কৰ’নাই এতিয়া সকলোতে আতংকৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিৰ মাজত আৰটিপিচিআৰ পৰীক্ষাক লৈ বিয়পি পৰা কিছুমান তথ্যই বিভিন্নজনক আৰু অধিক আতংক সৃষ্টি কৰিছে। বহুসময়ত এই পৰীক্ষাত সঠিক ফলাফল পোৱা হোৱা নাই বুলি কোৱা হৈছে।
ইয়াৰ বাবেই এতিয়া কৰ’না আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰিবলৈ চিটি স্কেনৰ বাবে মানুহৰ লৰাঢপৰা লাগিছে। বহুতেই কোভিড-১৯ৰ সামান্য উপসৰ্গ দেখা দিলেই চিটি স্কেন কৰিবলৈ দৌৰিছে।
কিন্তু দৰাচলতে চিটি স্কেন কৰাটো জৰুৰীনে? ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া থাকিব পাৰে নেকি সেইবিষয়ে চিকিৎসকসকলে কি কয়?
সোমবাৰে এক সংবাদমেলত এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই এই সম্পৰ্কত কিছু কথা স্পষ্ট কৰে। তেওঁ কয় যে কৰ’নাৰ মৃদু উপসৰ্গ থাকিলেই চিটি স্কেন কৰাৰ প্ৰয়োজন নাই। চিকিৎসকৰ পৰামৰ্শ লৈহে এই পৰীক্ষা কৰা উচিত।
ডাঃ গুলেৰিয়াই কয় যে অতি প্ৰয়োজন হ’লে চিকিৎসকৰ পৰামৰ্শ লৈ এক্স-ৰে কৰিব পাৰে। ইয়াৰ ফলত ক্ষতি বহুত কম হ’ব। কিয়নো এবাৰ চিটি স্কেন কৰিলে ৩০০ৰপৰা ৪০০বাৰ বুকুৰ এক্স-ৰে কৰাৰ সমান ক্ষতি হয়।
তেওঁ জানিবলৈ দিয়ে যে ইয়াৰ ফলত পাছত কেঞ্চাৰলৈ গতি কৰিব পাৰে। তদুপৰি, এই ক্ষতি কম বয়সীয়াসকলৰ ক্ষেত্ৰত অধিক হয়। সেয়ে চিটি স্কেনৰ সলনি এক্স-ৰে কৰি লোৱা উচিত। অৱশ্যে এই সকলো চিকিৎসকৰ পৰামৰ্শ লৈ কৰা উচিত।
এইমছ সঞ্চালকগৰাকীয়ে লগতে কয় যে কৰ’নাৰ প্ৰথম পৰ্যায়ত বহুতেই অধিক মাত্ৰাত ষ্টেৰ’য়েড লৈ লৈছে। ইয়াতো উপকাৰতকৈ অধিক ক্ষতি হৈছে। অধিক ষ্টেৰ’য়েড ল’লে নিউম’নিয়া পৰ্যন্ত হ’ব পাৰে আৰু ই হাওঁফাওঁক ক্ষতি কৰিব।
ডাঃ গুলেৰিয়াই কয় যে সাধাৰণ উপসৰ্গত দৰৱ খালেই কৰ’না ভাল হয়। তেনেক্ষেত্ৰত অধিক মাত্ৰাত ষ্টেৰ’য়েড লোৱাৰ কোনো প্ৰয়োজন নাই। পৰিস্থিতিৰ অৱনতি ঘটি বেয়াকৈ আক্ৰান্ত ৰোগীক সুস্থ কৰি তুলিবলৈহে ষ্টেৰ’য়েড ব্যৱহাৰ কৰা হয়।





