোৱাতকৈ যে আন একো গুৰুত্বপূৰ্ণ নহয় তাক স্বীকৃতি দিবলৈ চৰকাৰক হেঁচা দিব লাগে।

শ্ৰীমতী গান্ধীয়ে কয় যে বৰ্তমান আমি প্ৰত্যক্ষ কৰা নেতৃত্ব আশ্চৰ্যজনক তথা উদাসীন। এয়া যেন সকলো ধৰণৰ শাসন দায়বদ্ধতাৰ পৰা আঁতৰি আমাৰ জনসাধাৰণক এলাগী কৰি ৰখাৰ দৰে হৈছে।

তেওঁ উল্লেখ কৰে যে সেয়েহে বিৰোধী হিচাপে আমাৰ ভূমিকা হৈছে জনসাধাৰণৰ কথা শুনা আৰু তেওঁলোকৰ সকলো সমস্যা অধিক সক্ৰিয়ভাৱে তুলি ধৰা। আমি এতিয়া চৰকাৰক কাৰ্য ৰূপায়নৰ বাবে যিমান সম্ভৱ পাৰো হেঁচা দিব লাগিব।

শ্ৰীমতী গান্ধীয়ে দোহাৰে যে সময়মতে কাৰ্য ব্যৱস্থা গ্ৰহণ, নেতৃত্ব প্ৰদান তথা কোভিড ব্যৱস্থাপনাই এতিয়াও লাখ লাখ লোকৰ জীৱন বচাব পাৰে।

তেওঁ কয় যে দ্বিতীয়তে আমাৰ দায়িত্ব হৈছে নেতা-কৰ্মীসকলৰ নেটৱৰ্ক ব্যৱহাৰ কৰি ভুক্তভোগী জনসাধাৰণক যিমান পাৰি সহায়-সাহায্য তথা শুশ্ৰুষা আগবঢ়োৱা।

ছোনিয়া গান্ধীয়ে লগতে কয় যে আমাৰ দলে প্ৰতিখন ৰাজ্যতে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। আমাৰ যুৱ কংগ্ৰেছকে ধৰি সংগঠনকেইটাই মানুহক যিমান পাৰে সহায় কৰিবলৈ আগবাঢ়ি আহিছে। অক্সিজেনৰ সুবিধা কৰি দিয়া, বিছনা তথা দৰৱ আদি যোগান ধৰাৰ দৰে কাম কৰি আছে।

তেওঁ উনুকিয়াই দিয়ে যে তেওঁ আৰু আন কেইবাগৰাকীও সতীৰ্থ নেতাই কংগ্ৰেছ শাসিত ৰাজ্য চৰকাৰসমূহৰ সৈতে নিয়মিত সম্পৰ্ক ৰক্ষা কৰি আছে।

কৰ’নাৰ দ্বিতীয়টো ঢৌৰ প্ৰতি সঁহাৰি দিয়াৰ ক্ষেত্ৰত মোদী চৰকাৰে জনসাধাৰণৰ প্ৰতি তীব্ৰ উদাসীনতা প্ৰদৰ্শন কৰি এক বিভীষিকাৰ সৃষ্টি কৰিছে।

শ্ৰীমতী গান্ধীয়ে অভিযোগ কৰি কয় যে চৰকাৰে কৰ’নাৰ ব্যাপক সংক্ৰমণৰ ক্ষেত্ৰত নেতৃত্ব তথা ব্যৱস্থাপনা আগবঢ়োৱাৰ পৰিৱৰ্তে বিধানসবা নিৰ্বাচনৰ প্ৰতি অধিক মনোনিৱেশ কৰিছে। এতিয়াও তেওঁলোকৰ সিদ্ধান্তসমূহ একপক্ষীয় তথা বিভাজনকামী। তেওঁলোকৰ নকল ভূমিকা অক্ষমণীয়।

তেওঁ চৰকাৰৰ শাসন ব্যৱস্থা সম্পূৰ্ণৰূপে ভাগি পৰা বুলি দাবী কৰি কয় যে ইয়াৰ প্ৰস্তুতি বা কৌশল দেখা যোৱা নাই। চৰকাৰে বিৰোধীয়ে বাৰে বাৰে আগবঢ়োৱা পৰামৰ্শ অস্বীকাৰ কৰি বিৰোধীক আতংক বিয়পোৱা বুলিহে অভিযুক্ত কৰিব বিচাৰিছে।

ছোনিয়া গান্ধীয়ে চৰকাৰখন প্ৰতিটো পদক্ষেপতে ব্যৰ্থ হোৱাৰো অভিযোগ তোলে। তেওঁ আক্ষেপ কৰে যে আমি আহি উপনীত হোৱা পৰিস্থিতিটো সঁচাকৈয়ে মৰ্মান্তিক। শাসনত থকাসকলে প্ৰাথমিকতাসমূহক অগ্ৰাধিকাৰ নিদিয়াৰ বাবে জীৱনবোৰ হেৰুৱাবলগীয়া হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে শ্ৰীমতী গান্ধীয়ে কয় যে ভাইৰাছ সৰ্বত্ৰ বিয়পিছে। বিগত এবছৰে কংগ্ৰেছ দলে চৰকাৰক ইয়াৰ পূৰ্ণ সহযোগ আগবঢ়াই আহিছে। আমি বিশ্বাস কৰোঁ যে কোভিড ‘আপোনাৰ আৰু মোৰ মাজত’ এক যুঁজ নহয় কিন্তু এয়া এক ‘কৰ’না আৰু আমাৰ’ যুঁজ। সেয়ে, এই যুঁজ ৰাজনৈতিক সীমাৰ উৰ্ধত। আমি এখন ৰাষ্ট্ৰ হিচাপে একেলগে ইয়াৰ বিৰুদ্ধে যুঁজ দিব লাগিব। মোদী চৰকাৰে উপলব্ধি কৰিব লাগিব যে যুঁজখন কোভিডৰ বিৰুদ্ধেহে, এয়া কংগ্ৰেছ বা আন ৰাজনৈতিক বিৰোধী দলৰ বিৰুদ্ধে নহয়।

Recent News

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd