দেশজুৰি এতিয়া ক’ৰ’নাৰ দ্বিতীয়টো ঢৌৱে চৰকাৰৰ লগতে সাধাৰণ জনতক ত্ৰাসিত তথা চিন্তিত কৰি তুলিছে।
এনে পৰিস্থিতিত দেশৰ কেইবা খনো ৰাজ্যত সথগিত অথবা বাতিল কৰা হৈছে বহু গুৰুত্বপূৰ্ণ পৰীক্ষা।
ক’ৰ’নাতংকৰ বাবেই আজি কেন্দ্ৰীয় চৰকাৰে NEET PG পিচুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী মুখপাত্ৰই এই কথা প্ৰকাশ কৰে।
মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰা মতে ক’ৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কমেও চাৰি মাহৰ বাবে NEET PG পিচুৱাই দিয়া হৈছে। পৰীক্ষাৰ পৰৱৰ্তী দিন পিছত ঘোষণা কৰা হ’ব বুলি তেওঁ কয়।
নতুনকৈ তাৰিখ ঘোষণাৰ পিছত শিক্ষাৰ্থীসকলক অধ্যয়নৰ বাবে অতিৰিক্ত এমাহ সময় দিয়া হ’ব বুলিও তেওঁ জনায়।
তদুপৰি কোভিড ৰোগীৰ চিকিৎসাৰ বাবে অতিৰিক্ত চিকিৎসকৰ প্ৰয়োজন হোৱা বাবে চৰকাৰে এমবিবিএছৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলকো চিকিৎসা সেৱাত নিয়োজিত কৰাৰ সিদ্ধান্ত লৈছে।
এনে পৰিস্থিতিত NEET PG অনুষ্ঠিত কৰিলে চিকিৎসকৰ সংখ্যা কমি যোৱাৰ সম্ভাৱনা আছে।
সেয়ে চৰকাৰে NEET PG কমেও চাৰি মাহলৈ পিচুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি চৰকাৰী মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে।
তেওঁ লগতে কয় যে এমবিবিএছৰ চূড়ান্ত বৰ্ষৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে কমেও ১০০ দিন কোভিড ৰোগীৰ চিকিৎসাত আত্মনিয়োগ কৰিব তেওঁলোকে পৰৱৰ্তী সময়ত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিব।